সমললৈ যাওক

ৰাগনৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বাদশ শতিকাৰ উৰ্নেছ ষ্টেভ গীৰ্জাৰ উত্তৰ প্ৰৱেশদ্বাৰত থকা সাপ আৰু ড্ৰেগনৰ চিত্ৰই ৰাগনৰকক প্ৰতিনিধিত্ব কৰা বুলি ব্যাখ্যা কৰা হৈছে।

ৰাগনৰক (ইংৰাজী: Ragnarök,[1][2]) নৰ্ছ শ্ৰুতিকথাত বৰ্ণনা কৰা এলানী ভৱিষ্যত পৰিঘটনাৰ শৃংখলা৷ এই পৰিঘটনাবোৰৰ ভিতৰত অসংখ্য মহান নৰ্ছ পৌৰাণিক ব্যক্তিত্বসমূহ বিনষ্ট হ'ব (দেৱতা অডিন, থৰ, টাইৰ, ফ্ৰেয়াৰ, হেইমডাল আৰু ল’কিকে ধৰি) বুলি উল্লেখ কৰা এখন বৃহৎ যুদ্ধও অন্তৰ্ভুক্ত৷[3] ৰাগনৰক ফলত পৃথিৱীখন জ্বলি যোৱাকে ধৰি এক বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগৰ শৃংখলা সংঘটিত হ'ব আৰু পৃথিৱীখন পানীৰ তলত ডুব যাব বুলিও কোৱা হৈছে। এই ধ্বংশৰ পিছত পৃথিৱীখন পুনৰ উত্থান হ’ব, পৰিষ্কাৰ আৰু উৰ্বৰ হ’ব, জীয়াই থকা আৰু পুনৰজীৱন লাভ কৰা দেৱতাসকল একত্ৰিত হ’ব আৰু দুজন মানৱ জীৱিত ব্যক্তি লিফ আৰু লিফথ্ৰাছিৰ পৰা পৃথিৱীত পুনৰ মানৱ জাতিৰ বিকাশ হ’ব। ৰাগনৰক নৰ্ছ পৌৰাণিক কাহিনীৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা আৰু ই জাৰ্মানিক অধ্যয়নৰ ইতিহাসত বিদ্বানসকলৰ বক্তৃতা আৰু তত্ত্বৰ বিষয়বস্তু হৈ আহিছে।

এই পৰিঘটনাৰ প্ৰমাণ মূলতঃ ত্ৰয়োদশ শতিকাত পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত স্ন’ৰী ষ্টাৰলুছনে লিখা গদ্য এড্ডাত পোৱা গৈছে। গদ্য এড্ডাত আৰু কাব্যিক এড্ডাত এটা কবিতাত এই পৰিঘটনাটোক ′Ragnarøkkr′ (পুৰণি নৰ্ছ ভাষাত 'ভগৱানৰ গধূলি') বুলি উল্লেখ কৰা হৈছে৷ এই শব্দটো ১৯ শতিকাৰ সুৰকাৰ ৰিচাৰ্ড ৱেগনাৰে (Richard Wagner) তেওঁৰ অন্তিম অপেৰা ‘ডেৰ ৰিং ডেছ নিবেলুংগেন’ত ‘Götterdämmerung’ (১৮৭৬) শিৰোনামৰ জনপ্ৰিয় অপেৰাত ব্যৱহাৰ কৰিছিল, যাৰ জাৰ্মান অৰ্থ হৈছে "ভগৱানৰ সন্ধিয়া"।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Ragnarök". Collins English Dictionary. HarperCollins. https://www.collinsdictionary.com/dictionary/english/ragnarok আহৰণ কৰা হৈছে: 11 May 2019.
  2. "Ragnarök" (US) and "Ragnarök". Oxford Dictionaries UK English Dictionary. Oxford University Press.[সংযোগবিহীন উৎস]
  3. Mark, Joshua J.. "Ragnarök" (en ভাষাত). World History Encyclopedia. https://www.worldhistory.org/Ragnarok/ আহৰণ কৰা হৈছে: 2023-12-16.