ৰসনা আত্ৰেয়
| ৰসনা আত্ৰেয়া | |
|---|---|
| জন্ম | বেংগালুৰু, কৰ্ণাটক, ভাৰত |
| শিক্ষা | এম. এছ. (কম্পিউটাৰ ইঞ্জিনিয়াৰিং) |
| শিক্ষানুষ্ঠান | ওচমানিয়া বিশ্ববিদ্যালয়, হায়দৰাবাদ মাৰকুৱেট বিশ্ববিদ্যালয়, যুক্তৰাষ্ট্ৰ |
| পেচা | লেখিকা |
| জনা যায় | টেল এ থাউজেণ্ড লাইছ, টেম্পল ইজ নট মাই ফাদাৰ |
| ৱেবছাইট | |
| rasanaatreya | |
ৰসনা আত্ৰেয়া এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। তেওঁৰ প্ৰথম উপন্যাস টেল এ থাউজেণ্ড লাইছ ২০১২ চনৰ টিবৰ জোনছ ছাউথ এছিয়া পুৰস্কাৰৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল।[1] তেওঁ এলায়েন্স অৱ ইণ্ডিপেণ্ডেণ্ট অথৰ্ছৰ ভাৰতীয় দূত হিচাপেও কাৰ্যনিৰ্বাহ কৰে।[2]
জীৱনী
[সম্পাদনা কৰক]ৰসনাই দেশজুৰি কেন্দ্ৰীয় বিদ্যালয়সমূহত অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁ ওচমানিয়া বিশ্ববিদ্যালয়ৰপৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিঙত বি. ই. ডিগ্ৰী আৰু মাৰকুৱেট বিশ্ববিদ্যালয়, মিলৱকি, যুক্তৰাষ্ট্ৰৰপৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এম. এছ. ডিগ্ৰী লাভ কৰে। তেওঁ বে এৰিয়া উইমেন এগেইনষ্ট ৰেপ সংস্থাৰপৰা ‘ভলাণ্টিয়াৰ ৰেপ ক্ৰাইচিছ’ পৰামৰ্শদাতা হিচাপে প্ৰশিক্ষণো লাভ কৰে।
তেওঁ ‘দ্য ইণ্ডিয়া ৰিডাথন’ৰ প্ৰতিষ্ঠাতা, যি ভাৰতীয় উপমহাদেশ (ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, নেপাল আৰু মালদ্বীপ)ত পটভূমি থকা স্ব-প্ৰকাশিত গ্ৰন্থ (ই-বুক আৰু অডিঅ’) পাঠকৰ মাজত পৰিচয় কৰাই দিয়াৰ এক মঞ্চ। তেওঁৰ আন উপন্যাসসমূহ হৈছে টেম্পল ইজ নট মাই ফাদাৰ, ২৮ ইয়াৰ্ছ এ বেচেলৰ, আৰু ভেলি আইল ছিক্ৰেটছ (টবি নীলৰ ‘লেই ক্ৰাইম ছিৰিজ’ৰ ওপৰত আধাৰিত এখন কিণ্ডল ৱৰ্ল্ডছ নভেলা)।
সমালোচনামূলক স্বীকৃতি
[সম্পাদনা কৰক]টেল এ থাউজেণ্ড লাইছ ২০১২ চনৰ টিবৰ জোনছ ছাউথ এছিয়া পুৰস্কাৰৰ চূড়ান্ত তালিকাত স্থান লাভ কৰে।[3] তেওঁৰ প্ৰথম তিনিখন উপন্যাসত নাৰী-কেন্দ্ৰিক বিষয়-বস্তু প্ৰাধান্য পাইছে। ভেলি আইল ছিক্ৰেটছৰ জৰিয়তে তেওঁ থ্ৰিলাৰ ধাৰালৈ আগবাঢ়ে।
ৰসনাই পৰম্পৰাগত প্ৰকাশন চুক্তি অগ্ৰাহ্য কৰি নিজৰ গ্ৰন্থসমূহ স্ব-প্ৰকাশ কৰে।[4][5] ভাৰতৰ বহু আগশাৰীৰ প্ৰকাশনমাধ্যমে তেওঁক স্ব-প্ৰকাশন সম্পৰ্কে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে।[6]
কৰ্মশালা আৰু আলোচনাচক্ৰ
[সম্পাদনা কৰক]- পেনেলিষ্ট, ‘নেভিগেটিং দ্য ৰোড টু সেল্ফ পাব্লিশিং’, টাইমছ লিট ফেষ্ট, ৪ ডিচেম্বৰ ২০১৬।
- কৰ্মশালা, ‘দ্য আৰ্ট অৱ সেল্ফ পাব্লিশিং’, হায়দৰাবাদ লিট ফেষ্ট, ২৪ জানুৱাৰী ২০১৫।
- পেনেলিষ্ট, প্ৰকাশন বিষয়ক আলোচনা, হায়দৰাবাদ লিট ফেষ্ট, ২০ জানুৱাৰী ২০১৩।
- পেনেলিষ্ট, প্ৰকাশন বিষয়ক আলোচনা, জয়পুৰ সাহিত্য উৎসৱ, ২৪ জানুৱাৰী ২০১৩।
গ্ৰন্থ তালিকা
[সম্পাদনা কৰক]- টেল এ থাউজেণ্ড লাইছ
- টেম্পল ইজ নট মাই ফাদাৰ
- ২৮ ইয়াৰ্ছ এ বেচেলৰ
- ভেলি আইল ছিক্ৰেটছ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "SHORTLIST ANNOUNCED FOR THE FIRST ANNUAL TIBOR JONES SOUTH ASIA PRIZE". Tibor Jones Official Website. 16 December 2011. http://www.tiborjones.com/news/shortlist-announced-for-first-annual-tibor-jones-south-asia-prize। আহৰণ কৰা হৈছে: 20 May 2016.
- ↑ "What our Member Say – ALLi". ALLi. http://www.allianceindependentauthors.org/portfolio/what-our-members-say/। আহৰণ কৰা হৈছে: 20 May 2016.
- ↑ "Tibor Jones South Asia Prize shortlist". The Hindu. 31 December 2011. http://www.thehindu.com/books/tibor-jones-south-asia-prize-shortlist/article2763383.ece। আহৰণ কৰা হৈছে: 20 May 2016.
- ↑ "Aspiring authors take e-route to success". Times of India. 5 October 2014. https://www.indiatoday.in/india/story/aspiring-authors-take-e-route-to-success-208659-2014-10-05। আহৰণ কৰা হৈছে: 20 May 2016.
- ↑ "New breed of writers take to digital self-publishing". Hindustan Times. 21 July 2014. http://www.hindustantimes.com/books/new-breed-of-writers-take-to-digital-self-publishing/story-OgmC1hwVCBq9V2yvIRsQfJ.html। আহৰণ কৰা হৈছে: 20 May 2016.
- ↑ "Ebooks help out-of-print classics and pulp fiction return on e-readers". The Economic Times. 9 September 2014. Archived from the original on 24 June 2016. https://web.archive.org/web/20160624155050/http://articles.economictimes.indiatimes.com/2014-09-09/news/53731052_1_kindle-ebooks-app। আহৰণ কৰা হৈছে: 20 May 2016.