সমললৈ যাওক

ৰয়িং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰয়িং
চহৰ
ৰয়িং is located in Arunachal Pradesh
ৰয়িং
ৰয়িং
ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থান
ৰয়িং is located in ভাৰত
ৰয়িং
ৰয়িং
ৰয়িং (ভাৰত)
স্থানাংক: 28°8′34″N 95°50′34″E / 28.14278°N 95.84278°E / 28.14278; 95.84278স্থানাংক: 28°8′34″N 95°50′34″E / 28.14278°N 95.84278°E / 28.14278; 95.84278
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা শ্বি ইয়োমি জিলা
উচ্চতা
২,০০০ মিটাৰ (৭,০০০ ফুট)

ৰয়িং (ইংৰাজী: Roing ভাৰতৰ অৰুণাচল প্ৰদেশলোৱাৰ দিবাং ভেলী জিলাৰ সদৰ। ভাৰতৰ উত্তৰ-পূব সীমান্তৰ অন্তিমখন প্ৰধান নগৰ।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি[1] ৰয়িঙৰ জনসংখ্যা ১১,৩৮৯ জন; ইয়াৰে ৬,০৬৪ জন পুৰুষ আৰু ৫,৩২৫ জন মহিলা। ৰয়িঙৰ গড় সাক্ষৰতাৰ হাৰ ৮৮.৩৯%, যিটো ৰাষ্ট্ৰীয় গড় ৬৫.৩৮%তকৈ বেছি: পুৰুষৰ সাক্ষৰতা ৯১.৯৪%, আৰু মহিলাৰ সাক্ষৰতা ৮৪.৩৫%। ০-৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ১১৫৭, যি ৰয়িঙৰ মুঠ জনসংখ্যাৰ ১০.১৬%।

ৰাজ্যৰ গড় ৯৩৮ৰ বিপৰীতে মহিলাৰ লৈংগিক অনুপাত ৮৭৮। তদুপৰি অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ গড় ৯৭২ৰ তুলনাত ৰয়িঙৰ শিশুৰ লৈংগিক অনুপাত প্ৰায় ৮৭৫।

মিচিমি (ইডু)আৰু আদি- এই দুটা জনগোষ্ঠী ৰয়িঙৰ মূল খিলঞ্জীয়া বাসিন্দা। ৰয়িঙৰ আশে-পাশে থকা উল্লেখযোগ্য পৰ্যটনস্থলীসমূহ হ’ল মেহাও বন্যপ্ৰাণী অভয়াৰণ্য, চেলি হ্ৰদ, মেহাও হ্ৰদ, ভীস্মক নগৰ দুৰ্গ আৰু মায়োডিয়া গিৰিপথ, যি ভৰ শীতকালৰ বৰফেৰে আবৃত হৈ থাকে। ৰয়িং মিচিমি পাহাৰৰ পাদদেশত অৱস্থিত নগৰ। প্ৰতি বছৰে ১ ফেব্ৰুৱাৰীত ইডুৰ ৰেহ উৎসৱৰ সময়ত আদি মানুহে অতি আনন্দ আৰু সম্প্ৰীতিৰে সোলুং উদযাপন কৰে। উত্তৰ দিশলৈ বৈ যোৱা দেওপানী নদীয়ে গ্ৰীষ্মকালত সঘনাই সৃষ্টি কৰা বানপানীৰ বাবে কাষৰীয়া দিবাং ভেলী জিলাত গুৰুতৰ অৰ্থনৈতিক অৱৰোধৰ সৃষ্টি কৰে। ইয়াৰ ওপৰৰ দলংসমূহ বাৰে বাৰে উটুৱাই নিয়াৰ ফলত চৰকাৰৰ ৰাজকোষ ক্ষতিগ্ৰস্থ হয়। দক্ষিণ আৰু পূব দিশত অসম সীমান্তলৈকে মিচিমি (ইডু) আৰু আদি গাঁওসমূহ বিস্তৃত হৈ আছে। আপৰ দিবাং ভেলী জিলা আৰু ইয়াৰ তলৰ কাষৰীয়া গাঁওসমূহৰ বাবে এই চহৰখন একমাত্ৰ বাণিজ্যিক কেন্দ্ৰ।

ৰয়িং অৰুণাচল প্ৰদেশৰ অন্যান্য ৰুক্ষ ভূখণ্ডৰ নগৰৰ দৰে নহয়। এই নগৰখন ভৌগোলিকভাৱে সমতল আৰু ইয়াত খেতি আৰু খেতিৰ বাবে বহু মাটি আছে।

ৰয়িং নগৰ অৰুণাচল প্ৰদেশৰ বিধানসভাৰ ৬০টা সমষ্টিৰ ভিতৰত ৪৩ নং ৰয়িং বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ বৰ্তমানৰ বিধায়ক মুটচু মিথি। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈ (২০২৫) ৰয়িঙৰ বিধায়ক হৈ আছে।[2]

২০১১ চনৰ লোকপিয়ল অনুসৰি ২.২১৬ জন নেপালী ভাষী, ১,৬৯৪জন বাংলা ভাষী, ১,৪২৪জন আদিভাষী ১,৩৫৮জন মিছমিভাষী ১,৩০৭জন ভোজপুৰীভাষী, ৮৬৬জন অসমীয়াভাষী আৰু ৭৯৯জন হিন্দীভাষী।[3]

যাতায়ত

[সম্পাদনা কৰক]

ৰয়িং অসমৰ এখন প্ৰধান নগৰ তিনিচুকীয়াৰ সৈতে সংযুক্ত আৰু বিশাল ব্ৰহ্মপুত্ৰ নদীয়ে পৃথককৈ ৰাখিছে। পূৰ্বতে ফেৰীৰে নদীখন পাৰাপাৰ হৈছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধলা-সদিয়া দলঙে (ভূপেন হাজৰিকা সেতু) ৰয়িংলৈ যোৱা পথটো বহুত সহজসাধ্য কৰি তুলিছে। তিনিচুকীয়া সংযোগী আন এটা পথ হৈছে তেজু-চৌখাম-নামছাই চাৰ্কিট হৈ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]