ৰাগ ঐনিতম
অৱয়ব
| ৰাগ ঐনিতম | |
|---|---|
| স্থানীয় নাম | দীপজ্যোতি বৰা |
| জন্ম | ২২ জুলাই গুৱাহাটী, অসম, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেতা, মডেল |
| ধৰ্ম | হিন্দু |
ৰাগ ঐনিতম (ইংৰাজী: Raag Oinitom) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত জীৱন বাটৰ লগৰী (চলচ্চিত্ৰ), জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) অন্যতম। তেওঁ ৫০খনৰো ওপৰত VCD-ত অভিনয় কৰিছে আৰু অভিনয় কৰা VCD-সমূহৰ ভিতৰত কেইখনমান হ’ল জানমণি, জোনবাই, আগোমাই, অঞ্জনা, মৰমজান, অচিনাকী মন, পখিলা, বহাগৰ নাচনী, "মা কামাখ্যা, "ঝুমকা ইত্যাদি৷
শিক্ষা
[সম্পাদনা কৰক]দেউতাকৰ চৰকাৰী চাকৰিৰ বাবে দেউতাকৰ ঠাই দিনত ৰাগে এখন স্কুলত পঢ়িব পৰা নাছিল৷ ৰাগে প্ৰথমাৱস্থাত কাৰ্বি আংলংৰ JIRIKINI L.P SCHOOL-ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু ক্ৰমে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয় পৰা শিক্ষা গ্ৰহণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|---|
| ২০০৭ | তোমাৰ বাবে | উৎপল দাস | প্ৰথম চলচিত্ৰ | |
| ২০০৯ | জীৱন বাটৰ লগৰী | মহেন | তিমথি দাস সান্সে | |
| ২০১১ | জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) | যদুমণি দত্ত | ৰাষ্ট্ৰীয় বঁটা বিজয়ী | |
| ২০১১ | তোমাৰ খবৰ | ৰাজীব বৰা | ||
| ২০১৩ | বাঁকৰ পুতেক | চন্দ্ৰ মুদৈ | ||
| ২০১৪ | জিলমিল জোনাক | শিবানন বৰুৱা | ||
| ২০১৫ | আৰোহী | অৰূপ মান্না | ||
| ২০১৬ | সাত নম্বৰৰ সন্ধানত | আব্দুল মজিদ | ||
| ২০১৮ | অজানিতে মনে মনে |
উপকুল বৰদলৈ |
||
| ২০২২ | গংগা-এখনি বোৱঁতী হিয়া | উকীল | মনি সিংহা | |
| ২০২২ | ৰণ | পুলিচ অফিচাৰ | ব্ৰজেন বৰা | |
| ২০২৫ | ঝংকাৰ | হেম চন্দ্ৰ বৰা | ||
| TBA | ৰাজা ৰাম | Dual Role | As a Director Debut |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | পুৰস্কাৰ | চলচ্চিত্ৰ | মনোনয়ন | ফলাফল |
|---|---|---|---|---|
| ২০১১ | প্ৰাগ চিনে এৱৰ্ড | জেতুকা পাতৰ দৰে | শ্ৰেষ্ঠ অভিনেতা | মনোনীত |