ৰয়েল ফেবল্ছ

ৰয়েল ফেবল্ছ ইংৰাজী: : Royal Fables হৈছে এটা প্ৰদৰ্শনী যি ভাৰতীয় ৰাজকীয় পৰিয়ালৰ পৃষ্ঠপোষকসকলে উপস্থাপন কৰা কলা, নক্সা আৰু ফেশ্বন প্ৰদৰ্শন কৰে। ইয়াত ৰজাৰ দৰবাৰত চৰ্চা কৰা পৰম্পৰাগত শিল্পকৰ্মৰ বৈশিষ্ট্য আছে। ৰয়েল ফেবলছত ভাৰতৰ কলা আৰু শিল্পকলাক জীয়াই ৰখাত নিয়োজিত ৩০টা ৰাজকীয় আৰু সম্ভ্ৰান্ত পৰিয়ালক সন্নিবিষ্ট কৰা হৈছে।
ৰয়েল ফেবল্ছ স্থাপন কৰিছিল অংশু খন্নাই। এওঁক নাৰী শক্তি পুৰস্কাৰে সন্মানিত কৰা হৈছিল কাৰিকৰি শিল্পনৈপুণ্য কাৰখানাৰ ঐতিহ্য উন্নীত কৰা আৰু প্ৰদৰ্শন কৰাৰ বাবে, যি বহুতো যুৱ ৰাজপুত্ৰ আৰু ৰাজকন্যাই পুনৰুজ্জীৱিত কৰিছে। ২০১০ চনত ডিএলএফ এমপ’ৰিঅ’ত, যি আন্তঃৰাষ্ট্ৰীয় বিলাসিতাৰ এক মুখ্য কেন্দ্ৰ, ৰয়েল ফেবল্ছৰ যাত্ৰা আৰম্ভ হৈছিল। বিগত দশবছৰত ৰয়েল ফেবল্ছ দিল্লী, মুম্বাই, আহমেদাবাদ, চণ্ডীগড়, লক্ষ্ণৌ আৰু হায়দৰাবাদত লগতে বহিঃৰাজ্যৰ মৰক্কো, থাইলেণ্ড, ভেঙ্কুভাৰ, ছাৰি, লছ এঞ্জেলছ, ডালাছ আৰু মায়ামিৰ দৰে আন্তঃৰাষ্ট্ৰীয় স্থানতো সফল প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে।
ৰয়েল ফেবল্ছ উপস্থাপন কৰে পেলেছ এটেলিয়েৰ কলেক্শ্যন, যি জয়পুৰৰ ৰাজকুমাৰী দিয়া কুমাৰীয়ে উন্নীত কৰিছে, জম্মু আৰু কাশ্মীৰৰ ৰাজকুমাৰী জ্যোৎস্না সিঙৰ এনামেল কলা, কিশনগড়ৰ ৰাজকুমাৰী বৈষ্ণৱী কুমাৰীৰ অতি ক্ষুদ্ৰ চিত্ৰকলাসমূহ, বৰোদাৰ মহাৰাণী ৰাধিকাৰাজে গায়কোৱাদৰ দ্বাৰা মহাৰাজা ফতে সিং সংগ্ৰহালয়ত উন্নীত ৰজা ৰবি বর্মাৰ লিথ’গ্ৰাফ আৰু পন্নাৰ ৰাজকুমাৰী কৃষ্ণ কুমাৰীৰ বন্যপ্ৰাণী চিত্ৰকলা আদি।
ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়োৱা নাৰী শক্তিৰ সন্মানেৰে অংশু খন্নাক স্বীকৃতি দিয়া হয়। ২০১৯ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদ ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে তেওঁ নতুন দিল্লীলৈ যায় আৰু বঁটা গ্ৰহণ কৰে। তেওঁৰ লগতে আন ৪৪ গৰাকী মহিলাকো এই বঁটা প্ৰদান কৰা হৈছিল।[1] এই অনুস্থানত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধী উপস্থিত আছিল আৰু ইয়াৰ পিছত বঁটা বিজয়ীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "44 women of excellence honoured with Nari Shakti Puraskar" (en ভাষাত). The Quint. 2019-03-08. https://www.thequint.com/news/hot-news/44-women-of-excellence-honoured-with-nari-shakti-puraskar। আহৰণ কৰা হৈছে: 2020-04-11.