ৰাগিনী খান্না
| ৰাগিনী খান্না | |
|---|---|
২০১৭ চনত খান্না | |
| জন্ম | ৯ ডিচেম্বৰ, ১৯৮৪ (৪১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–২০২১ |
| আত্মীয়-স্বজন |
|
ৰাগিনী খান্না (জন্ম: ৯ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, মডেল, কৌতুক অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন হষ্ট।[1] তেওঁ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ (২০১৩)[2] আৰু ‘গেংছ অৱ হাচীপুৰ’ (২০১৪)ৰ দৰে বিভিন্ন ৰিয়েলিটি শ্ব’ৰ আঁত ধৰিছে।[3] তেওঁ ‘ভাস্কৰ ভাৰতী’ত ভাৰতী আৰু ‘চশুৰাল গেণ্ডা ফুল’ত সুহানা কাশ্যপৰ চৰিত্ৰৰ বাবে আটাইতকৈ বেছি পৰিচিত। ২০১০ চনত তেওঁ ‘ঝলক দিখলা যা ৪’ৰ এগৰাকী প্ৰতিযোগী আছিল। ইয়াৰ উপৰি তেওঁ ‘কমেডী নাইটছ উইথ কপিল’ত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰাগিনী খান্নাৰ পিতৃ-মাতৃ হ’ল প্ৰবীণ খান্না আৰু কামিনী খান্না। তেওঁ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান। তেওঁৰ জ্যেষ্ঠ ভাতৃ অমিত খান্নাও এজন অভিনেতা আৰু তেওঁ ‘য়ে দিল চাহে মোৰ’ৰ দৰে ধাৰাবাহিকত কাম কৰিছে। তেওঁৰ মাতৃ কামিনী খান্না এগৰাকী লেখিকা, সংগীত পৰিচালক, গায়িকা, এংকৰ আৰু ‘বিউটি উইথ এষ্ট্ৰ’লজী’ৰ প্ৰতিষ্ঠাপক।[4] ৰাগিনী শাস্ত্ৰীয় সংগীতশিল্পী নিৰ্মলা দেৱী আৰু ১৯৪০ চনৰ জনপ্ৰিয় অভিনেতা অৰুণ কুমাৰ আহুজাৰ নাতিনী। ইয়াৰ উপৰি তেওঁ ভাৰতীয় অভিনেতা গোবিন্দৰ ভাগিনী (ভনীয়েকৰ ছোৱালী) আৰু কৃষ্ণা অভিষেক (অভিনেতা, ষ্টেণ্ড-আপ কমেডিয়ান), আৰতি সিং (টেলিভিছন অভিনেত্ৰী) তথা সৌম্যা শেঠৰ (টেলিভিছন অভিনেত্ৰী) সম্পৰ্কীয় ভগ্নী।[5] ২০১৫ চনৰ অক্টোবৰ মাহত ৰাগিনীৰ পিতৃৰ মৃত্যু হয়।[6]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]হিন্দুস্তান টাইমছৰ এক জৰীপত জে.ডি. মজেঠিয়া, বৰুণ বাদোলা আৰু ৰাজন শাহীয়ে খান্নাক টেলিভিছনৰ "পৰৱৰ্তী ডাঙৰ তাৰকা" (Next Big Thing) বুলি অভিহিত কৰিছিল। তেওঁলোকে অভিনেত্ৰীগৰাকীৰ প্ৰতিভা, চেহেৰা আৰু আৱেগ প্ৰকাশৰ ক্ষমতাৰ প্ৰশংসা কৰিছিল।[7] হিন্দুস্তান টাইমছে তেওঁক টেলিভিছনৰ অন্যতম "আটাইতকৈ সজীৱ অভিনেত্ৰী" বুলিও আখ্যা দিছিল।[7]

খান্না তেওঁৰ স্পষ্টবাদী আৰু দৃঢ় স্বভাৱৰ বাবে পৰিচিত। তেওঁ নৱৰাত্ৰিৰ দৰে উৎসৱৰ বাণিজ্যিকীকৰণকে ধৰি বিভিন্ন বিষয়ত মুকলিকৈ মাত মাতি আহিছে।[8] ইয়াৰ উপৰি তেওঁ কেইবাটাও বিতৰ্কৰ সৈতেও জড়িত হৈ পৰিছিল। ‘ষ্টাৰ ইয়া ৰকষ্টাৰ’ অনুষ্ঠানৰ সময়ত যেতিয়া তেওঁৰ সহ-প্ৰতিযোগীসকলে আন এগৰাকী প্ৰতিযোগী ছবি মিত্তলৰ অভিনয়ৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল, তেতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰতিৰক্ষামূলক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।[9] শ্ব’টোৰপৰা বাহিৰ হোৱাৰ পিছত এটা সাক্ষাৎকাৰত খান্নাই কৈছিল, "ছবি যেতিয়াই নিজৰ পৰিৱেশনক লৈ চিন্তিত হৈছিল, মই সদায় তাইক উৎসাহিত কৰিছিলোঁ। মোৰ এটা বিশেষ ব্যক্তিত্ব আছে যাৰ বাবে মানুহে মোক ভাল পায়। যিসকল লোকে মোৰ সৈতে ভাল ব্যৱহাৰ কৰে, ময়ো তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰোঁ। মই বিনা কাৰণত কাৰো ওপৰত খং নকৰোঁ।" [10] লাইফ ওকে-ৰ পাকঘৰ ভিত্তিক অনুষ্ঠান ‘ৱেলকাম’ৰ সময়ত খান্না আৰু তেওঁৰ সহ-প্ৰতিযোগী নিগাৰ খানৰ মাজত তৰ্ক হোৱা দেখা গৈছিল।[11] খান্নাই তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে চেনেলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল আৰু দাবী কৰিছিল যে শ্ব’টোৰ এটা খণ্ডত তেওঁৰ মাতৃৰ নামটো অপমানজনকভাৱে ভুলকৈ উচ্চাৰণ কৰা হৈছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "There's nothing real about reality shows: Ragini Khanna - Times of India". 3 March 2013. https://timesofindia.indiatimes.com/tv/news/hindi/Theres-nothing-real-about-reality-shows-Ragini-Khanna/articleshow/18765736.cms.
- ↑ "Zee TV's mobile app crosses '1 million downloads' mark". Indian Television Dot Com. 22 April 2013. https://www.indiantelevision.com/headlines/y2k13/apr/apr182.php। আহৰণ কৰা হৈছে: 10 December 2019.
- ↑ "Vote for Gangs of Hasseepur - Times of India". 18 April 2014. https://timesofindia.indiatimes.com/tv/news/hindi/Gangs-of-Hasseepur-Mandira-Bedi-and-Tanishaa-Mukherjee-will-step-in-as-the-Hasseepur-ki-Haseenayein/articleshow/33895186.cms.
- ↑ "Beauty with Astrology by Kaamini Khanna". Archived from the original on 7 March 2022. https://web.archive.org/web/20220307011101/http://beautywithastrology.com/bwa/। আহৰণ কৰা হৈছে: 10 December 2019.
- ↑ "I never wanted to be an actor: Ragini - Times of India". 11 June 2009. https://timesofindia.indiatimes.com/tv/news/hindi/I-never-wanted-to-be-an-actor-Ragini/articleshow/4640263.cms.
- ↑ "TV actors who passed away in last 2 years" (en ভাষাত). The Times of India. 27 April 2014. https://timesofindia.indiatimes.com/tv/news/hindi//photostory/34286297.cms.
- 1 2 "The Next Big Thing: Television actors". Hindustan Times. 3 January 2011. https://www.hindustantimes.com/tv/the-next-big-thing-television-actors/story-oJmxshkecjlUldspVsmshJ.html। আহৰণ কৰা হৈছে: 24 July 2021.
- ↑ "Ragini Khanna speaks on commercialization of festivals". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009084551/http://www.filmitown.com/2012/10/17/ragini-khanna-speaks-on-commercialization-of-festivals/.
- ↑ "Ragini smells conspiracy on 'Star Ya Rockstar'!". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Ragini-smells-conspiracy-on-Star-Ya-Rockstar/articleshow/10653447.cms.
- ↑ "I don't throw tantrums: Ragini Khanna". The Times of India. 25 November 2011. https://timesofindia.indiatimes.com/tv/news/hindi/I-dont-throw-tantrums-Ragini-Khanna/articleshow/10855441.cms.
- ↑ "Catfights continue between Ragini Khanna and Nigaar Khan". http://www.metromasti.com/tv/gossip/Catfights-continue-between-Ragini-Khanna-Nigaar-Khan-in-Welcome/24219.
- ↑ "Ragini Khanna irked with Life OK and their show 'Welcome'". dailybhaskar. 26 January 2013. Archived from the original on 18 April 2019. https://web.archive.org/web/20190418025149/https://daily.bhaskar.com/news/ENT-ragini-khanna-irked-with-life-ok-and-their-show----welcome----4159956-NOR.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰাগিনী খান্না সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- [http:// আধিকাৰিক ৱেবছাইট]
- ৰাগিনী খান্না সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ৰাগিনী খান্না সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
