সমললৈ যাওক

ৰাচেল ফিঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাচেল ফিঞ্চ

২০১২ চনৰ এপ্ৰিল মাহত ফিঞ্চ
জন্ম ৮ জুলাই, ১৯৮৮ (৩৮ বছৰ)
টাউনচভিল, কুইনচলেণ্ড, অষ্ট্ৰেলিয়া
উচ্চতা ১.৭৭ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী মাইকেল মিজিনাৰ (বি. ২০১৩)
সন্তান ২
'Beauty pageant titleholder'
Title মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০০৯
Hair color পাতল মুগা
Eye color মুগা
Major
competition(s)
মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০০৯
(বিজেতা)
মিছ ইউনিভাৰ্ছ ২০০৯
(তৃতীয় ৰানাৰ-আপ)

ৰাচেল ফিঞ্চ (ইংৰাজী: Rachael Finch; জন্ম: ৮ জুলাই ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন পৰিচালিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৬ চনৰ মিছ টিন অষ্ট্ৰেলিয়াৰ 'পিপলছ চয়েচ এৱাৰ্ড' লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৯ ত তৃতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৪ চনত 'কুইনচলেণ্ড মডেল অৱ দ্য ইয়াৰ' খিতাপ জয় কৰাৰ লগে লগে ফিঞ্চৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয়। ২০০৯ চনৰ ২২ এপ্ৰিলত তেওঁ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০০৯ চনৰ ২৩ আগষ্টত বাহামাছত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০৯ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে। মিছ ইউনিভাৰ্ছৰ অভিযানৰ সময়ত তেওঁ মিছ ইউ.এছ.এ. ক্ৰিষ্টেন ডাল্টনৰ সৈতে একেটা কোঠাতে আছিল।

টেলিভিছন

[সম্পাদনা কৰক]

ফিঞ্চ ২০০৯ চনত 'চেলিব্ৰিটি মাষ্টাৰচেফ অষ্ট্ৰেলিয়া'ৰ প্ৰথম ছিজনৰ এগৰাকী প্ৰতিযোগী আছিল। তেওঁ এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড-ফাইনেলত প্ৰৱেশ কৰি সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰিছিল। ইয়াৰ উপৰি ফিঞ্চে ২০১০ চনৰ 'ডান্সিং উইথ দ্য ষ্টাৰ্ছ' ধাৰাবাহিকখনত অংশ লৈছিল।

টেলিভিছনত তেওঁ 'চেনেল ৭'ৰ ৰাতিপুৱাৰ জলপানৰ অনুষ্ঠান 'চানৰাইজ'ত দৈনিক বতৰৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰিছিল।[1] তেওঁ 'চেভেন নেটৱৰ্ক'ৰ হৈ বৰ্তমানৰ পৰিক্ৰমা আৰু ক্ৰীড়া সম্প্ৰচাৰৰ কেইবাটাও কাৰ্যসূচীত প্ৰতিবেদক (reporter) হিচাপে কাম কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়ান অপেন, মেলবৰ্ণ কাপ আৰু অলিম্পিক গেমছৰ দৰে অনুষ্ঠানসমূহ কভাৰ কৰিছে।[2]

'ডান্সিং উইথ দ্য ষ্টাৰ্ছ'ৰ প্ৰদৰ্শন

[সম্পাদনা কৰক]

২০১০ চনৰ শেষৰফালে ৰাচেল ফিঞ্চে 'ডান্সিং উইথ দ্য ষ্টাৰ্ছ'ৰ দশম ছিজনত যোগদান কৰে। ফিঞ্চৰ সঙ্গী আছিল মাইকেল মিজিনাৰ। উচ্চ নম্বৰ লাভ কৰা সত্ত্বেও ২০১০ চনৰ ১ আগষ্টত ফিঞ্চ আৰু মিজিনাৰ পঞ্চমটো দম্পতী হিচাপে খেলৰপৰা বাহিৰ হয়।

সপ্তাহ নৃত্য/গান বিচাৰকৰ নম্বৰ মুঠ নম্বৰ ফলাফল
টড হেলেন মাৰ্ক
১ চা-চা-চা / "টেলিফোন" ৭ ৮ ৮ ২৩ সুৰক্ষিত
২ টেংগো / "অবজেকশ্যন" ৩ ৭ ৭ ১৭ সুৰক্ষিত
৩ পাছো ডাবল / "উড আই লাই টু ইউ?" ৭ ৮ ৮ ২৩ সুৰক্ষিত
৪ কুইকষ্টেপ / "ভেলেৰী" ৭ ৮ ৮ ২৩ সুৰক্ষিত
৫ চাম্বা / "হে বেবী" ৯ ৯ ৯ ২৭ সুৰক্ষিত
৬ অজি স্মুথ / "বেড ডে" ৬ ৭ ৭ ২০ বাহিৰ হ’ল

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ফিঞ্চ পিতৃপক্ষৰফালৰপৰা আধা-অংলো-চেলটিক অষ্ট্ৰেলিয়ান আৰু মাতৃপক্ষৰফালৰপৰা আধা-ইউক্ৰেইনীয়।[3]

২০১৩ চনৰ ৩ জানুৱাৰীত ফিঞ্চে তেওঁৰ পূৰ্বৰ ডান্সিং পাৰ্টনাৰ মাইকেল মিজিনাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4] ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ফিঞ্চে তেওঁৰ প্ৰথম সন্তান (কন্যা) ভায়োলেট ৰাচেল মিজিনাৰক জন্ম দিয়ে। ২০১৭ চনৰ মাৰ্চ মাহত তেওঁৰ দ্বিতীয় সন্তান ডমিনিক মাইকেল মিজিনাৰ জন্ম হয়। তেওঁ আৰু তেওঁৰ স্বামীয়ে ২০১৯ চনত 'কিচড আৰ্থ' নামৰ এটা প্ৰাকৃতিক প্ৰসাধন সামগ্ৰীৰ কোম্পানী মুকলি কৰে।[5]

২০২২ চনত ফিঞ্চে প্ৰকাশ কৰিছিল যে মডেলিং কৰি থকাৰ সময়ত তেওঁ খাদ্য গ্ৰহণৰ বিকাৰত ভুগিছিল। লগতে তেওঁ যোৱা ১৭ বছৰ ধৰি ব্যৱহাৰ কৰি থকা বক্ষ সংৰোপণ আঁতৰাই পেলাইছিল কাৰণ ইয়াৰ এটা ফুটি গৈছিল।[6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Finch strips for charity". The West. 21 December 2010. https://thewest.com.au/entertainment/celebrity-gossip/finch-strips-for-charity-ng-ya-186936। আহৰণ কৰা হৈছে: 28 August 2022.
  2. ↑ "Melbourne Cup beauty Rachael Finch back in the saddle for Channel Seven". Herald Sun. https://www.heraldsun.com.au/features/spring-racing-carnival/melbourne-cup-beauty-rachael-finch-back-in-the-saddle-for-channel-seven/news-story/01fbe0124a93b1d2b1c945ffc0022649। আহৰণ কৰা হৈছে: 28 August 2022.
  3. ↑ Katherine Field (29 October 2009). "Miss Universe Australia Rachael Finch into Celebrity MasterChef semi-finals". dailytelegraph.com.au. http://www.dailytelegraph.com.au/entertainment/tv/miss-universe-australia-rachael-finch-into-celebrity-masterchef-semi-finals/story-e6frexlr-1225792258351.
  4. ↑ Casamento, Jo. "Rachael Finch and Michael Miziner Married". The Sydney Morning Herald. http://www.smh.com.au/lifestyle/celebrity/rachael-finch-marries-20130103-2c6tk.html। আহৰণ কৰা হৈছে: 2 January 2014.
  5. ↑ "Rachael Finch: 'I no longer need to be defined by the size of my breasts'". Body and Soul. 10 April 2022. https://www.bodyandsoul.com.au/lifestyle/rachael-finch-i-no-longer-need-to-be-defined-by-the-size-of-my-breasts/news-story/0934091cd0e8ccc9091803379ddd83d1। আহৰণ কৰা হৈছে: 28 August 2022.
  6. ↑ "How Miss Universe winner's dreamy sleep routine revealed dire health issue". The New Zealand Herald. 6 June 2022. https://www.nzherald.co.nz/lifestyle/how-miss-universe-winners-dreamy-sleep-routine-revealed-dire-health-issue/DC4Q2U7XZWQRD4WNWQRL6YNP6Q/। আহৰণ কৰা হৈছে: 28 August 2022.
  7. ↑ "Rachael Finch has ruptured breast implants removed after pain". News.com.au. 5 February 2021. https://www.news.com.au/lifestyle/health/health-problems/rachael-finch-has-ruptured-breast-implants-removed-after-pain/news-story/1bdccb50bd0a47139eb012c3e037c34a। আহৰণ কৰা হৈছে: 28 August 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]