ৰমেশ চন্দ্ৰ কলিতা
অৱয়ব
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ০৯ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
[[শ্ৰেণী:সাময়িক সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠা|{{#if:2025-02-09|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "}"]]
| এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
| ৰমেশ চন্দ্ৰ কলিতা | |
|---|---|
| জন্ম | ১৯৪৮ কেন্দুকোণা, কামৰূপ জিলা, অসম |
| পেচা |
|
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| দাম্পত্যসংগী | জয়শ্ৰী কলিতা |
| সন্তান | ঈশানী কলিতা আৰু শ্ৰাৱানী কলিতা |
ৰমেশ চন্দ্ৰ কলিতা (ইংৰাজী: Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক আৰু সম্পাদক। তেওঁ ভাৰত আৰু অসমৰ ইতিহাস বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেতে তেজপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।[1]
জন্ম
[সম্পাদনা কৰক]তেখেতৰ জন্ম হৈছিল ১৯৪৮ চনত কামৰূপ জিলাৰ কেন্দুকোণাত। পিতৃৰ নাম (প্ৰয়াত) বালিৰাম কলিতা আৰু মাতৃৰ নাম (প্ৰয়াত) উলুপী কলিতা[1]
শিক্ষা
[সম্পাদনা কৰক]- প্ৰাথমিক শিক্ষাঃ আঠৰা প্ৰাথমিক বিদ্যালয়, আঠৰা, (পুঠিমাৰী)
- উচ্চতৰ মাধ্যমিক শিক্ষাঃ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণেশ্বৰ।
- ১৯৭০ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা ইতিহাস বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ইতিহাসত এম.এ., ১৯৭২
- ১৯৯০ঃ পি.এইচ.ডি. ইতিহাস বিভাগত। বিষয়ঃ "অসমত ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত গণ আন্দোলনৰ ভূমিকাৰ অধ্যয়ন, ১৮৫৭-১৯৪২"
চাকৰি আৰু পাৰিবাৰিক জীৱন
[সম্পাদনা কৰক]১৯৭৩-২০০৭ চনৰ ভিতৰত তেজপুৰ মহাবিদ্যালয়ত ইতিহাসৰ অধ্যাপনা কৰিছিল আৰু ২০০৭ চনৰ ৩১ মাৰ্চত সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল তেজপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতিৰ সহযোগী অধ্যাপিকা জয়শ্ৰী কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে; ঈশানী কলিতা আৰু শ্ৰাৱানী কলিতা।[1]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]অসমীয়া
[সম্পাদনা কৰক]- ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ১৯৮৬
- আধুনিক অসমৰ ইতিহাস (ঔপনিৱেশিক আমোলত অসম) (ড° জয়শ্ৰী কলিতাৰ সৈতে) ২০০৮
- তত্ত্ব তথ্য ইতিহাস আৰু বিতৰ্ক, ২০০৮[2]
- তত্ত্ব তথ্য আৰু ইতিহাস, ২০১২
- অসমৰ কালানুক্ৰমিক ইতিহাস, অসম প্ৰকাশন পৰিষদ, ২০০৬
- বিশ্ব সভ্যতাৰ জিলিঙনি, অসম প্ৰকাশন পৰিষদ, ২০০৭
- স্বাধীনতা আন্দোলন আৰু অসম, অসম প্ৰকাশন পৰিষদ, সম্পাদিত, ২০০৮[3]
- কালান্তৰৰ গদ্য, ২০১৮
- লক্ষ্মীনাথ বেজবৰুৱা আৰু অন্যান্য, ২০১৮
- অসমীয়া মানুহৰ ৰাজনৈকি সূত্ৰায়ন, ২০১৮
- প্ৰাচীন সভ্যতাৰ ইতিহাস, ২০১১
ইংৰাজী কিতাপ
[সম্পাদনা কৰক]- History of Land Rights in the Brahmaputra Valley, 1997
- A Bunch of Discursive Essays, 2001
- Assam in the Eighteenth Century, Omsons Publications, New Delhi, 1992
- Assam Association: A Study in Regionalism, 2008
- Jawaharlal Nehru and the Indian Freedom Movement, 2006
- Situating Assamese Middle Class: The Colonial Period, 2011
- Agrarian Unrest in Assam, 2014
- Quit India Movement in Assam, 2014
- Assam: The British Colonial State and Its Legitimation, 2018 (HK.Barpujari Endowment Lecture)
পাঠ্যপুথি প্ৰণয়ন
[সম্পাদনা কৰক]- প্ৰাচীন সভ্যতা (ঐছিক বিষয়) অষ্টম শ্ৰেণীৰ বাবে
- আধুনিক বিশ্বৰ ইতিহাস, (দশম শ্ৰেণীৰ বাবে) চেবা, ২০০৯
- সমসাময়িক বিশ্বৰ ইতিহাস (দশম শ্ৰেণীৰ বাবে) চেবা, ২০০৫
- উচ্চতৰ মাধ্যমিক বুৰঞ্জী, প্ৰথম বৰ্ষৰ বাবে (দিপ্তী প্ৰসাদ বৰুৱাৰ সৈতে), ১৯৯৭
- উচ্চতৰ মাধ্যমিক বুৰঞ্জী, প্ৰথম বৰ্ষব বাবে, ২০০৫
- উচ্চতৰ মাধ্যমিক বুৰঞ্জী, চূড়ান্ত বৰ্ষৰ বাবে, ২০০৬
- প্ৰাচীন ভাৰতৰ ইতিহাস, ২০০৫
- আধুনিক ভাৰতবৰ্ষৰ ইতিহাস, ২০০৮
- তুৰ্কী-আফগান আমোলৰ ভাৰতবৰ্ষ, ২০১২
- ইষ্ট-ইণ্ডিয়া কোম্পানিৰ আমোলৰ ভাৰতবৰ্ষ, ২০১৩
- বৃটিশ ৰাজমুকুটৰ আমোলৰ ভাৰতবৰ্ষ, ২০১৩
- ১৯৪৫ চনৰ পৰৱৰ্তী বিশ্ব, ২০১৩
স্মাৰক বক্তৃতা
[সম্পাদনা কৰক]- ইতিহাস অধ্যয়নৰ আনন্দ আৰু আৱশ্যকতা, কন্দৰ্প তামোলী স্মাৰক বক্তৃতা, গোলাঘাট, জুন ২০০১
- ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ছাত্ৰৰ ভূমিকা, চিদানন্দ শইকীয়া স্মাৰক বক্তৃতা, বোকাখাট, ৫ অক্টোবৰ, ২০০৫
- মধ্যযুগৰ অসমৰ সমাজ-সংস্কৃতিৰ নব-মূল্যায়ন, সৰ্বেশ্বৰ ৰাজগুৰু স্মাৰক বক্তৃতা, নগাঁও কলেজ, ২ ফেব্ৰুবাৰী, ২০০৭
- অসমত পুঁজিবাদৰ বিকাশ (ঔপনিবেশিক আমোলত অসমৰ অৰ্থনৈতিক বিবৰ্তন আৰুজন প্ৰৱনৰ গুৰিকথা) বিমল চন্দ্ৰ বৰা স্মাৰক বক্তৃতা, কলিয়াবৰ, শিক্ষণ মহাবিদ্যালয়, কলিয়াবৰ, ৪ আগষ্ট, ২০০৮
- স্বাধীনতাৰ সন্ধানত স্বাধীনতাৰ সংগ্ৰামতঃ কমলাকান্ত দাস স্মাৰক বক্তৃতা, তেজপুৰ, ২৪ আগষ্ট ২০০৮
- মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ, মাণিক চন্দ্ৰ এম. ই. স্কুলৰ শত বাৰ্ষিকী স্মাৰক বক্তৃতা, উজান বজাৰ, ৭ ছেপ্তেম্বৰ, ২০১৪
অনুবাদ কৰা গ্ৰন্থ
[সম্পাদনা কৰক]- সমাজ সময় আৰু সাহিত্য, ছিৰাজুল ইছলাম চৌধুৰী, বাংলা[1]
- মধ্যযুগ, (উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে)
বঁটা
[সম্পাদনা কৰক]- অসমীয়া সাহিত্য সন্মিলনীৰ অম্বিকাচৰণ চৌধুৰী ইতিহাস চেতনা বঁটা, ২০২৫[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 4 সম্পা. ভাস্কৰ ভূঞা (২ ফেব্ৰুৱাৰী). "অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থ". অসমীয়া সাহিত্য সন্মিলনী.
- ↑ "Tattwa Tathya Etihas Aru Bitarka, তত্ব তথ্য ইতিহাস আৰু বিতৰ্ক : ড° ৰমেশ চন্দ্ৰ কলিতা". Publication: Akhar Prakash. https://scientiabooks.in/product/tattwa-tathya-etihas-aru-bitarka/। আহৰণ কৰা হৈছে: 30 January 2025.[সংযোগবিহীন উৎস]
- ↑ "Swadhinata Andolon Aru Asom স্বাধীনতা আন্দোলন৷ স্বাধীনতা আন্দোলন আৰু অসম সম্পাদনা ৷ ৰমেশ চন্দ্ৰ কলিতা৷". অসম প্ৰকাশন পৰিষদ. https://scientiabooks.in/product/swadhinata-andolon-aru-asom/। আহৰণ কৰা হৈছে: 30 January 2025.[সংযোগবিহীন উৎস]
- ↑ "অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান ২০২৩-২৫ সম্পন্ন". গণ অধিকাৰ. ৩, ২, ২০২৫.