সমললৈ যাওক

ৰাগনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাগনী

১৯৪০ৰ দশকৰ আৰম্ভণিতে ৰাগনী
স্থানীয় নাম راگنی
জন্ম শ্বামছাদ বেগম
২২ অক্টোবৰ, ১৯২৪
গুজৰাণৱালা, পঞ্জাৱ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ২০০৭ (৮২ বছৰ)
লাহোৰ, পঞ্জাৱ, পাকিস্তান
সমাধিস্থল গুলবাৰ্গ গোৰস্থান, লাহোৰ
অন্য নাম শাদো
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪০–১৯৮৩

ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল। ভাৰত বিভাজনৰ পূৰ্বে তেওঁ বোম্বাই চলচ্চিত্ৰ উদ্যোগতো কাম কৰিছিল আৰু পিছলৈ পাকিস্তানত চলচ্চিত্ৰ জীৱন অব্যাহত ৰাখে।[1] তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত দুল্লা ভট্টী (১৯৪০), নেক পৰভিন (১৯৪৬), শ্বাহজেহান (১৯৪৬), বেদাৰী (১৯৫৭) আৰু অনাৰকলি (১৯৫৮) অন্তৰ্ভুক্ত।[2]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯২৪ চনত গুজৰাণৱালাত শ্বামছাদ বেগম নামেৰে জন্মগ্ৰহণ কৰা ৰাগনীৰ মাতৃৰ মৃত্যু হয় ৰাগনী অতি সৰু থাকোঁতে, আৰু তেওঁৰ পিতৃ ছেঠ দিৱান পৰমানন্দই তেওঁক লগত লৈ লাহোৰলৈ লৈ যায়, আৰু তেওঁলোক ফ্লেমিং ৰোডৰ এটা ঘৰত থাকে।[3] লাহোৰত চলচ্চিত্ৰ নিৰ্মাতা ৰোশন লাল শ্বোৰে ৰাগনিৰ প্ৰতিবেশী আছিল আৰু তেওঁক লক্ষ্য কৰি দিৱানক ৰাগনীক ছবিত অভিনয় কৰিবলৈ দিবলৈ পতিয়ন নিয়াইছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাগনীয়ে এম. ডি. কানোৱাৰৰ সৈতে পঞ্জাবী ছবি দুল্লা ভট্টী (১৯৪০)ত অভিনয় জীৱন আৰম্ভ কৰে। ছবিখন ৰূপ কে. শোৰেই প্ৰযোজনা কৰিছিল। ছবিখনে ডাঙৰ সফলতা লাভ কৰাৰ লগতে ৰাগনী ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰে। ইয়াৰ পিছত তেওঁ লাহোৰ-ভিত্তিক বহু হিন্দী আৰু পঞ্জাবী ছবিত অভিনয় কৰে, যেনে ছেহতী মুৰাদ (১৯৪১), নিশানি (১৯৪২), ৰবি পাৰ (১৯৪২), পুঞ্জী (১৯৪৩), দাসী (১৯৪৪), আৰু কাইসে কাহুঁ (১৯৪৫)।

১৯৪৫ চনত তেওঁ লাহোৰ এৰি বোম্বাইলৈ যায় আৰু এ. আৰ. কাৰ্দাৰৰ সৈতে কাম আৰম্ভ কৰে।[4] ১৯৪৬ চনত তেওঁ এছ. এম. ইউছুফৰ নেক পৰভিন ছবিত শিৰোনাম চৰিত্ৰত অভিনয় কৰে। ছবিখন বক্স অফিচত সফল হয় আৰু এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে তেওঁৰ স্থান সুদৃঢ় কৰে।[4][5] নেক পৰভিনৰ সফলতাৰ পিছত কাৰ্দাৰে তেওঁক শ্বাহজেহান ছবিত ৰুহীৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচন কৰে। কোৱা হয় যে এই ছবিখনৰ বাবে তেওঁ এক লাখ টকা পাৰিশ্ৰমিক লাভ কৰিছিল, যাৰ ফলত তেওঁ সেই সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল।[4]

ভাৰত বিভাজনৰ পিছত ৰাগনীয়ে পাকিস্তানলৈ গুচি যায়, যদিও তাৰ পিছতো তেওঁ দুয়োখন দেশৰ কিছু ছবিত অভিনয় কৰিছিল।[4]

১৯৪৯ চনত ইলিয়াছ কাশ্মীৰীৰ সৈতে তেওঁৰ প্ৰথম পাকিস্তানী পঞ্জাবী ছবি মুণ্ড্ৰি (১৯৪৯) মুক্তি পায়। তাৰ পিছত তেওঁ অকায়েলি, নাজৰানা, বেদাৰী, কুণ্ডন আৰু জাঞ্জীৰ আদি ছবিত অভিনয় কৰে। ইয়াৰ উপৰি হুছন-ও-ইশ্ক, গুমনাম, গুলাম, দুনিয়া না মানে, মিৰ্জা জাট আৰু আব-ই-হায়াত আদি ছবিতো তেওঁ সফল অভিনয় আগবঢ়ায়।[5]

১৯৫৮ চনত তেওঁ নূৰ জেহান আৰু ছামিম আৰাৰ সৈতে অনাৰকলি ছবিত বিৰোধী ‘ডিলাৰাম’ৰ চৰিত্ৰত অভিনয় কৰে। পিছলৈ তেওঁ নৌকৰ ছবিত অভিনয় কৰে, যিখন ছবি এখন সফল হিট ছবি আছিল। দীঘলীয়া কেৰিয়াৰৰ সময়ছোৱাত ৰাগনীয়ে প্ৰায় ষাঠিৰো অধিক ছবিত অভিনয় কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৪০ চনৰ আৰম্ভণিতে ৰাগনীয়ে মহম্মদ আচলামৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহ বেছি দিন স্থায়ী নহ’লেও প্ৰথম বিবাহৰপৰা তেওঁৰ দুটা সন্তান আছিল — ছাইৰা আৰু আবিদ।[4] ১৯৪৭ চনত তেওঁ পুনৰ বিবাহ কৰে আৰু প্ৰযোজক তথা অভিনেতা এছ. গুলৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰে, যাৰ সৈতে তেওঁ বেকাৰাৰ ছবিতো কাম কৰিছিল।[5] পিছলৈ তেওঁৰ পুত্ৰ আবিদ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু কন্যা ছাইৰা বিয়া হৈ কৰাচীলৈ গুচি যায়।[5]

অসুস্থতা আৰু মৃত্যু

[সম্পাদনা কৰক]

স্বামীৰ মৃত্যুৰ পাছত ৰাগনীয়ে পুনৰ বিবাহ নকৰে আৰু লাহোৰৰ গুলবাৰ্গ অঞ্চলত বাস কৰে, যদিও কন্যা ছাইৰাৰ সৈতে তেওঁৰ সম্পৰ্ক অব্যাহত থাকে।[4] পুত্ৰৰ মৃত্যুত তেওঁ গভীৰভাৱে মৰ্মাহত হয়, যাৰ প্ৰভাৱ তেওঁৰ স্বাস্থ্যত পৰে।[4] ২০০৭ চনত অসুস্থ হৈ পৰাত তেওঁক লাহোৰৰ চাৰ্ভিচেছ হাস্পতালত ভৰ্তি কৰোৱা হয়।[4] অৱস্থা গুৰুতৰ হৈ পৰাত ২৭ ফেব্ৰুৱাৰী ২০০৭ তাৰিখে ৮২ বছৰ বয়সত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[4]

নেক পৰভিন ছবিৰ এটা লবি কাৰ্ড

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Remembering Ragni: The almond-eyed beauty of yesteryear". Dawn. 27 February 2014. https://www.dawn.com/news/1072411 আহৰণ কৰা হৈছে: 30 August 2024.
  2. "Ragni". Complete Index To World Film. https://www.citwf.com/person360906.htm আহৰণ কৰা হৈছে: 30 August 2024.
  3. 1 2 "Remembering Ragni: The almond-eyed beauty of yesteryear". Dawn. 27 February 2014. https://www.dawn.com/news/1072411 আহৰণ কৰা হৈছে: 30 August 2024.
  4. 1 2 3 4 5 6 7 8 9 "Remembering Ragni: The almond-eyed beauty of yesteryear". Dawn. 27 February 2014. https://www.dawn.com/news/1072411 আহৰণ কৰা হৈছে: 30 August 2024.
  5. 1 2 3 4 "Ragni". Complete Index To World Film. https://www.citwf.com/person360906.htm আহৰণ কৰা হৈছে: 30 August 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]