সমললৈ যাওক

ৰাছ হ্ৰদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাছ হ্ৰদ
ৰাছ লে’ক
স্থান টুয়েলে কাউণ্টি, উটাহ।
স্থানাংক 40°26′28″N 112°23′04″W / 40.44111°N 112.38444°W / 40.44111; -112.38444স্থানাংক: 40°26′28″N 112°23′04″W / 40.44111°N 112.38444°W / 40.44111; -112.38444[1]
প্ৰকাৰ Endorheic
জলপ্ৰৱাহ নাই
অৱবাহিকা দেশ ইউ এছ
কালি 5 বৰ্গ মাইল (13 বৰ্গ কি.মি.)
সৰ্বোচ্চ গভীৰতা ২০ ফুট (6.1 মিটাৰ)
Surface elevation 4,951 ফুট (1,509 মিটাৰ)
Frozen নহয়
Islands হ্ৰদৰ জলস্তৰৰ ওপৰত নিৰ্ভৰ কৰি
Settlements ষ্টকটন, টুয়েলে, ৰাছ ভেলী

ৰাছ হ্ৰদ (বা ৰাছ ৰিজাৰ্ভাৰ বুলিও কোৱা হয়) আমেৰিকাৰ ইউটা ৰাজ্যৰ টুয়েলে কাউণ্টিৰ এটা অগভীৰ লৱণযুক্ত হ্ৰদ। ই বৰফ যুগত আমেৰিকাৰ পশ্চিম অংশ সামৰি লোৱা প্ৰাচীন হিমবাহৰ পিছৰ অন্তৰ্দেশীয় সাগৰ বনেভিল হ্ৰদৰ অৱশিষ্ট। এই হ্ৰদটো হৈছে গ্ৰেট ছল্ট লেকলৈ পানী বৈ যোৱা এটা নৈৰ প্ৰাকৃতিকভাবে আবদ্ধ এটা অংশ।[1] ৰাছ হ্ৰদৰ আকাৰ সময় অনুসৰি ভিন্ন হয়, বছৰি প্ৰায় ২ ফুট (০.৬১ মিটাৰ) বাষ্পীভৱন হয়, যদিও মাজে মাজে বানপানীয়ে হ্ৰদটো পুনৰ ভৰাই তোলে।[1] গড় পৃষ্ঠৰ উচ্চতা ৪,৯৫১ ফুট (১,৫০৯ মিটাৰ)।[2]

ষ্টকটন চহৰৰ ওচৰৰ আৰু টুয়েলেৰপৰা কেইবা মাইল দক্ষিণে ৰাছ ভেলী নামৰ বহল উপত্যকাত অৱস্থিত এই হ্ৰদটো ছটা পৰ্বতমালাৰপৰা অহা গলিত বৰফৰ ফলত জমা হোৱা পানীৰ ভাণ্ডাৰ। ইয়াৰ দক্ষিণে শ্বীপ্ৰক পৰ্বতমালা, দক্ষিণ-পূবে ইষ্ট টিনটিক পৰ্বতমালা, পূবে অকুইৰ পৰ্বতমালা, উত্তৰে চাউথ মাউণ্টেন, উত্তৰ-পশ্চিম আৰু পশ্চিমে ষ্টেন্সবেৰী পৰ্বতমালা আৰু দক্ষিণ-পশ্চিমে অনাকি পৰ্বতমালা। এই পাহাৰীয়া অঞ্চলসমূহৰপৰা অহা পানীয়ে হ্ৰদটোলৈ মাজে মাজে পৃষ্ঠীয় প্ৰৱাহ সৃষ্টি কৰে, কিন্তু ভূ-গৰ্ভস্থ পানী নিগৰি ওলাই ইয়াত জমা হয়। জলভাগৰ সৰ্বোচ্চ স্থান হৈছে ল’ৱে পিক, ১০,৫৯০ ফুট (৩,২৩০ মিটাৰ) উচ্চতাত। বহিঃপ্ৰৱাহ বেছিভাগেই বাষ্পীভৱনৰদ্বাৰা গঠিত আৰু অতি কম পৰিমাণে বালিৰ গুটিৰ মাজেৰে সোমাই যায় যিয়ে ইয়াক মূল গ্ৰেট ছল্ট লেক উপত্যকাৰপৰা আবদ্ধ কৰি ৰাখে।[1]

প্ৰায় ১৫,০০০-১৭,০০০ বছৰ পূৰ্বে বাষ্পীভৱনৰ ফলত হ্ৰদৰ স্তৰটো ৰাছ ভেলী আৰু টুয়েলে ভেলীৰ মাজৰ প্ৰাকৃতিক ষ্টকটন বাৰ বাধাৰ তললৈ নামি যোৱাৰ পাছত এই হ্ৰদটো বনেভিল হ্ৰদৰপৰা পৃথক কৰা হৈছিল। বৰফৰ যুগত ৰাছ ভেলী আছিল বনেভিল হ্ৰদৰ বহুতো পাৰৰ ভিতৰত এটা মাত্ৰ। বনেভিল শুকাই যোৱাৰ পাছত ৰাছ ভেলীত কেইবাটাও প্লুভিয়াল হ্ৰদ আছিল – শ্বেম্বিপ, স্মেলটাৰ আৰু ৰাছ – ইয়াৰে আজিও কেৱল ৰাছ হ্ৰদহে বাকী আছে।[3]

জলবায়ু আৰু পৰিৱেশ বিজ্ঞান

[সম্পাদনা কৰক]

ৰাছ হ্ৰদৰ জলভাগত দুটা প্ৰধান গছ-গছনিৰ প্ৰকাৰ সুলভ। এইবোৰ হ’ল চেজব্ৰাছ-ঘাঁহ আৰু পিনিয়ন-জুনিপাৰ। প্ৰথমবিধ নিম্ন উচ্চতা আৰু উপত্যকাৰ তলত পোৱা যায় আৰু দ্বিতীয়বিধ আন ধৰণৰ আলপাইন গছ-গছনিৰ সৈতে পাহাৰৰ অধিক উচ্চতাত পোৱা যায়। বাৰ্ষিক গড় বৰষুণ ১০ৰপৰা ৪০ ইঞ্চি (২৫০ৰপৰা ১০২০ মিলিমিটাৰ) আৰু হ্ৰদটোক আগুৰি থকা বাৰ্ষিক হিমমুক্ত ঋতু ১০০ৰপৰা ১৪০ দিনৰ ভিতৰত হয়। গৰু আৰু ভেড়াৰ বিচৰণৰ বাবে জলাশয়ৰ বেছিভাগ অংশ গ্ৰহণ কৰা হয়।[1]

এই হ্ৰদত কেইবাবিধো ভিন্ন প্ৰজাতিৰ মাছ বসবাস কৰে। ইয়াৰ ভিতৰত প্ৰাচুৰ্যৰ ক্ৰমত ইউটা চুব, কাৰ্প, গ্ৰীণ ছানফিছ, ব্লুগিল, লাৰ্জমাউথ বেছ, চেনেল কেটফিছ, হালধীয়া পাৰ্চ, ক'লা ক্ৰেপি, আৰু ক'লা বুলহেড আদি অন্তৰ্ভুক্ত। ১৯৮৮ চনৰপৰা এই হ্ৰদটোত মাছৰ মজুত হোৱা নাই, তেতিয়া হ্ৰদটোত ৭১,০০০টা লাৰ্জমাউথ বাছ পোনা এৰি দিয়া হৈছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Utah Water Quality-Rush Lake". Archived from the original on 2009-03-23. https://web.archive.org/web/20090323210008/http://www.waterquality.utah.gov/watersheds/lakes/RUSHLAKE.pdf। আহৰণ কৰা হৈছে: 2009-02-20. 
  2. "Rush Lake at FishingWorks". http://www.fishingworks.com/lakes/utah/tooele/south-mountain/rush-lake/। আহৰণ কৰা হৈছে: 2009-02-20. 
  3. Wilson, James R., ed (1992). Field Guide to Geologic Excursions in Utah. ISBN 9781557913197. https://books.google.com/books?id=ibaDYgOY-iAC&q=utah+rush+lake&pg=PA182। আহৰণ কৰা হৈছে: 2009-02-20.