ৰশ্মি উৰ্ধ্বৰ্দেশ
| ৰশ্মি উৰ্ধ্বৰ্দেশ | |
|---|---|
in March 2020 | |
| জন্ম | ৰশ্মি ৰানাদে ১৯৫৯ নাগপুৰ |
| শিক্ষা | বিশ্বেশ্বৰয় ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান, নাগপুৰ |
| পেচা | ভাৰতীয় অটোমোটিভ ইঞ্জিনিয়াৰ |
| নিয়োগকৰ্তা | অটোমোটিভ ৰিচাৰ্চ এছ'চিয়েচন অৱ ইণ্ডিয়া |
| জনা যায় | নাৰী শক্তি বঁটাৰে সন্মানিত। |
ৰশ্মি উৰ্ধ্বৰ্দেশ জন্ম ৰশ্মি ৰানাদে (ইংৰাজী: : Rashmi Urdhwardeshe born Rashmi Ranade, জন্ম প্ৰায় ১৯৫৯) ;এগৰাকী ভাৰতীয় স্বয়ংচল অভিযন্তা। ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যনৰ সঞ্চালিকা। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ নাৰী শক্তিৰ সন্মান লাভ কৰে।[1]
জীৱন
[সম্পাদনা কৰক]ৰশ্মি উৰ্ধ্বৰদেশে ১৯৫৯ চনত নাগপুৰত জন্মগ্ৰহণ কৰিছিল।[1] ১৯৭৭ চনত, তেওঁ নাগপুৰৰ বিশ্বেশ্বৰাইয়া ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত (VNIT) বিদ্যুৎ প্ৰযুক্তিবিদ্যাৰ অধ্যয়ন কৰিবলৈ বাছনি কৰে আৰু তাৰ পাছত পুনেৰ ইঞ্জিনিয়াৰিং কলেজ (COEP)ৰ পৰা স্বয়ংচল প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ সম্পন্ন কৰে। সেই সময়ত, ভাৰতত এগৰাকী মহিলাৰ বাবে এই ধৰণৰ অধ্যয়ন বাছনি কৰাটো অস্বাভাৱিক আৰু প্ৰত্যাহ্বানজনক আছিল, কাৰণ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়সমূহত মহিলাৰ সংখ্যা কম আছিল (আৰু বেছি শৌচাগাৰ নাছিল) আৰু স্বয়ংচল প্ৰযুক্তিবিদ্যা সাধাৰণতে পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰ আছিল।[2]
ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ প্ৰশিক্ষণ লৈ পৰীক্ষামূলক মেচিনৰ হাইড্ৰলিক্স আৰু তাৰ পিছত নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে নিয়ন্ত্ৰণ প্ৰস্তুত কৰাত সহায় কৰিছিল। নিৰ্গমন অধ্যয়ন কৰা প্ৰথমটো ভাৰতীয় পৰীক্ষাগাৰত নিৰ্গমন জোখাৰ পদ্ধতি প্ৰস্তুত কৰাত সহায় কৰিছিল। তেখেতৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহ হ'ল অটোমোটিভ সুৰক্ষা, নিৰ্গমন আৰু পৰিৱেশৰ বায়ুৰ মান (AQM), ই-মবিলিটি, বহনক্ষম পৰিবহণ, বাহন নিয়ন্ত্ৰণ, সমন্বয় আদি।
ছোৱালী হিচাপে খেলৰ প্ৰতি আগ্ৰহী আছিল, ছিটাৰ বজাবলৈ শিকিছিল আৰু সময়ত তেওঁ নিজৰ ৰাজ্যৰ বাবে ব্ৰীজত চেম্পিয়ন হৈছিল।[3] ২০১৪ চনত ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ'চিয়েচনৰ পৰৱৰ্তী সঞ্চালিকা হিচাপে নিৰ্বাচিত হয়।[2]
২০১৯ চনত তেওঁৰ কৰ্মৰাজি বাবে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটাৰে স্বীকৃতি লাভ কৰে আৰু ২০২০ চনৰ মাৰ্চ মাহত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অটোমোটিভ গৱেষণা আৰু উন্নয়নৰ ৩৫ বছৰীয়া কামক স্বীকৃতি দি নাৰী শক্তিপুৰস্কাৰ প্ৰদান কৰে। সেই সময়ত তেওঁৰ ঘৰ পুনেত আছিল গতিকে তেওঁ দিল্লীত ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত বঁটা লাভ কৰিবলৈ যাত্ৰা কৰিছিল। [1]মহিলা সবলীকৰণৰ বাবে ব্যতিক্ৰমীভাৱে কাম কৰা মহিলাসকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ পিছত উৰ্ধ্বৰ্দেশে ভাৰতৰ অশিক্ষিত মহিলাসকলৰ বহুলাংশে অনাবৃত সম্ভাৱনাক লক্ষ্য কৰি এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে।[4] ৰশ্মি উৰ্ধ্বৰেশ্বে হৈছে এছ এ ই ইণ্ডিয়াৰ আগন্তুক সভাপতি।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ স্বামী হেমন্ত উৰ্ধ্বৰেশো এজন অভিযন্তা। তেওঁৰ পত্নী ছমাহ জাৰ্মানীত থকাৰ সময়ত তেওঁলোকৰ চৈধ্য মহীয়া সন্তান সাৰং উৰ্ধৰেশ্বেৰ যত্ন লৈছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 www.ETAuto.com. "Educating girls will bring significant changes in society: Rashmi Urdhwardeshe, ARAI Director – ET Auto" (en ভাষাত). ETAuto.com. https://auto.economictimes.indiatimes.com/news/industry/educating-girls-will-bring-significant-changes-in-society-rashmi-urdhwardeshe-arai-director/74545153। আহৰণ কৰা হৈছে: 2020-04-04.
- ↑ 2.0 2.1 "36 years' efforts reached its zenith today: Nari Shakti award winner Rashmi Urdhwardeshe" (en-US ভাষাত). The Indian Express. 2020-03-08. https://indianexpress.com/article/cities/pune/36-years-efforts-reached-its-zenith-today-nari-shakti-award-winner-rashmi-urdhwardeshe6305704/। আহৰণ কৰা হৈছে: 2020-04-04.
- ↑ 3.0 3.1 "Women of Mettle – Rashmi Urdhwareshe, Director, ARAI". motorindiaonline.in. http://motorindiaonline.in/women-of-mettle/women-of-mettle-rashmi-urdhwareshe-director-arai/। আহৰণ কৰা হৈছে: 2020-07-13.
- ↑ "Educating Girls Will Bring Significant Changes In Society: Rashmi Urdhwardeshe" (en ভাষাত). BW Education. http://bweducation.businessworld.in/article/Educating-Girls-Will-Bring-Significant-Changes-In-Society-Rashmi-Urdhwardeshe-/09-03-2020-185801। আহৰণ কৰা হৈছে: 2020-04-04.