সমললৈ যাওক

ৰম্ভা (অপ্সৰা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰম্ভা
Rambha
ৰাজা ৰবি বৰ্মাৰ তুলিকাত ৰম্ভাই শুক মুনিক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰাৰ দৃশ্য৷
সম্পৰ্ক অপ্সৰা
নিবাস স্বৰ্গ
সঙ্গী নলকুবেৰ

ৰম্ভা (সংস্কৃত: रम्भा) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী স্বৰ্গৰ অপ্সৰা৷ নৃত্য, সংগীত আৰু সৌন্দৰ্য্য কলাত এইগৰাকী অপ্সৰাৰ তুলনাবিহীন বুলি কোৱা হয়।

শ্ৰুতিকথা

[সম্পাদনা কৰক]

মহাকাব্য মহাভাৰতৰ আদি পৰ্ব মতে ৰম্ভা আৰু তেওঁৰ অপ্সৰা ভগ্নী অলম্বুষ, মিশ্ৰকেশী, বিদ্যুৎপৰ্ণ, তিলোত্তম, অৰুণা, ৰক্ষিতা, মনোৰমা, সুবহু, কেশিনী, সুৰতা আৰু সূৰজা ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী প্ৰধাৰ কন্যা।[1] ভাগৱত পুৰাণৰ মতে ৰম্ভাৰ মাতৃৰ নাম মুনি।[2]

কিছুমান পুৰাণ শাস্ত্ৰত ৰম্ভাৰ জন্ম সম্পৰ্কে ভিন্ন বিৱৰণ পোৱা যায়৷ সেই অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ক্ষীৰ সাগৰৰ পৰা ৰম্ভা আৰু অন্যান্য অপ্সৰাৰ উৎপত্তি হৈছিল।[3]

বিশ্বামিত্ৰৰ সৈতে মুখামুখি

[সম্পাদনা কৰক]
বিশ্বামিত্ৰৰ সন্মুখত ৰম্ভাই গীত গোৱাৰ দৃশ্য, মোগল ৰামায়ণৰ এখন চিত্ৰ৷

ঋষি-মুনিসকলে আত্মত্যাগ আৰু তপস্যাৰ দ্বাৰা যাতে দিব্য শক্তি লাভ কৰিব নোৱাৰে তাৰ বাবে দেৱতাৰ ৰজা ইন্দ্ৰই তেওঁলোকক প্ৰলোভিত কৰি তপস্যা ভংগ কৰিবৰ বাবে সঘনাই ৰম্ভা আৰু অন্যান্য অপ্সৰা সকলক পঠিয়ায়।[3][4]

মহাকাব্য ৰামায়ণৰ বালকাণ্ডত বৰ্ণিত এটা কাহিনী মতে বিশ্বামিত্ৰ ঋষিৰ তপস্যা বিঘ্নিত কৰিবলৈ দেৱৰাজ ইন্দ্ৰই ৰম্ভাক নিৰ্দেশ দিছিল৷ উল্লেখ্য যে এই বিশ্বামিত্ৰ ঋষি পূৰ্বতে মেনকা নামৰ আন এগৰাকী অপ্সৰাৰ দ্বাৰাও প্ৰলোভিত কৰা হৈছিল। সেয়ে ৰম্ভাক দেখা পাই তেওঁ ইন্দ্ৰই তেওঁক প্ৰলোভিত কৰিবলৈ আন এগৰাকী অপেশ্বৰী পঠিওৱাৰ কথা উপলব্ধি কৰি ক্ৰোধিত হৈ ৰম্ভাক দহ হাজাৰ বছৰ ধৰি যেতিয়ালৈকে এজন ব্ৰাহ্মণে অভিশাপৰ পৰা মুক্ত নকৰে তেতিয়ালৈকে শিল হৈ থকাৰ অভিশাপ দিয়ে।[3]

ৰাৱণৰ দ্বাৰা উৎপীড়ন

[সম্পাদনা কৰক]

ৰম্ভাক যক্ষৰ ৰজা কুবেৰৰ পুত্ৰ নলকুবেৰৰ পত্নী বুলি বৰ্ণনা কৰা হৈছে।[1]

ৰামায়ণৰ উত্তৰা কাণ্ডত লংকাৰ ৰজা আৰু কুবেৰৰ অৰ্ধ-ভাতৃ ৰাৱণে পৰ্বতৰ ওপৰত ৰম্ভাক দেখি তেওঁৰ সৌন্দৰ্য্যত মোহিত হৈ পৰে। তেওঁ ৰম্ভাৰ সৈতে কামনা চৰিতাৰ্থ কৰিব বিচাৰে, কিন্তু ৰম্ভাই নিজকে বোৱাৰী বুলি কৈ প্ৰতিবাদ কৰে। কিন্তু ৰাৱণে এগৰাকী অপ্সৰা কাৰো নহয় বুলি ৰম্ভাক উপহাস কৰে আৰু উৎপীড়ন কৰিবলৈ আগবাঢ়ি যায়। এই ঘটনাৰ কথা ৰম্ভাই পিছত স্বামীৰ আগত অৱগত কৰে৷[5] এই কথাত ক্ষুব্ধ হৈ নলকুবেৰে ৰাৱণক ভৎসনা কৰে আৰু যদি ৰাৱণে কেতিয়াবা কামনাৰ বাবে কোনো নাৰীৰ ওপৰত হিংসা কৰে তেন্তে তেওঁৰ মূৰটো সাত টুকুৰা হৈ যাব বুলি অভিশাপ দিয়ে। পিছত ৰাৱণে বলপূৰ্বক ৰামৰ পত্নী সীতাক অপহৰণ কৰে যদিও কেৱল এই অভিশাপৰ বাবেই ৰাৱণৰ কামনাৰ পৰা ৰক্ষা পৰে। সীতাক হৰণ কৰাৰ বাবে সীতাৰ পতি ৰামৰ হাতত ৰাৱণৰ মৃত্যু হয়।[1][6]

শুকৰ সৈতে মুখামুখি

[সম্পাদনা কৰক]

শৃংগাৰজ্ঞাননিৰ্নয় (আক্ষৰিক অৰ্থত ‘প্ৰেম আৰু জ্ঞানৰ মাজৰ পাৰ্থক্য’) নামৰ কাব্যত ৰম্ভাক ঋষি শুকক প্ৰলোভিত কৰিবলৈ পঠোৱাৰ ঘটনা বৰ্ণনা কৰা হৈছে৷ এই কাহিনীত ৰম্ভা আৰু শুক ঋষিৰ মাজত হোৱা বাৰ্তালাপ উপস্থাপন কৰা হৈছে। ৰম্ভাই শুকক প্ৰেম অবিহনে পুৰুষৰ জীৱন নিষ্ফল বুলি পতিয়ন নিয়াবলৈ কামুক সুৰ ব্যৱহাৰ কৰিছে আৰু ইয়াৰ বিপৰীতে শুকে পুৰুষে সৰ্বোচ্চ প্ৰজ্ঞা লাভ কৰিবলৈ অক্ষম হ’লে জীৱন অসাৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে।[7][8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Mani, Vettam (1975). "Rambhā". Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. p. 641-642. ISBN 978-0-8426-0822-0. 
  2. Handique, Krishnakanta (2001) (en ভাষাত). Apsarases in Indian Literature and the Legend of Urvaśī and Purūravas. Decent Books. ISBN 978-81-86921-16-6. https://books.google.com/books?id=w_JjAAAAMAAJ&q=muni+apsara. 
  3. 3.0 3.1 3.2 Walker, Benjamin (2019-04-09) (en ভাষাত). Hindu World: An Encyclopedic Survey of Hinduism. In Two Volumes. Volume II M-Z. Routledge. ISBN 978-0-429-62419-3. https://books.google.com/books?id=8J2RDwAAQBAJ&dq=rambh%C4%81+apsar%C4%81&pg=PT166. 
  4. Kulaśreshṭha, Sushamā (1997) (en ভাষাত). Erotics in Sanskrit & English Literature-I with Special Reference to Kālidāsa & Shakespeare. Eastern Book Linkers. ISBN 978-81-86339-48-0. https://books.google.com/books?id=j_FjAAAAMAAJ&q=rambh%C4%81+apsar%C4%81. 
  5. www.wisdomlib.org (2020-09-28). "Nalakuvara curses Ravana [Chapter 26"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-ramayana-of-valmiki/d/doc424792.html। আহৰণ কৰা হৈছে: 2022-07-13. 
  6. Austin, Christopher R. (2019-09-04) (en ভাষাত). Pradyumna: Lover, Magician, and Scion of the Avatara. Oxford University Press. ISBN 978-0-19-005413-7. https://books.google.com/books?id=HvarDwAAQBAJ&dq=rambh%C4%81&pg=PA195. 
  7. Winternitz, Moriz (1985) (en ভাষাত). History of Indian Literature. Motilal Banarsidass Publ.. ISBN 978-81-208-0056-4. https://books.google.com/books?id=ql0BmInD1c4C&dq=%C5%9Buka+rambh%C4%81&pg=PA168. 
  8. Chandran, Mini; V.S, Sreenath (2021-02-18) (en ভাষাত). An Introduction to Indian Aesthetics: History, Theory, and Theoreticians. Bloomsbury Publishing. ISBN 978-93-89165-13-5. https://books.google.com/books?id=qFMREAAAQBAJ&dq=%C5%9Buka+rambh%C4%81&pg=PT110.