ৰয়েল ৰোড

ৰয়েল ৰোড (ইংৰাজী: Royal Road) আছিল খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত আচেমেনিড সাম্ৰাজ্যই বাণিজ্যৰ বাবে পুনৰ সংগঠিত আৰু পুনৰ নিৰ্মাণ কৰা এটা প্ৰাচীন ঘাইপথ।[1] এই পথটো চুছাৰপৰা চাৰ্দিছলৈকে বৃহৎ সাম্ৰাজ্যৰ পশ্চিম অংশত দ্ৰুত যোগাযোগৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল[2] আৰু সম্ভৱতঃ প্ৰথম দাৰিয়াছৰ অধীনত ইয়াক নিখুঁত কৰা হৈছিল।
ধাৰা
[সম্পাদনা কৰক]এই পথৰ গতিপথ হেৰ'ড'টাছৰ লেখা, প্ৰত্নতাত্ত্বিক গৱেষণা আৰু অন্যান্য ঐতিহাসিক তথ্যৰপৰা পুনৰ নিৰ্মাণ কৰা হৈছে
ইতিহাস
[সম্পাদনা কৰক]যিহেতু এই পথটোৱে সাম্ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰবোৰৰ মাজৰ আটাইতকৈ চুটি বা সহজ পথ নাছিল, গতিকে পুৰাতত্ত্ববিদসকলৰ মতে এই পথটোৰ আটাইতকৈ পশ্চিম অংশবোৰ সম্ভৱতঃ প্ৰথমে অচূৰৰ ৰজাসকলে নিৰ্মাণ কৰিছিল; কাৰণ সেই পথটো তেওঁলোকৰ প্ৰাচীন সাম্ৰাজ্যৰ হৃদয়ৰ মাজেৰেই গৈছিল। পথটোৰ অধিক পূব অংশ, যিবোৰ এতিয়া উত্তৰ ইৰাণত চিনাক্ত কৰিব পৰা যায়, হেৰোডটাছে তেওঁৰ বিৱৰণীত উল্লেখ কৰা নাই; পাৰস্যৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পশ্চিমৰ এজন আয়নিয়ান গ্ৰীকৰ দৃষ্টিভংগীত সীমাবদ্ধ আছিল। ; [3] ইৰাণৰ কেন্দ্ৰীয় মালভূমিৰ ওপৰেৰে যোৱা ‘ৰয়েল ৰোড’ৰ বিভিন্ন অংশ—যেনে ‘গ্ৰেট খোৰাছান ৰোড’—‘ৰেচম পথ’ নামেৰে জনাজাত প্ৰধান বাণিজ্যিক পথটোৰ সৈতে মিল খাইছিল।
কিন্তু প্ৰথম দাৰিয়াছে বৰ্তমানৰ পথৰ নেটৱৰ্ক উন্নত কৰি ‘ৰয়েল ৰোড’লৈ পৰিণত কৰিলে যিটো এতিয়া সেই নামেৰে জনাজাত। পিছলৈ ৰোমানসকলে পথৰ গঠন উন্নত কৰিলে; গৰ্ডিয়ামৰ ওচৰত [4] এটা পথৰ লেখ-জোখ পোৱা গৈছে, যাৰ পৃষ্ঠভাগ টানকৈ পেক কৰা শিলগুটিৰে নিৰ্মিত আৰু ৬.২৫ মিটাৰ বহল আছিল, ইয়াৰ চাৰিওফালে একপ্ৰকাৰৰ মথাউৰি বা শিলৰ পাৰ আছিল। এইদৰে পথটোৰ বিভিন্ন অংশ একত্ৰিত কৰি এক অবিৰত যোগাযোগ ব্যৱস্থা গঠন কৰা হয়, যিটো প্ৰায় ১,৬৭৭ মাইল দীঘল আছিল। ইয়াক প্ৰথমে ‘ডাক পথ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল; এই পথত এশ এঘাৰটা 'পোষ্টিং ষ্টেচন' বা জিৰণি ঘৰ স্থাপন কৰা হৈছিল, য'ত সদায় সতেজ ঘোঁৰা ৰখা হৈছিল। ইয়াৰ ফলত দ্ৰুত ঘোঁৰাৰ দূত (ৰাজ্যৰ ‘পাইৰাডাজি’ বুলি কোৱা হয়) ব্যৱহাৰ কৰি অতি দ্ৰুত যোগাযোগ নিশ্চিত হৈছিল।
১৯৬১ চনত এছ এফ ষ্টাৰে ‘আমেৰিকান ফিল’চফিকেল ছ’চাইটি’ৰ অনুদানৰ সহায়ত গৰ্ডিয়ামৰপৰা চাৰ্ডিছলৈ যোৱা পথটোৰ অন্বেষণ আৰু মানচিত্ৰ নিৰ্মাণ কৰিছিল; সেই সময়ত তেওঁ প্ৰাচীন দলঙৰ ভেটি বা ‘এবাটমেণ্ট’ চাই নদী পাৰ হোৱা ঠাইবোৰ চিনাক্ত কৰিছিল।[5]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]গ্ৰীক ইতিহাসবিদ হেৰ'ডটাছে লিখিছে,[6][7] "এই পাৰ্চী দূতসকলতকৈ দ্ৰুতগতিত পৃথিৱীত একোৱেই নাই।" হেৰোডটাছে এই দূতসকলৰ প্ৰশংসা কৰিছে এনেদৰে -"তুষাৰ, বৰষুণ, জুইকুৰা, ৰাতিৰ আন্ধাৰেও এই দূতসকলক নিজৰ নিৰ্দিষ্ট গতিপথ দ্ৰুতগতিত চলাবলৈ বাধা দিব নোৱাৰে।" নিউয়ৰ্কৰ জেমছ ফাৰ্লি ডাকঘৰত এই বাকশাৰী লিখা আছে; আৰু যদিও আমেৰিকাৰ ডাক সেৱাৰ কোনো চৰকাৰী মূলমন্ত্ৰ বা মূলমন্ত্ৰ নাই, বাক্যাংশটোক কেতিয়াবা ইয়াৰ মূলমন্ত্ৰ হিচাপে লোৱা হয়।[8]
বিখ্যাত উক্তিত ঘাইপথ (ৰয়েল ৰোড)ৰ ৰূপক হিচাপে ব্যৱহাৰ
[সম্পাদনা কৰক]ইউক্লিডে গণিত শিকিবলৈ সহজ উপায় বিচাৰি ৰজা টলেমিৰ অনুৰোধৰ উত্তৰত কৈছিল, "জ্যামিতি শিকাৰ কোনো ঘাইপথ নাই।" প্ৰক্লুছে নিজেই আৰ্কিমিডিছৰ উদ্ধৃতি দি একে কথাই কৈছিল।[9][10] মেনেকমৰ ক্ষেত্ৰতো একেই কথা কোৱা হৈছে, যিয়ে মহান আলেকজেণ্ডাৰৰ উত্তৰত এই কথা কৈছিল।[11]
চাৰ্লছ চেণ্ডাৰছ পিয়ৰ্চে তেওঁৰ হাউ টু মেক আৱাৰ আইডিয়াছ ক্লিয়াৰ (১৮৭৮) নামৰ গ্ৰন্থখনত কৈছে, "যুক্তি শিকাৰ কোনো ঘাইপথ নাই, আৰু প্ৰকৃততে মূল্যৱান ধাৰণাসমূহ গভীৰ ধ্যান-ধাৰণাৰদ্বাৰাহে আহৰণ কৰিব পাৰি।"
ছিগমাণ্ড ফ্ৰয়েডে সপোনক "অচেতনলৈ যোৱা ঘাইপথ" ("Via regia zur Kenntnis des Unbewußten") বুলি বৰ্ণনা কৰিছিল।
১৮৭২ চনৰ ফৰাচী সংস্কৰণৰ দাস কেপিটেলৰ (প্ৰথম খণ্ড) কাৰ্ল মাৰ্ক্সে লিখিছিল, "বিজ্ঞানৰ কোনো ঘাইপথ নাই আৰু যিসকলে ইয়াৰ বন্ধুৰ পথৰ ক্লান্ত আৰোহণক ভয় নকৰে তেওঁলোকেহে ইয়াৰ উজ্জ্বল শিখৰত উপনীত হোৱাৰ সুযোগ পাব পাৰে।"
দ্য ৰয়েল ৰোড টু ৰোমাঞ্চ (১৯২৫) ৰিচাৰ্ড হেলিবাৰ্টনৰ প্ৰথমখন গ্ৰন্থ, য'ত তেওঁ ডেকা অৱস্থাত বিশ্ব ভ্ৰমণৰ বৰ্ণনা কৰিছে, এণ্ডোৰাৰপৰা অংকৰলৈকে।
টোকা
[সম্পাদনা কৰক]- ↑ Graf, David F. (1994). "The Persian Royal Road System". Continuity & Change: Proceedings of the Last Achaemenid History Workshop 1990. 8. Nederlands Instituut voor het Nabije Oosten. পৃষ্ঠা. 167–189. ISBN 90-6258-408-X. http://www.nino-leiden.nl/publication/continuity-and-change.
- ↑ Fox, Robin Lane (1973). Alexander the Great. প্ৰকাশক London: Penguin. পৃষ্ঠা. 96. ISBN 0-86007-707-1. https://archive.org/details/alexandergreat0000lane.
- ↑ "Herodotus, a Greek from the Aegean coast of Asia Minor, appears to have reported only that part of the network which led directly to the parts of the Greek world that concerned him," notes Young, Rodney S. (1963). "Gordion on the Royal Road". Proceedings of the American Philosophical Society খণ্ড 107 (4): 348–364. https://archive.org/details/sim_proceedings-of-the-american-philosophical-society_1963-08-15_107_4/page/348.
- ↑ Near Gordium the track was identified as post-Phrygian, as it wound round Phrygian tumuli: Young, Rodney S. (1956). "The Campaign of 1955 at Gordion: Preliminary Report". American Journal of Archaeology খণ্ড 60 (3): 249–266. doi:10.2307/500152. https://archive.org/details/sim_american-journal-of-archaeology_1956-07_60_3/page/249none p. 266 "The Royal Road"; and 61 (1957:319 and illus.).
- ↑ Starr, S. F. (1963). "The Persian Royal Road in Turkey". Yearbook of the American Philosophical Society 1962. প্ৰকাশক Philadelphia. পৃষ্ঠা. 629–632.
- ↑ Herodotus. "8.98.1" (Greek ভাষাত). The Histories. https://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.01.0125%3Abook%3D8%3Achapter%3D98%3Asection%3D1.
- ↑ Herodotus. "8.98.1" (English ভাষাত). The Histories. https://scaife.perseus.org/reader/urn:cts:greekLit:tlg0016.tlg001.perseus-eng2:8.98.1.
- ↑ "ABOUT that motto". Postal Facts - U.S. Postal Service. July 2025. https://facts.usps.com/no-official-motto/.
- ↑ Proclus, p. 57
- ↑ Proclus (1873). "Prologus II. G.19/20 B.∥39" (Greek ভাষাত). Commentary on Euclid's Elements. Lipsiae, in aedibus B.G. Teubneri. https://archive.org/details/proclidiadochii00friegoog/page/n82/mode/2up. "γέγονε δὲ οὗτος ὁ ἀνὴρ ἐπὶ τοῦ πρώτου Πτολεμαίου· καὶ γὰρ ὁ Ἀρχιμήδης ἐπιβαλὼν καὶ τῷ πρώτῳ μνημονεύει τοῦ Εὐκλείδου, καὶ μέντοι καὶ φασιν ὅτι Πτολεμαῖος ἢρετό ποτε αὐτόν, εἴ τίς ἐστιν περὶ γεωμετρίαν ὁδὸς συντομωτέρα τῆς στοιχειώσεως· ὁ δὲ ἀπεκρίνατο, μὴ εῖναι βασιλικὴν ἀτραπὸν ἐπὶ γεωμετρίαν."
- ↑ "Menaechmus - Biography". https://mathshistory.st-andrews.ac.uk/Biographies/Menaechmus/.
তথ্যৰ উৎস
[সম্পাদনা কৰক]- Lockard, Craig A. (2008). Societies, Networks, and Transitions, A Global History. প্ৰকাশক Boston, MA: Houghton Mifflin. https://archive.org/details/societiesnetwork0000lock.
- "The Persian Royal Road". Livius: Articles on Ancient History. https://www.livius.org/articles/concept/royal-road/। আহৰণ কৰা হৈছে: March 6, 2021.
- "The Royal Road". The History of Iran on Iran Chamber Society. Archived from the original on May 4, 2015. https://web.archive.org/web/20150504021804/http://www.iranchamber.com/history/achaemenids/royal_road.php। আহৰণ কৰা হৈছে: May 5, 2006.
- "The Persian Royal Mail (archived)". Rivers From Eden. Archived from the original on February 16, 2014. https://web.archive.org/web/20140216182845/http://riversfromeden.wordpress.com/2011/10/19/the-persian-royal-mail/। আহৰণ কৰা হৈছে: March 2, 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Royal Road সম্পৰ্কীয় মিডিয়া ফাইল।