সমললৈ যাওক

ৰাজকুমাৰ সত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্ত্বই নিজকে বলিদান দিয়াৰ দৃশ্য৷

ৰাজকুমাৰ সত্ত্ব (ইংৰাজী: Prince Sattva) জাতকৰ কাহিনী অনুসৰি গৌতম বুদ্ধৰ পূৰ্বৰ অৱতাৰ সমূহৰ ভিতৰত এক অন্যতম অৱতাৰ।[1]

তপস্বী জীৱন

[সম্পাদনা কৰক]

জাতকৰ কাহিনী মতে গৌতম বুদ্ধ মহাৰথ ৰজাৰ পুত্ৰ সত্ত্ব হিচাপে অৱতাৰ লৈছিল আৰু তপস্বী জীৱন গ্ৰহণ কৰিছিল৷ তপস্বী হিচাপে তেওঁ বহু কেইজন শিষ্য লাভ কৰিছিল।

দ্বিধাদ্বন্দ্ব

[সম্পাদনা কৰক]

এবাৰ এজন ঘনিষ্ঠ শিষ্যৰ সৈতে বৌদ্ধিসত্ত্ব খোজ কাঢ়ি গৈ থাকোঁতে এটা শিলৰ ওচৰ পায়গৈ৷ শিলটোৰ তলত এজনী অনাহাৰে থকা বাঘিনীয়ে খাদ্যৰ অভাৱত আৰু ভোকত কাতৰ হৈ নিজৰ নৱজাত পোৱালিবোৰকে খাবলৈ উদ্যোত হয়। তেতিয়া বোধিসত্ত্বই শিষ্যজনক খাদ্য বিচাৰি যাবলৈ কয় আৰু তেওঁ নিজে বাঘৰ পোৱালিকেইটাক বচোৱাৰ উপায় উলিয়াবলৈ চেষ্টা কৰে। শিষ্যজন গুছি যোৱাৰ পিছত বোধিসত্ত্বই অনুভৱ কৰে যে তেওঁৰ শিষ্যজনে খাদ্য বিচাৰি নাপাবও পাৰে সেয়ে তেওঁ বাঘৰ পোৱালীকেইটা ৰক্ষা কৰিবলৈ নিজৰ শৰীৰটো ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ শিলৰ পৰা জপিয়াই মৃত্যুমুখত পৰে আৰু বাঘিনীজনীয়ে তেওঁৰ মৃত শৰীৰটো খাই পেলায়৷

কৃতিত্ব আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

এইদৰে বিভিন্ন অৱতাৰৰ মাজেৰে তেওঁ বৌদ্ধ ধৰ্মৰ উদাৰতা, ত্যাগ, নৈতিকতা, সংকল্প আৰু সমতাৰ দহটা সিদ্ধতাক সিদ্ধ কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ শিষ্যজনে খাদ্য নাপাই উভতি আহে আৰু বোধিসত্ত্বই কি কৰিছে সেই কথা আৱিষ্কাৰ কৰাৰ লগে লগে তেওঁৰ ভাল কামত আনন্দিত হয়। তেওঁ আন শিষ্যসকলৰ ওচৰলৈ উভতি আহে আৰু শিষ্যসকলৰ সৈতে স্বৰ্গৰ পৰাও সেই ঠাইখিনিত পদুম ফুলৰ বৰ্ষণ হয়।

উত্তৰ পাকিস্তানৰ মানকিয়ালা স্তুপ, জাতকৰ মতে এই স্থানতে ৰাজকুমাৰ সত্ত্বই বাঘে খাবৰ বাবে নিজকে বলিদান দিছিল।[2]

চীনা তীৰ্থযাত্ৰী ফা-হিয়েনে উত্তৰ ভাৰতৰ চাৰিটা মহান স্তুপৰ ভিতৰত এটাৰ কথা উল্লেখ কৰিছে যিয়ে এই অৱতাৰৰ দেহাদানক স্মৰণ কৰে।[3] ভাৰতীয় বৌদ্ধ আখ্যানমূলক সাহিত্যত এই দেহাদানক "শৰীৰৰ উপহাৰ" বুলি জনা যায়৷[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Prince Sattva". Archived from the original on 20 December 2013. https://web.archive.org/web/20131220044959/http://www.experiencefestival.com/prince_sattva। আহৰণ কৰা হৈছে: 19 December 2013. 
  2. Bernstein, Richard (2001). Ultimate Journey: Retracing the Path of an Ancient Buddhist Monk who Crossed Asia in Search of Enlightenment. A.A. Knopf. ISBN 9780375400094. https://archive.org/details/ultimatejourneyr00bern_0। আহৰণ কৰা হৈছে: 16 June 2017. "Mankiala tiger." 
  3. John S. Strong (2007). Relics of the Buddha. Princeton University Press. পৃষ্ঠা. 53. ISBN 9788120831391. https://books.google.com/books?id=_KLAxmR8PZAC. 
  4. R. Ohnuma, Dehadana: The 'Gift of the Body' in Indian Buddhist narrative literature.1997.[1]