সমললৈ যাওক

ৰশ্মি দেশাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰশ্মি দেশাই

দেশাই, ২০২৩ চনত
জন্ম শিৱানী দেশাই
১৩ ফেব্ৰুৱাৰী, ১৯৮৬ (৪০ বছৰ)
নগাঁও, অসম, ভাৰত
অন্য নাম দিব্যা দেশাই
ৰশ্মি দেশাই
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
উল্লেখযোগ্য কৰ্ম
  • উত্তৰণ
  • দিল সে দিল তক
  • বিগ বচ ১৩
  • নাগিন
দাম্পত্যসঙ্গী নন্দীশ সন্ধু (বি. ২০১১; বিবাহ বিচ্ছেদ ২০১৬)

শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী।[1] তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।

আঞ্চলিক ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পাছত, দেশাই ২০০৬ চনত ৰাৱণৰ জৰিয়তে হিন্দী দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে আৰু ২০০৮ চনত পৰী হুঁ ম্যায়ত দ্বৈত চৰিত্ৰত অভিনয় কৰে। কালাৰ্ছ টিভিৰ দীৰ্ঘকাল ধৰি চলা ধাৰাবাহিক উত্তৰণ (২০০৯–২০১৪)ত তপস্যা ঠাকুৰ চৰিত্ৰত তেওঁৰ উল্লেখযোগ্য অভিনয়ে তেওঁক বিপুল জনপ্ৰিয়তা প্ৰদান কৰে আৰু বিভিন্ন বঁটা লাভ কৰায়। দেশায়ে বাস্তৱধৰ্মী অনুষ্ঠানসমূহ যেনে জৰা নাচকে দেখাঃ ২ (২০১০), ঝলক দিখলা জা ৫ (২০১২), ফিয়াৰ ফেক্টৰ: খত্ৰোঁ কে খিলাড়ী ৬ (২০১৫) আৰু নচ বলিয়ে ৭ (২০১৫)ত অংশগ্ৰহণ কৰে আৰু ২০১২ চনৰ চলচ্চিত্ৰ দাবাংগ ২ত বিশেষ উপস্থিতি ৰাখে। তেওঁ কমেডি চাৰ্কাছ মহাসংগ্ৰাম (২০১০), কমেডি কা মহা মুকাবলা (২০১১), কাহিনী কমেডি চাৰ্কাছ কি (২০১২) আৰু কমেডি নাইটছ লাইভ (২০১৬)ৰ দৰে অনুষ্ঠানৰ জৰিয়তে ষ্টেণ্ড-আপ কমেডিতো প্ৰৱেশ কৰে।

পিছলৈ দেশাই কল্পকাহিনীমূলক দূৰদৰ্শনত পুনৰ আগমন কৰি প্ৰেম-ত্ৰিকোণ ধাৰাবাহিক দিল সে দিল তক (২০১৭–২০১৮)ত শোৰভৰী চৰিত্ৰত অভিনয় কৰে। তাৰ পিছত তেওঁ বিগ বচ ১৩ (২০১৯–২০২০) আৰু বিগ বচ ১৫ (২০২১–২০২২)ত অংশগ্ৰহণ কৰে। তেওঁ নাগিন ৪ আৰু নাগিন ৬ত সংক্ষিপ্ত চৰিত্ৰতো অভিনয় কৰে আৰু তামস নামৰ চুটি চলচ্চিত্ৰৰ জৰিয়তে অ’টিটি মাধ্যমত আত্মপ্ৰকাশ কৰে। লগতে তন্দুৰ ৱেব ধাৰাবাহিকৰ জৰিয়তে ৱেব জগততো আত্মপ্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰশ্মি দেশাই শিৱানী দেশাই নামে ১৩ ফেব্ৰুৱাৰী ১৯৮৬ তাৰিখে অসম ৰাজ্যৰ নগাঁও চহৰত জন্মগ্ৰহণ কৰে।[1][2][3][4][5][6][7][5]

তেওঁ গুজৰাটী মূলৰ।[8] তেওঁৰ এজন ভাতৃ আছে, গৌৰৱ দেশাই। দেশাইক মুম্বাইত ডাঙৰ-দিহা কৰা হৈছিল আৰু তাতেই তেওঁ নিজৰ বিদ্যালয় শিক্ষা আৰু স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰে।[9]

ৰশ্মিয়ে মুম্বাইস্থিত নাৰ্ছি মনজি কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিকছৰপৰা টুৰ্ছ এণ্ড ট্ৰেভেলছ বিষয়ত ডিপ্ল’মা ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

চলচ্চিত্ৰত অভিনয়ৰ আৰম্ভণি (২০০২–২০০৬)

[সম্পাদনা কৰক]

দেশায়ে নিজৰ অভিনয় কেৰিয়াৰ আঞ্চলিক চলচ্চিত্ৰৰ জৰিয়তে আৰম্ভ কৰে। ২০০২ চনত তেওঁ অসমীয়া ভাষাৰ চলচ্চিত্ৰ কন্যাদানত অভিনয় কৰে। তাৰ পিছত তেওঁ ২০০৪ চনত বীৰেন্দ্ৰ নাথ তিৱাৰী পৰিচালিত ৰোমাণ্টিক ৰহস্যধৰ্মী বলিউড চলচ্চিত্ৰ য়ে লমহে জুদাই কেত শাহৰুখ খান আৰু ৰাভীনা টেণ্ডনৰ সৈতে অভিনয় কৰি বলিউডত আত্মপ্ৰকাশ কৰে। ছবিখনত তেওঁ শীতল নামৰ এজনী মহাবিদ্যালয়ৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰে, যাৰ জ্যেষ্ঠ ভগ্নীক (টেণ্ডনে অভিনয় কৰা) হত্যা কৰা হয়।[10][11]

২০০৫ চনত দেশায়ে হিন্দী চলচ্চিত্ৰ শবনম মাউসিত অভিনয় কৰে, য’ত তেওঁ নাইনা নামৰ চৰিত্ৰত আশুতোষ ৰাণা আৰু বিজয় ৰাজৰ সৈতে অভিনয় কৰে।[12] পাছলৈ তেওঁ ভোজপুৰী চলচ্চিত্ৰ জগতত জনপ্ৰিয়তা লাভ কৰে আৰু বলমা বড়া নাদান আৰু গব্বৰ সিং আদি চলচ্চিত্ৰত অভিনয় কৰে। ২০০৫ চনত দেশায়ে কব হোই গৱনা হামাৰ চলচ্চিত্ৰত অভিনয় কৰে, যিখনে পিছলৈ ভোজপুৰী শ্ৰেষ্ঠ কাহিনীচিত্ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[13][14]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
দেশাই তেওঁৰ প্ৰাক্তন স্বামী নন্দীশ সন্ধুৰ সৈতে

তেওঁ উত্তৰণ ধাৰাবাহিকৰ সহ-অভিনেতা নন্দীশ সন্ধুৰ সৈতে ১২ ফেব্ৰুৱাৰী ২০১১ তাৰিখে গাজিয়াবাদত বিবাহ বন্ধনত আবদ্ধ হয়।[15] ২০১৪ চনত তেওঁলোক পৃথক হৈ যায় আৰু প্ৰায় চাৰিবছৰীয়া বিবাহিত জীৱনৰ পিছত ২০১৫ চনত দুয়ো ডিভ’ৰ্চৰ বাবে আবেদন দাখিল কৰে।[16] ২০১৬ চনৰ মাৰ্চ মাহত ডিভ’ৰ্চ চূড়ান্ত কৰা হয়।[17]

২০১৮ চনত দেশাই আৰহান খানক লগ পায়। ২০১৯ চনত দুয়ো বিগ বচ ১৩ত অংশগ্ৰহণ কৰে, য’ত আৰহানে দেশাইক বিবাহ প্ৰস্তাৱ আগবঢ়ায় আৰু দেশাই সেই প্ৰস্তাৱ গ্ৰহণ কৰে।[18] পিছলৈ সালমান খানে প্ৰকাশ কৰে যে আৰহান আগতে বিবাহিত আছিল আৰু তেওঁৰ এটা সন্তান আছিল, যিটো তেওঁ দেশাইৰপৰা গোপন কৰি ৰাখিছিল।[19] ২০২০ চনত বিগ বচ গৃহৰপৰা ওলাই অহাৰ পাছত দেশাই আৰহানৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে।[20][21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Rashami Desai opens up about being raised by a single mom, says she couldn't afford to pay Rs 350 for dance class". Hindustan Times. 12 May 2020. https://www.hindustantimes.com/tv/rashami-desai-opens-up-about-being-raised-by-a-single-mom-says-she-couldn-t-afford-to-pay-rs-350-for-dance-class/story-CdQxSj7UGKof0Tcuns7oJI.html. "Meanwhile, Rasila said that she changed her daughter's name from Shivani to Divya to Rashami, because she was scared of her family and society's reaction to her taking up acting as a profession. [...] I was scared of my family and society, so I changed her name."
  2. "Rashami Desai to Nia Sharma: Did you know the original names of these famous TV celebs?". The Times of India. 20 November 2019. https://timesofindia.indiatimes.com/tv/news/hindi/rashami-desai-to-nia-sharma-did-you-know-the-original-names-of-the-famous-tv-celebs/photostory/72146010.cms.
  3. "Rashami Desai's 35th birthday: Avika Gor, Yuvika Chaudhary and other TV celebs pour love on the actress". The Times of India. 13 February 2021. https://timesofindia.indiatimes.com/tv/news/hindi/rashami-desais-35th-birthday-avika-gor-yuvika-chaudhary-and-other-tv-celebs-pour-love-on-the-actress/articleshow/80895355.cms আহৰণ কৰা হৈছে: 13 February 2022.
  4. "If your birthday is on February 13". The Tribune India. 13 February 2022. https://www.tribuneindia.com/news/lifestyle/if-your-birthday-is-on-february-13-369494 আহৰণ কৰা হৈছে: 13 February 2022.
  5. 1 2 "Mrunal Jain wishes sister Rashami Desai a happy birthday!". The Times of India. 13 February 2016. https://timesofindia.indiatimes.com/tv/news/hindi/Mrunal-Jain-wishes-sister-Rashami-Desai-a-happy-birthday/articleshow/50973073.cms.
  6. Kumar, Rupesh (18 April 2020). "Bigg Boss 13: सलमान खान के साथ रश्मि देसाई कर चुकी हैं रोमांस, जन्मदिन पर वायरल हुआ Video". Dainik Jagaran. https://www.jagran.com/entertainment/bollywood-bigg-boss-13-contestant-rashami-desai-celebrating-her-birthday-today-as-old-video-with-salman-khan-gone-viral-20027561.html.
  7. "Happy Birthday Rashami Desai: Lesser known facts about this television star". The Indian Express. 13 February 2018. https://indianexpress.com/article/entertainment/television/happy-birthday-rashami-desai-5061654/.
  8. Jain, Kiran (22 October 2014). "Ssharad Malhotra, Rashami Desai reveals their special shopping plan for Dhanteras". Daily Bhaskar. Archived from the original on 14 July 2020. https://web.archive.org/web/20200714023203/https://daily.bhaskar.com/news/ENT-TV-diwali-special-ssharad-malhotra-vivian-dsena-rashami-desai-reveals-their-special-4783142-NOR.html.
  9. Tiwari, Vijaya (14 December 2019). "Exclusive - Bigg Boss 13 contestant Rashami Desai's brother Gaurav: Arhaan Khan is nobody to revive my sister's career, she's already settled - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-bigg-boss-13-contestant-rashami-desais-brother-gaurav-arhaan-khan-is-nobody-to-revive-my-sisters-career-shes-already-settled/articleshow/72619395.cms.
  10. "Bigg Boss 13: Did You Know That Rashami Desai Had Once Played Parallel Lead Role In An SRK Film?". ABP Live. 11 October 2019. https://www.abplive.com/entertainment/television/bigg-boss-13-did-you-know-tv-actress-rashami-desai-had-once-played-lead-role-in-a-shah-rukh-khans-1994-film-titled-yeh-lamhe-judaai-ke-watch-trailer-inside-1089084/amp আহৰণ কৰা হৈছে: 27 April 2021.
  11. "Bigg Boss 13: Rashami Desai starred in a Shah Rukh Khan film Yeh Lamhe Judaai Ke". India TV. 1 October 2019. https://www.indiatv.in/entertainment/tv-bigg-boss-13-rashmi-desai-starred-in-a-shah-rukh-khan-film-yeh-lamhe-hain-judaai-ke-watch-video-664297 আহৰণ কৰা হৈছে: 27 April 2021.
  12. "Shabnam Mausi (2005)". Rotten Tomatoes. https://www.rottentomatoes.com/m/shabnam_mausi আহৰণ কৰা হৈছে: 21 April 2021.
  13. Kelkar, Reshma (21 August 2007). "Udit Narayan's Bhojpuri film starring Ravi Kishan wins National Award". Bollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/udit-narayans-bhojpuri-film-starring-ravi-kishan-wins-national-award/.
  14. "Rashmi's filmy past". The Times of India. 9 January 2010. https://timesofindia.indiatimes.com/tv/news/hindi/rashmis-filmi-past/articleshow/5424149.cms.
  15. Maheshwari, Neha (12 February 2011). "Uttaran stars Rashmi-Nandish tie the knot". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/uttaran-stars-rashmi-nandish-tie-the-knot/articleshow/7475753.cms.
  16. "TV actors Rashami Desai, Nandish Sandhu file for divorce". Hindustan Times. 30 December 2015. http://www.hindustantimes.com/tv/tv-actors-rashami-desai-nandish-sandhu-file-for-divorce/story-e8VOnhcq4pSdINQmQSDr5N.html আহৰণ কৰা হৈছে: 8 July 2016.
  17. "Rashami Desai opens up about her divorce from Nandish Sandhu, says she was 'judged'" (en ভাষাত). Hindustan Times. 16 March 2021. https://www.hindustantimes.com/entertainment/tv/rashami-desai-opens-up-about-her-divorce-from-nandish-sandhu-says-she-was-judged-101615888194636.html.
  18. "Arhaan khan to propose Rashami Desai; here's an exclusive picture of the ring". The Times of India. 2 December 2019. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-heres-the-first-picture-of-the-ring-with-which-arhaan-khan-will-be-proposing-rashami-desai-on-bigg-boss-13/articleshow/72335744.cms.
  19. "Bigg Boss 13: Angry Salman Khan reveals Arhaan khan has a kid, leaves Rashami Desai shocked". Hindustan Times. 7 December 2019. https://www.hindustantimes.com/tv/bigg-boss-13-angry-salman-khan-reveals-arhaan-khan-has-a-kid-leaves-rashami-desai-shocked/story-bEwWYSrYLfDqZyp9SRWT5J_amp.html.
  20. "Bigg Boss 13: Rashami Desai and Arhaan Khan's relationship in trouble; here's what made them fall apart". The Times of India. 29 January 2020. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-13-rashami-desai-and-arhaan-khans-relationship-in-trouble-heres-what-made-them-fall-apart/photostory/73728079.cms আহৰণ কৰা হৈছে: 29 January 2020.
  21. "'Bigg Boss 13' Winner Sidharth Shukla REACTS To Rashami Desai & Arhaan Khan's BREAK-UP". 5 March 2020. https://news.abplive.com/entertainment/television/bigg-boss-13-winner-sidharth-shukla-reaction-on-rashami-desai-arhaan-khan-break-up-1170619 আহৰণ কৰা হৈছে: 5 March 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]