ৰাগেশ্বৰী লুম্বা
ৰাগেশ্বৰী | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম নাম | ৰাগেশ্বৰী লুম্বা |
| জন্ম | ২৫ জুলাই, ১৯৭৭ (৪৯ বছৰ) [1] |
| সংগীতৰ ধৰণ | ভাৰতীয় পপ, চুফী, আধ্যাত্মিক সংগীত |
| পেচা | গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব |
| সক্ৰিয়তাৰ বছৰ | ১৯৯৩–বৰ্তমান |
| লেবেল | বিএমজি মিউজিক, মেগনাচাউণ্ড, সাৰেগামা, ভিনাচ |
ৰাগেশ্বৰী লুম্বা (ইংৰাজী: Raageshwari Loomba) এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মাইণ্ডফুলনেছ স্পীকাৰ।
জীৱনী
[সম্পাদনা কৰক]ৰাগেশ্বৰীয়ে অক্সিলিয়াম কনভেণ্ট হাইস্কুলত পঢ়া-শুনা কৰিছিল।[2]
কিশোৰী অৱস্থাতে ৰাগেশ্বৰীয়ে ১৯৯৩ চনৰ ছবি আঁখেৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ মেইন খিলাড়ী তু অনাৰী (১৯৯৪), জিদ (১৯৯৪) আৰু দিল কিতনা নাদান হ্যায়ত অভিনয় কৰে।
ৰাগেশ্বৰীয়ে সমগ্ৰ ভাৰতত এলানি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ ক'কা-ক'লাৰ সৈতে এক চুক্তিবদ্ধ হৈছিল।[3]
২০০০ চনত ৰাগেশ্বৰী আৰু তেওঁৰ পিতৃয়ে একেলগে আন এটা এলবাম ‘ৱাই টু কে চিল দো হাজাৰ’ (Y2K Saal Do Hazaar) নিৰ্মাণ কৰে। "ইক্কি চিক্কি চিকিটা" শীৰ্ষক ভিডিঅ'টোৰ শ্বুটিং কৰি থকা সময়ত ৰাগেশ্বৰী মেলেৰিয়াত আক্ৰান্ত হৈ আছিল। ২০০০ চনৰ প্ৰাকক্ষণত এটা সংগীতানুষ্ঠানৰ জৰিয়তে এলবামটো মুকলি কৰা হৈছিল। সেই অনুষ্ঠানটোৰ ঠিক এসপ্তাহৰ পিছতে ৰাগেশ্বৰীৰ ‘বেলছ পালচি’ (Bell's palsy) ধৰা পৰে,[4] যাৰ ফলত তেওঁৰ মুখমণ্ডলৰ বাঁওফালৰ অংশ পক্ষাঘাতগ্ৰস্ত হয় আৰু কথা কোৱাতো অসুবিধাৰ সৃষ্টি হয়। পৰৱৰ্তী বছৰটোত তেওঁ ফিজিঅ’থেৰাপী, ইলেক্ট্ৰিকেল ষ্টিমুলেচন আৰু যোগাসনৰ সহায়ত নিজকে সুস্থ কৰি তোলে। তেওঁ এমটিভিৰ এক দো তিন আৰু বাৰ বাৰ দেখো, ছোনীত কুছ কেহতী হ্যায় য়ে ধুন, বিবিচিৰ বাবে কুৱেষ্ট আৰু টেন স্পৰ্টছত ৱান অন ৱান উইথ ৰাগেশ্বৰী আদি টেলিভিছন শ্ব’ কৰিছিল।
২০১৪ চনৰ ২৭ জানুৱাৰীত মুম্বাইত লণ্ডন নিবাসী মানৱ অধিকাৰ কৰ্মী তথা অধিবক্তা সুধাংশু স্বৰূপ কেচিৰ সৈতে ৰাগেশ্বৰী বিবাহপাশত আবদ্ধ হয়।[5] ২০১৬ চনৰ ১১ ফেব্ৰুৱাৰীত লণ্ডনত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "BDay Special: सैफ की इस हीरोइन को हुआ था पैरालिसिस अटैक, योग ने दी नई जिंदगी" (hi ভাষাত). Zee-Hindi. 2020-07-24. https://zeenews.india.com/hindi/entertainment/bollywood/on-birthday-of-raageshwari-loomba-know-her-unknown-life-facts/717125। আহৰণ কৰা হৈছে: 2025-11-09.
- ↑ "18 till i die with Raageshwari Loomba". DNA. 23 February 2007. http://www.dnaindia.com/report.asp?NewsID=1081710। আহৰণ কৰা হৈছে: 17 August 2007.
- ↑ Surabhi Khosla (31 March 2000). "Life is a song". Indian Express. Archived from the original on 30 September 2007. https://web.archive.org/web/20070930165125/http://www.financialexpress.com/old/fe/daily/20000331/faf26061.html। আহৰণ কৰা হৈছে: 17 August 2007.
- ↑ Reema Gehi (12 May 2007). "A magical bond". LifeStyle. Hindustan Times, Mumbai. Archived from the original on 27 September 2007. https://web.archive.org/web/20070927195846/http://www.hindustantimes.com/StoryPage/StoryPage.aspx?id=fe5bf953-e52f-4126-9165-6acf27cc0f67&&Headline=A+magical+bond। আহৰণ কৰা হৈছে: 17 August 2007.
- ↑ Bhowmik, Arijita (29 January 2014). "Singer Raageshwari Marries London Barrister Sudhanshu Swaroop [PHOTOS"]. www.ibtimes.co.in. https://www.ibtimes.co.in/singer-raageshwari-marries-london-barrister-sudhanshu-swaroop-photos-536409.
- ↑ "Raageshwari blessed with a baby girl - Times of India". 16 January 2017. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/raageshwari-blessed-with-a-baby-girl/articleshow/51140570.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ৰাগেশ্বৰী লুম্বা সম্পৰ্কীয় মিডিয়া ফাইল।- Official website
- Raageshwari সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।