ৰসগোল্লা
![]() উৰিষ্যাৰ পহলা ৰসগোল্লা (বাওঁফালে) আৰু পশ্চিম বংগৰ বাংলা ৰসগোল্লা (সোঁফালে) | |
প্ৰকাৰ | চেনীৰসত তিয়াই থোৱা কোমল মিঠাই |
---|---|
প্ৰকাৰ | মিঠাই |
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | উৰিষ্যা, পশ্চিম বংগ |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল |
মুখ্য উপাদান | চানা, চেনী |
ভিন্ন প্ৰকাৰ | বঙালী ৰসগোল্লা, উৰিয়া ৰসগোল্লা |
ৰসগোল্লা (ইংৰাজী: Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনীৰ ৰসযুক্ত মিঠাই। ইয়াক চানাৰ গুৰিৰ বল আকৃতিৰ কৰি লৈ তৈয়াৰ কৰা হয় আৰু পাতল চেনীৰ ৰসত ডুবোৱা হয়। চেনীৰ ৰস বলটোৰ ভিতৰত সোমাই নোযোৱালৈ এই প্ৰক্ৰিয়া চলি থাকে।
এই মিঠাইৰ উৎপত্তি পূৰ্ব ভাৰতীয় উপমহাদেশত হোৱা বুলি প্ৰায় সাৰ্বজনীনভাৱে একমত হ'লেও পশ্চিম বংগ,[1][2] নে উৰিষ্যাত উৎপত্তি,[3] তাক লৈ বিতৰ্ক আছে। ইয়াক পুৰী জগন্নাথ মন্দিৰত আগবঢ়োৱা হয়।[4]
২০১৭ চনত যেতিয়া পশ্চিম বংগই নিজৰ ৰসগোল্লাৰ ভৌগোলিক সূচকৰ (GI) মৰ্যাদা লাভ কৰিছিল, তেতিয়া ভাৰতৰ পঞ্জীয়ন কাৰ্যালয়ে স্পষ্ট কৰিছিল যে পশ্চিম বংগক বাংলাৰ ৰসগোল্লাৰ বাবেহে জি আই মৰ্যাদা দিয়া হৈছিল আৰু উৰিষ্যায়ো ইয়াক দাবী কৰিব পাৰে যদিহে তেওঁলোকে ৰং, আকৃতি, সোৱাদ, ৰসৰ পৰিমাণ আৰু উৎপাদন পদ্ধতিৰ সৈতে ইয়াৰ উৎপত্তিস্থলৰ বিৱৰণ দিব পাৰে।[5] ২০১৯ চনত উৰিষ্যা চৰকাৰক "ওড়িয়া ৰসগোল্লা "ৰ বাবে ভৌগলিক সূচকৰ মৰ্যাদা প্ৰদান কৰা হয়।[6][7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Subodhchandra Sengupta (1960). Samsad Bangla Charitabhidhan. http://archive.org/details/SamsadBanglaCharitabhidhan.
- ↑ Ghosh, Bishwanath (15 November 2014). "Kolkata Chromosome: Like KC for 'rossogolla'" (en ভাষাত). mint. https://www.livemint.com/Leisure/J5jK255x5F6wpRll00gVFP/Kolkata-Chromosome-Like-KC-for-rossogolla.html। আহৰণ কৰা হৈছে: 24 August 2021.
- ↑ "Panel seal on rasgulla's Odisha origin". http://www.telegraphindia.com/1160714/jsp/frontpage/story_96633.jsp#.V_DfrHV97Qo.
- ↑ Sarat Chandra Mahapatra (1994). Car Festival of Lord Jagannath, Puri. প্ৰকাশক Puri: Sri Jagannath Research Centre. পৃষ্ঠা. 149. OCLC 967072714.
- ↑ "GI Certificate by Govt of India". http://ipindiaservices.gov.in/GI_DOC/533/533%20-%20Certificate%20of%20Registration%20-%2014-11-2017.pdf.
- ↑ "Sweet success: Odisha's Rasagola gets GI tag" (en-IN ভাষাত). The Indian Express. 29 July 2019. https://indianexpress.com/article/lifestyle/food-wine/odisha-receives-gi-tag-for-rasagola-5860795/.
- ↑ "Battle Over Origin of 'Rasgulla' Continues, After Odisha Files Petition Demanding Change of GI Tag". News18. https://www.news18.com/news/india/battle-over-origin-of-rasgulla-contines-after-odisha-files-petition-demanding-change-of-gi-tag-2056055.html.
- ↑ "Odisha Finally Gets Geographical Indication Tag For 'Odishara Rasagola'". Outlook. https://www.outlookindia.com/website/story/india-news-odisha-finally-gets-geographical-indication-tag-for-odishara-rasagola/335106। আহৰণ কৰা হৈছে: 29 July 2019.