সমললৈ যাওক

ৰয়া টলৌই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰয়া টলৌই (ইংৰাজী: Roya Toloui); জন্ম: ২২ মে', ১৯৬৬, ইৰাণৰ কুৰ্দিস্তান প্ৰদেশৰ বানেহত) এগৰাকী বিশিষ্ট কুৰ্দি-ইৰাণী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী। তেওঁ বৰ্তমান আমেৰিকাত বাস কৰে। তেওঁ পশ্চিম ইৰাণৰ বানেহত জন্মগ্ৰহণ কৰিছিল। বানেহত হাইস্কুলীয়া ডিপ্লমা আৰু মাছাদ বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল লেবৰেটৰী[1]ত তেওঁ পি এইচ ডি লাভ কৰে।

তেওঁ মহিলা বিষয়ক কুৰ্দি মাহেকীয়া আলোচনী ৰাছান (ৰাইজিং আপ)ৰ মুখ্য সম্পাদক আছিল। ২০০৫ চনৰ বসন্ত আৰু গ্ৰীষ্মকালত ছানন্দজত এই আলোচনীখনৰ পাঁচটা সংখ্যা প্ৰকাশ পাইছিল। ২০০৫ চনৰ গ্ৰীষ্মকালত ইৰাণৰ ন্যায়পালিকে ইয়াক বন্ধ কৰি দিছিল। তেওঁ কুৰ্দিস্তানত শান্তি সমৰ্থনকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক। ৰয়া কুৰ্দি পেনৰ সদস্যও। কৰ্তৃপক্ষৰ স্পষ্ট সমালোচনাৰ লগতে কুৰ্দি আৰু ইৰাণী মহিলাৰ অধিকাৰৰ প্ৰতিৰক্ষাৰ বাবে ২০০৫ চনৰ এপ্ৰিল মাহত তেওঁৰ বিৰুদ্ধে বিপ্লৱী আদালতত বিচাৰ হয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰাৰ অভিযোগ উত্থাপন হয়।[2]

পশ্চিম ইৰাণৰ কুৰ্দি বসতিপ্ৰধান অঞ্চলত বিক্ষোভৰ পিছত ২০০৫ চনৰ ২ আগষ্টত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ২০০৫ চনৰ অক্টোবৰ মাহত জামিনত মুকলি নোহোৱালৈকে তেওঁ ৬৬ দিনৰ কাৰাৰুদ্ধ জীৱন কটায়।[3] ২০০৫ চনৰ নৱেম্বৰ মাহত কাৰাবন্দী লেখকৰ আন্তৰ্জাতিক পেন দিৱসত তেওঁৰ কাৰাদণ্ডৰ গোচৰটো আলোকপাত কৰা হৈছিল।[4] মুক্তিৰ পিছত ইৰাণৰ পৰা পলায়ন কৰি তেওঁ তুৰস্কলৈ যায় আৰু অৱশেষত ২০০৬ চনৰ এপ্ৰিল মাহত তেওঁ আমেৰিকাত আশ্ৰয় লয়। ২০০৬ চনত তেওঁ অক্সফাম নভিব/পেন বঁটা লাভ কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "دکتر رؤيا طلوعي". The Medical Council of The Islamic Republic of Iran search engine. Archived from the original on 28 September 2013. https://archive.today/20130928190735/http://portal.irimc.org/DoctorSearchEngine/Result.aspx আহৰণ কৰা হৈছে: 28 September 2013.
  2. http://www.ifex.org/en/content/view/full/69742/?PHPSESSID= [সংযোগবিহীন উৎস]
  3. http://www.ifex.org/en/content/view/full/69742/?PHPSESSID= [সংযোগবিহীন উৎস]
  4. "International PEN". internationalpen.org.uk. Archived from the original on 2007-03-11. https://web.archive.org/web/20070311050251/http://www.internationalpen.org.uk/index.php?pid=26&nid=298 আহৰণ কৰা হৈছে: 2025-03-12.
  5. "Writer Wins Freedom Award". The Warsaw Voice. November 29, 2006. http://www.warsawvoice.pl/WVpage/pages/article.php/13148/article আহৰণ কৰা হৈছে: September 10, 2012.