ৰহস্য গল্প
| ৰহস্য গল্প | |
|---|---|
| লেখক | প্ৰকল্প ৰঞ্জন ভাগৱতী (সম্পাদক) |
| প্ৰচ্ছদ শিল্পী | পংকজ পৰাণ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | গল্প |
| প্ৰকাশক | অসম সাহিত্য সভা |
| প্ৰকাশ | আগষ্ট, ২০২১ |
| মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ৩২৪ |
ৰহস্য গল্প (ইংৰাজী: Rahasya Galpa) অসমীয়া কল্পবিজ্ঞান, ৰহস্য আৰু ভৌতিক গল্পৰ এক নিৰ্বাচিত সংকলন। অসম সাহিত্য সভাই ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা সংকলনটো সম্পাদনা কৰিছে কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে।[1][2]
বিৱৰণ
[সম্পাদনা কৰক]সংকলনটোত মুঠ বাইছটা গল্প সন্নিৱিষ্ট হৈছে।[3] গল্পবোৰ তিনিটা শিতানত ভাগ কৰা হৈছে।[2] প্ৰথম শিতানত সন্নিৱিষ্ট হৈছে কল্পবিজ্ঞান গল্প। এই শিতানৰ গল্পকাৰসকল হ'ল শান্তনু তামুলী, দীনেশ চন্দ্ৰ গোস্বামী, বন্দিতা ফুকন, কুল শইকীয়া, অভিজিৎ শৰ্মা বৰুৱা, যুগললোচন দাস, জয়ন্ত কুমাৰ শৰ্মা, সমুদ্ৰ কাজল শইকীয়া আৰু ঈশানজ্যোতি বৰা। দ্বিতীয় শিতানত সন্নিৱিষ্ট হৈছে ৰহস্য গল্পখিনি। এই শিতানত সন্নিৱিষ্ট হোৱা গল্পকাৰসকল হ’ল ৰঞ্জু হাজৰিকা, কৌশিক দাস, অসীম তালুকদাৰ, গীতাঞ্জালি দেৱী, ৰামানুজ গোস্বামী আৰু যাদৱ বৰা। তৃতীয় শিতানত সন্নিৱিষ্ট হৈছে ভৌতিক গল্পখিনি। এই শিতানত সন্নিৱিষ্ট হোৱা গল্পকাৰ হ’ল বৈদুৰ্য বৰুৱা, উজ্বলা বৈশ্য, দীপাংক বৰা, প্ৰকল্প ৰঞ্জন ভাগৱতী, বিশ্বজিত খনিকৰ, দীপ শৰ্মা আৰু তুষাৰ ৰঞ্জন।[1][3]
সমালোচক আনন্দ বৰমুদৈয়ে সংকলনটিত সন্নিৱিষ্ট আটাইকেইটা গল্প পঠনীয় আৰু আনন্দদায়ক বুলি উল্লেখ কৰিছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ৰহস্য গল্প, সম্পাদক: প্ৰকল্প ৰঞ্জন ভাগৱতী, প্ৰকাশক: অসম সাহিত্য সভা, আগষ্ট, ২০২১।
- ↑ 2.0 2.1 https://scientiabooks.in/product/rahasya-galpa-short-science-fiction-mystery-and-ghost-stories/
- ↑ 3.0 3.1 'এৰাবাটৰ সোণ বোটলাৰ প্ৰয়াস', মৃদুল হালৈ, দৈনিক অসম, ২৭ ছেপ্টেম্বৰ, ২০২১।
- ↑ 'ৰহস্য গল্প', দৈনিক অগ্ৰদূত, ১০ জানুৱাৰী, ২০২২, পৃষ্ঠা ৫।