সমললৈ যাওক

ৰম্য সুব্ৰমণিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰম্য সুব্ৰমণিয়াম

আদাই চলচ্চিত্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰম্য
জন্ম ৩০ জুলাই[1]
তাঞ্জাভুৰ, তামিলনাডু, ভাৰত
পেচা অভিনেত্ৰী, ইনড্লুৱেঞ্চাৰ
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
দাম্পত্যসঙ্গী অপৰাজিত জয়ৰমন (বি. ২০১৪; বিবি. ২০১৫)

ৰম্য সুব্ৰমণিয়াম (ইংৰাজী: Ramya Subramanian; জন্ম: ৩০ জুলাই), যাক ভিজে ৰম্য নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা। তেওঁ মূলতঃ তামিল চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰম্যৰ জন্ম হৈছিল তাঞ্জাভুৰত। তেওঁ পদ্মা শেষাদ্ৰী বালা ভৱনত দশম শ্ৰেণীৰ লৈকে শিক্ষা গ্ৰহণ কৰিছিল আৰু আদৰ্শ বিদ্যালয়ৰপৰা একাদশ আৰু দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছিল। তেওঁ চেন্নাইৰ এম.অ'.পি. বৈষ্ণৱ কলেজ ফৰ উইমেনৰপৰা ভিজুৱেল কমিউনিকেচনত বি.এছচি ডিগ্ৰী লাভ কৰিছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]
এটা অনুষ্ঠানত ৰম্য।

ৰম্যই ২০০৪ চনত মিছ চেন্নাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ষ্টাৰ বিজয় চেনেলৰ কালাক্কাপোভাডু য়াৰু?, উংগালিল য়াৰ আদুথা প্ৰভাদেৱা?, নাম্মা ভেটু কল্যাণম আৰু কেডি বয়জ কিলাডি গাৰ্লছ আদিকে ধৰি বিভিন্ন টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল।[3] বিবাহৰ পিছত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ টেলিভিছনৰ কাম কমাই দিব আৰু কামৰ ক্ষেত্ৰত অধিক নিৰ্বাচনী হ’ব।[4]

২০০৭ চনত ৰম্যই মোঝি চলচ্চিত্ৰত এক অনুল্লেখিত চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ পাতনি মেলে।[5] ২০১৫ চনত তেওঁ মণিৰত্নমৰ অ’ কাদাল কানমণিত দুলকুৱাৰ ছলমানৰ বান্ধৱী অনন্যাৰ চৰিত্ৰত অভিনয় কৰে।[6] একে বছৰতে তেওঁ ৯২.৭ বিগ এফ.এমত এগৰাকী আৰ.জে হিচাপে কাম কৰিবলৈ লয়।[7] ২০১৯ চনৰ আগষ্ট মাহত তেওঁ 'ডব্লিউ.ই মেগাজিন'ৰ ফিটনেছ স্পেচিয়েল সংখ্যাৰ বেটুপাতত স্থান পাইছিল।[8] ইয়াৰ উপৰি তেওঁ বহুতো অনুষ্ঠান আৰু বঁটা বিতৰণী সমাৰোহৰ আঁত ধৰিছে।[9]

ৰম্য এগৰাকী স্বাস্থ্য প্ৰশিক্ষকো।[10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰম্যই ২০১৪ চনত অপৰাজিত জয়ৰমনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৫ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Love and warmth leave birthday girl Ramya Subramanian all emotional". The Times of India. 31 July 2020. https://timesofindia.indiatimes.com/tv/news/tamil/love-and-warmth-leave-birthday-girl-ramya-subramanian-all-emotional/articleshow/77279181.cms.
  2. Das, Papri (5 December 2013). "VJ Ramya is anchoring for the fun of it". Deccan Chronicle. https://www.deccanchronicle.com/131205/entertainment-tvmusic/article/vj-ramya-anchoring-fun-it আহৰণ কৰা হৈছে: 16 June 2021.
  3. "VJ Ramya Subramanian is a fitness pro; her workout videos will inspire you". The Times of India. 3 May 2019. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/tamil/vj-ramya-subramanian-is-a-fitness-pro-her-workout-videos-will-inspire-you/articleshow/69166693.cms.
  4. CR, Sharanya (22 March 2014). "I am choosy about my work now: Ramya". The Times of India. http://timesofindia.indiatimes.com/tv/news/tamil/I-am-choosy-about-my-work-now-Ramya/articleshow/32428386.cms আহৰণ কৰা হৈছে: 10 January 2016.
  5. "VJ Ramya takes a 'kutty break' from social media to 'unplug'". The Times of India. 26 May 2020. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/vj-ramya-takes-a-kutty-break-from-social-media-to-unplug/articleshow/76001180.cms আহৰণ কৰা হৈছে: 16 June 2021.
  6. "Ramya Subramanian moves to big screen". Sify. 30 November 2014. http://www.sify.com/movies/ramya-subramanian-moves-to-big-screen-news-tamil-ol3tUmiabdbfg.html আহৰণ কৰা হৈছে: 10 January 2016.
  7. "Ramya is an RJ now". The Times of India. 1 September 2015. http://timesofindia.indiatimes.com/tv/news/tamil/Ramya-is-an-RJ-now/articleshow/48759113.cms আহৰণ কৰা হৈছে: 22 October 2015.
  8. "Ramya Subramanian Exclusive Photoshoot". WE Magazine. 7 August 2019. Archived from the original on 8 August 2019. https://web.archive.org/web/20190808065629/https://www.wemagazine.in/ramya-subramanian-exclusive-photoshoot/ আহৰণ কৰা হৈছে: 8 August 2019.
  9. "பிகில் இசை வெளியீட்டு விழாவை தொகுத்து வழங்கும் நடிகை!" (ta ভাষাত). tamil.news18.com. 15 September 2019. https://tamil.news18.com/photogallery/entertainment/bigil-audio-launch-vj-ramya-subramaniyam-confirms-msb-205929.html আহৰণ কৰা হৈছে: 28 January 2025.[সংযোগবিহীন উৎস]
  10. "இரண்டு வருஷம் தூக்கமில்லாமல் உழைத்து விஜே ரம்யா சாதித்த விஷயம்" (ta ভাষাত). Samayam Tamil. https://tamil.samayam.com/tv/news/vj-ramya-becomes-certified-integrative-health-coach/articleshow/87990711.cms আহৰণ কৰা হৈছে: 22 February 2024.
  11. "VJ Ramya confirms ending marriage". The Times of India. 12 September 2015. https://timesofindia.indiatimes.com/tv/news/tamil/VJ-Ramya-confirms-ending-marriage/articleshow/48933893.cms আহৰণ কৰা হৈছে: 25 June 2020.