সমললৈ যাওক

ৰাজধনেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাজধনেশ
বৰ ধনেশ
মতা ধনেশ পক্ষী
মাইকী ধনেশ পক্ষী
সংৰক্ষণ স্থিতি
CITES Appendix I (CITES)[1]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Aves
বৰ্গ: Bucerotiformes
পৰিয়াল: Hornbill
গণ: Buceros
প্ৰজাতি: B. bicornis
দ্বৈৰাশিক নামকৰণ
Buceros bicornis
লিনিয়াছ, ১৭৫৮
সমাৰ্থক

Buceros homrai,[2] Dichoceros bicornis, Buceros cavatus, Homraius bicornis, Dichoceros cavatus, Buceros cristatus

ৰাজধনেশ বা বৰ ধনেশ (Buceros bicornis) ধনেশ পক্ষী পৰিয়ালৰ এটা ডাঙৰ চৰাই। ইয়াক ইংৰাজীত 'গ্ৰেট হৰ্ণবিল' (Great hornbill) বুলি জনা যায়। এই চৰাইবিধ ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। ই মূলতঃ ফল-মূল খায়। ইয়াৰ উপৰি ই সৰু স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু সৰু চৰাই চিকাৰ কৰে। ২০১৮ চনৰপৰা ইয়াক আই ইউ চি এন ৰঙা তালিকাবিপন্ন (Vulnerable) বুলি তালিকাভুক্ত কৰা হৈছে। সঁজাত বা আবদ্ধ অৱস্থাত এই চৰাইবিধ প্ৰায় ৫০ বছৰ জীয়াই থকাৰ ৰেকৰ্ড আছে। ইয়াৰ ডাঙৰ আকাৰ, ধুনীয়া ৰং আৰু বিভিন্ন জনজাতীয় সংস্কৃতিত থকা গুৰুত্বৰ বাবে কেৰালা চৰকাৰে ইয়াক কেৰালাৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে। ই অৰুণাচল প্ৰদেশৰো ৰাজ্যিক চৰাই।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

১৭৫৮ চনত ছুইডেনৰ প্ৰকৃতিবিদ কাৰ্ল লিনিয়াছে তেওঁৰ 'ছিষ্টেমা নেচাৰী' (Systema Naturae) নামৰ কিতাপৰ দশম সংস্কৰণত এই ৰাজধনেশৰ বৈজ্ঞানিক বৰ্ণনা দিছিল। তেওঁ ইয়াক 'বুটচেৰচ' (Buceros) গণৰ অন্তৰ্ভুক্ত কৰিছিল আৰু ইয়াৰ দ্বিপদ নাম 'বুটচেৰচ বাইকৰ্নিছ' (Buceros bicornis) ৰাখিছিল। লিনিয়াছে ইয়াৰ মূল বাসস্থান চীন বুলি উল্লেখ কৰিছিল।[3] ইয়াৰ গণৰ নাম লেটিন ভাষাৰ 'বেচেৰাচ' শব্দৰপৰা আহিছে আৰু ইয়াৰ অৰ্থ 'ষাঁড়গৰুৰ দৰে শিং থকা'। এই শব্দটো আকৌ গ্ৰীক ভাষাৰপৰা অহা। ইয়াৰ প্ৰজাতিৰ নাম 'বাইকৰ্নিছ' এটা লেটিন শব্দ আৰু ইয়াৰ অৰ্থ 'দুটা শিং থকা'।[4] ইয়াৰ কোনো উপ-প্ৰজাতি স্বীকৃতি পোৱা নাই।[5]

পূৰ্বতে পশ্চিমঘাট পৰ্বতমালাৰ ধনেশবোৰক 'কেভেটাছ' আৰু হিমালয়ৰ তলৰ অৰণ্যৰ ধনেশবোৰক 'হোমৰাই' উপ-প্ৰজাতি হিচাপে ভাগ কৰা হৈছিল। সুমাত্ৰাৰ উপ-প্ৰজাতিক কেতিয়াবা 'ক্ৰীষ্টেটাছ' বুলি কোৱা হৈছিল।[6] এই চৰাইবোৰৰ মাজত কেৱল আকাৰৰহে পাৰ্থক্য দেখা যায়। হিমালয়ৰ চৰাইবোৰ দক্ষিণৰ চৰাইবোৰতকৈ ডাঙৰ হয়। সেইবাবে এতিয়া ইয়াক এটা প্ৰজাতি হিচাপেহে গণ্য কৰা হয়।[7][8]

শাৰীৰিক গঠন

[সম্পাদনা কৰক]

ৰাজ ধনেশ এটা অতি ডাঙৰ চৰাই। ইয়াৰ দৈৰ্ঘ্য ৯৫ ৰপৰা ১৩০ চেণ্টিমিটাৰ পৰ্যন্ত হয়। ইয়াৰ দুয়োখন ডেউকা মেলি দিলে প্ৰায় ১৫২ চেণ্টিমিটাৰ বহল হয় আৰু ইয়াৰ ওজন ২ ৰপৰা ৪ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। মতা চৰাইৰ গড় ওজন ৩ কিলোগ্ৰাম আৰু মাইকী চৰাইৰ গড় ওজন ২.৫৯ কিলোগ্ৰাম হয়।[9] ই এছিয়াৰ আটাইতকৈ গধুৰ ধনেশ পক্ষী।[9][10] সাধাৰণ ধনেশ পক্ষীসমূহৰ ভিতৰত ই পৃথিৱীৰে আটাইতকৈ গধুৰ চৰাই।[9][11] মাইকী চৰাইবোৰ মতাবোৰতকৈ আকাৰত সৰু হয়। মতাবোৰৰ চকুৰ ৰং ৰঙা আৰু মাইকীবোৰৰ চকুৰ ৰং নীলা-বগা হয়। অন্য ধনেশৰ দৰেই ইহঁতৰ চকুৰ পতাৰ নোম বা 'চকুৰ নোম'স্পষ্টকৈ দেখা যায়।

এই চৰাইবিধৰ আটাইতকৈ বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ ডাঙৰ ঠোঁটটোৰ ওপৰত থকা উজ্জ্বল হালধীয়া আৰু ক’লা ৰঙৰ শিং বা টুপী (casque)। সন্মুখৰপৰা চালে এই টুপীটো 'U' আকৃতিৰ যেন লাগে। ইয়াৰ ওপৰৰ অংশটো সামান্য দ আৰু দুয়োকাষে দুটা শিং ওলাই থকাৰ দৰে দেখা যায়। সেইবাবেই ইয়াৰ বৈজ্ঞানিক নাম 'বাইকৰ্নিছ' ৰখা হৈছে। মাইকী চৰাইৰ এই টুপীটোৰ পিছফালে অলপ ৰঙা ৰং থাকে। আনহাতে মতা চৰাইৰ টুপীটোৰ তলৰ আৰু পিছৰ অংশ ক’লা হয়।

এই টুপী বা শিংটো ভিতৰৰপৰা ফোঁপোলা হয়। ইয়াৰ কোনো নিৰ্দিষ্ট কাম এতিয়ালৈকে জনা হোৱা নাই। অৱশ্যে এইটো যৌন নিৰ্বাচনৰ ফল বুলি ভবা হয়। মতা ধনেশবোৰে উৰি থকা অৱস্থাতে ইটোৱে সিটোৰ টুপীত খুন্দা মাৰি যুঁজ কৰে।[12] মতা চৰাইবোৰে সিহঁতৰ নেজৰ গুৰিত থকা গ্ৰন্থিৰপৰা ওলোৱা হালধীয়া ৰং ঠোঁট আৰু পাখিৰ ওপৰত সানি লয়। ইয়াৰ বাবেই সিহঁতৰ পাখি আৰু ঠোঁট উজ্জ্বল হালধীয়া দেখা যায়।[13] ইহঁতৰ ঠোঁটৰ দাঁতিটো ক’লা আৰু কৰতৰ দৰে খহটা হয়। বয়স বঢ়াৰ লগে লগে এইটো ক্ষয় গৈ থাকে।

এই চৰাইবোৰৰ ডেউকাৰ কোব বহুত শক্তিশালী হয়। সিহঁতে উৰি থকাৰ সময়ত হোৱা শব্দ বহুত দূৰৰ পৰাই শুনিবলৈ পোৱা যায়। এই শব্দটোক চলিবলৈ আৰম্ভ কৰা ভাপ ইঞ্জিনৰ শব্দৰ সৈতে তুলনা কৰা হৈছে। ইহঁতৰ উৰণ প্ৰণালীত প্ৰথমতে ডেউকা দুখন জোৰেৰে কোবাই লোৱা হয় আৰু তাৰ পিছত পাখিৰ শেষৰ অংশবোৰ ওপৰলৈ বেঁকা কৰি আকাশত ওপঙি উৰি যায়।[14][15]

ধনেশ পক্ষী পৰিয়ালৰ আন সদস্যসকলৰ দৰেই ইহঁতৰ হাড়বোৰ অত্যন্ত পাতল আৰু বতাহ সোমাই থকা ফোপোলা অংশযুক্ত হয়। এই ফোপোলা অংশবোৰ ডেউকাৰ হাড়ৰ একেবাৰে শেষৰ মূৰলৈকে বিস্তৃত হৈ থাকে। এই শাৰীৰিক গঠনটো প্ৰথমতে ৰিচাৰ্ড ওৱেনে লক্ষ্য কৰিছিল। তেওঁ ১৮৩৩ চনত লণ্ডনৰ জু’লজিকেল ছ’চাইটিত মৃত্যু হোৱা এটা চৰাইৰ শৰীৰ পৰীক্ষা কৰি এই তথ্য পাইছিল।[16]

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

বৰ ধনেশ পক্ষী মূলতঃ ভাৰত, ভুটান, নেপাল, দক্ষিণ-পূব এছিয়া আৰু সুমাত্ৰাৰ অৰণ্যৰ থলুৱা চৰাই।[17] পশ্চিমঘাট পৰ্বতমালা আৰু হিমালয়ৰ পাদদেশত ইহঁতৰ বিস্তৃতি সিঁচৰিত হৈ আছে। বনাঞ্চল ধ্বংসৰ বাবে ভাৰতৰ বহু ঠাইত ইহঁতৰ বাসস্থান সংকুচিত হৈ পৰিছে। উদাহৰণস্বৰূপ, ১৮৬০ দশকত কল্লি পাহাৰত এই চৰাই পোৱাৰ ৰেকৰ্ড আছিল, কিন্তু এতিয়া তাত পোৱা নাযায়।[18]

এই চৰাইবিধে পাহাৰীয়া অঞ্চলৰ পুৰণি আৰু ঘন অৰণ্যত থাকিবলৈ ভাল পায়।[19][20] ইহঁত জীয়াই থাকিবলৈ বহল পৰিসৰৰ বৰ্ষাৰণ্যৰ প্ৰয়োজন হয়।[21]

থাইলেণ্ডত কৰা এক গৱেষণা অনুসৰি, প্ৰজননৰ সময়ত মতা চৰাই এটাৰ বিচৰণ ক্ষেত্ৰ প্ৰায় ৩.৭ বৰ্গ কিলোমিটাৰ হয়। আনহাতে, প্ৰজনন নোহোৱা সময়ত ই প্ৰায় ১৪.৭ বৰ্গ কিলোমিটাৰ অঞ্চললৈকে বিস্তাৰিত হয়।[22] ইহঁতৰ জনসংখ্যাৰ বৈচিত্ৰ্য বুজিবলৈ আণৱিক পৰ্যায়ৰ গৱেষণাও কৰা হৈছে।[23]

আচৰণ আৰু পৰিস্থিতিতন্ত্ৰ

[সম্পাদনা কৰক]

আহাৰ আৰু ভক্ষণ প্ৰণালী

[সম্পাদনা কৰক]

বৰ ধনেশ চৰাইবোৰ সাধাৰণতে সৰু সৰু দলত দেখিবলৈ পোৱা যায়। অৱশ্যে ফল-মূল থকা গছৰ ওচৰত কেতিয়াবা ডাঙৰ দলো গোট খায়। দক্ষিণ-পূব ভুটানত একেলগে ১৫০ ৰ পৰা ২০০ টা চৰাই গোট খোৱাৰ ৰেকৰ্ড আছে।[14] বন্য অৱস্থাত বৰ ধনেশৰ প্ৰধান আহাৰ হৈছে ফল-মূল। ইহঁতে বৰ কম পৰিমাণে ফুল আৰু কলি খায়।[24] বিশেষকৈ ডিমৰু বা বটজাতীয় গছৰ ফল ইহঁতৰ অতি প্ৰিয় আহাৰ।[25] উপৰিও আন কিছুমান ফল ইহঁতে বিচাৰি ফুৰে। চৰাইবোৰে খোৱা ফলৰ পৰাই নিজৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পানীখিনি লাভ কৰে। ইহঁতে অৰণ্যৰ গছ-গছনিৰ বীজ বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[26] উদ্ভিদৰ উপৰিও ইহঁতে সুযোগ পালে সৰু স্তন্যপায়ী প্ৰাণী, চৰাই, সৰীসৃপ, ভেকুলী আৰু ডাঙৰ পোক-পৰুৱাও চিকাৰ কৰি খায়।[27][28][29] কেতিয়াবা সিংহ-নেজীয়া বান্দৰৰ সৈতেও ইহঁতক একেলগে আহাৰ বিচাৰি থকা দেখা যায়।[30]

ইহঁতে গছৰ ডালত জপিয়াই জপিয়াই পোক-পৰুৱা, চৰাইৰ পোৱালি আৰু জেঠী আদি বিচাৰি ফুৰে। চিকাৰ ধৰাৰ পিছত ইহঁতে তাক ওপৰলৈ দলিয়াই দিয়ে আৰু শূন্যতে ধৰি গিলি থয়। পশ্চিমঘাট পৰ্বতমালাত কৰা নিৰীক্ষণ অনুসৰি, ইহঁতে এক বিৰল প্ৰজাতিৰ উৰন্ত কেৰ্কেটুৱা, সৰু ফেঁচা আৰু ইটাগুৰীয়া হাইঠা চৰাইকো চিকাৰ কৰি খোৱাৰ তথ্য পোৱা গৈছে।[31]

মতা চৰাইটোৱে বাহত থকা মাইকী চৰাইটোক আহাৰ খুৱাইছে

প্ৰজননৰ সময়ত (জানুৱাৰীৰ পৰা এপ্ৰিল) বৰ ধনেশ চৰাইবোৰে বহুত চিঞৰ-বাখৰ কৰে।[8] মতা চৰাইটোৱে প্ৰতি চেকেণ্ডত এবাৰকৈ জোৰেৰে "ক’ক" (kok) শব্দ কৰি গীত জুৰে। ইয়াৰ পিছত মাইকী চৰাইজনীও এই গীতত সংযোগ হয়। শেষত দুয়োটা চৰাই একেলগে চিঞৰিবলৈ ধৰে, যিটো কুকুৰৰ ভৌ ভৌ আৰু বাঘৰ গৰ্জনৰ দৰে শুনা যায়।[31] ইহঁতে বাহ সাজিবলৈ পুৰণি আৰু ডাঙৰ গছ বাছি লয়। বিশেষকৈ বনাঞ্চলৰ ওপৰলৈ ওলাই থকা ওখ গছবোৰ ইহঁতৰ প্ৰিয়।[32][33] ইহঁতে একপত্নী (monogamous) যুগল গঠন কৰে। সাধাৰণতে ২ ৰ পৰা ৪০ টা চৰাইৰ সৰু দলত বাস কৰে। কেতিয়াবা একেলগে ২০ টা চৰাই গোট খাই প্ৰেম প্ৰদৰ্শন কৰাও দেখা যায়।[34]

মাইকী ধনেশ চৰাইজনীয়ে ডাঙৰ গছৰ ধোদ বা খোৰোঙৰ ভিতৰত বাহ সাজে। তাৰ পিছত নিজৰ বিষ্ঠা ব্যৱহাৰ কৰি খোৰোঙৰ মুখখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।[6][35][36] পোৱালিবোৰ ডাঙৰ নোহোৱালৈকে চৰাইজনী সেই আৱদ্ধ কোঠাতে থাকে। এই সময়ত তাই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে মতা চৰাইটোৰ ওপৰত। মতা চৰাইটোৱে এটা সৰু ফুটাৰে তাইক নিয়মিত আহাৰ যোগান ধৰে। এই আৱদ্ধ অৱস্থাতে মাইকী চৰাইজনীৰ পুৰণি পাখি সৰি নতুন পাখি গজে। ধনেশৰ পোৱালিবোৰৰ জন্মৰ সময়ত কোনো পাখি নাথাকে আৰু সিহঁত বহুত মঙহাল হয়। মাইকী চৰাইজনীয়ে সাধাৰণতে এটা বা দুটা কণী পাৰে। তাই ৩৮ ৰ পৰা ৪০ দিনলৈ কণী উমনি দিয়ে। কণী পৰা আৰু পোৱালি জগাৰ পিছত মাইকী চৰাই আৰু পোৱালিবোৰে বাঁহৰ ফুটাটোৰে বিষ্ঠা বাহিৰলৈ পেলাই দিয়ে। পোৱালিবোৰে দুই সপ্তাহ বয়সৰ পৰা এই কাম কৰিবলৈ শিকে।[31] যেতিয়া মাক বাঁহৰ পৰা বাহিৰ ওলাই আহে, তেতিয়া পোৱালিবোৰে আকৌ সেই মুখখন বন্ধ কৰি লয়।[8]

নতুনকৈ জন্মা চৰাই পোৱালিবোৰৰ মূৰত কোনো টুপী বা শিং নাথাকে। দ্বিতীয় বছৰৰ পিছত ইহঁতৰ ঠোঁটৰ ওপৰভাগ অলপ ওলাই আহে। তৃতীয় বছৰত ই এটা অৰ্ধচন্দ্ৰাকাৰ ৰূপ লয় আৰু কাষবোৰ ওপৰলৈ বাঢ়িবলৈ ধৰে। এটা ধনেশ চৰাইৰ এই টুপীটো সম্পূৰ্ণৰূপে বিকশিত হ’বলৈ প্ৰায় পাঁচ বছৰ সময় লাগে।[37]

জিৰণি লোৱা আচৰণ

[সম্পাদনা কৰক]
ভাৰতৰ পশ্চিম বংগৰ কাৰ্চিয়াংত এটা ৰাজ ধনেশ পক্ষী।

ধনেশ চৰাইবোৰে জিৰণি ল’বলৈ সদায় একেবোৰ নিৰ্দিষ্ট স্থান ব্যৱহাৰ কৰে। সিহঁতে প্ৰতিদিনে একেটা পথেৰেই বহুত দূৰৈৰ পৰা ঠিক সূৰ্যাস্তৰ সময়তে আহি ইয়াত উপস্থিত হয়। আশ্ৰয় ল’বলৈ ইহঁতে ওচৰ-পাজৰৰ কেইবাটাও ওখ গছ ব্যৱহাৰ কৰিব পাৰে। চৰাইবোৰে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ কম পাত থকা ডালবোৰ বাছি লয়। গধূলি বহুত পৰলৈকে সিহঁতে নিজৰ বহা স্থান ঠিক কৰিবলৈ ইটোৱে সিটোক হেঁচা-ঠেলা কৰি থাকে। টোপনি যোৱাৰ সময়ত ইহঁতে ডিঙিটো পিছলৈ কোচাই লয় আৰু ঠোঁটটো এটা নিৰ্দিষ্ট কোণ কৰি ওপৰলৈ দাঙি ৰাখে।[14]

বনাঞ্চল ধ্বংস আৰু বাসস্থানৰ অভাৱৰ বাবে ৰাজ ধনেশ চৰাই আটাইতকৈ বেছি সংকটৰ মুখত পৰিছে। ইয়াৰ মঙহ, চৰ্বি আৰু শৰীৰৰ বিভিন্ন অংশ যেনে— টুপী আৰু নেজৰ পাখিৰ বাবে ইয়াক চিকাৰ কৰা হয়। এই অংশবোৰ পৰম্পৰাগত অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হয়।[1] উত্তৰ-পূব ভাৰতৰ বহুতো জনজাতীয় লোকে বিভিন্ন কাৰণত বৰ ধনেশ চৰাই চিকাৰ কৰে। ইয়াৰ ঠোঁট আৰু মূৰটো তন্ত্ৰ-মন্ত্ৰ বা তাবিজত ব্যৱহাৰ কৰা হয়। ইয়াৰ মঙহ ঔষধি গুণসম্পন্ন বুলি বিশ্বাস কৰা হয়। ধনেশৰ পোৱালিৰ মঙহ বহুত সোৱাদযুক্ত বুলি গণ্য কৰা হয়।[14] কম্বোডিয়াৰ দৰে বহু ঠাইত এই চৰাইৰ সংখ্যা বহুত হ্ৰাস পাইছে।[38]

উত্তৰ-পূব ভাৰতৰ একাংশ জনজাতিৰ লোকে মূৰৰ টুপী সজাবলৈ ইয়াৰ পাখি ব্যৱহাৰ কৰে। ইয়াৰ মূৰৰ লাওখোলাটো প্ৰায়েই অলংকাৰ হিচাপে পিন্ধা দেখা যায়।[39][40] অৱশ্যে চেমা নগা সকলে ইয়াৰ মঙহ খোৱাটো অনুচিত বুলি ভাবে। তেওঁলোকৰ বিশ্বাস যে এই মঙহ খালে ধনেশ চৰাইটোৰ দৰেই মানুহৰ ভৰিতো ঘাঁ হ’ব পাৰে। ধনেশৰ পাখি লৈ নৃত্য কৰাৰ সময়ত তেওঁলোকে শাক-পাচলি খোৱাৰ পৰা বিৰত থাকে। তেনে কৰিলে ভৰিত একেধৰণৰ ঘাঁ হ’ব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।[41]

সংৰক্ষণ

[সম্পাদনা কৰক]

বৰ ধনেশ চৰাইক CITESৰ প্ৰথম পৰিশিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৮ চনৰ পৰা ইয়াত আইইউচিএন ৰঙা তালিকাত বিপন্ন বুলি তালিকাভুক্ত কৰা হৈছে।[1] সংৰক্ষণ কাৰ্যসূচীসমূহৰ জৰিয়তে জনজাতীয় লোকসকলক প্ৰাকৃতিক অংগৰ সলনি ব্যৱহাৰ কৰিবলৈ কৃত্ৰিম টুপী বা প্লাষ্টিকৰ পাখি যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।[42]

আৱদ্ধ অৱস্থাত বা চিৰিয়াখানাত

[সম্পাদনা কৰক]

বৰ্তমান বহুত কম সংখ্যক ধনেশ চৰাইহে মানুহৰ তত্ত্বাৱধানত বা আৱদ্ধ অৱস্থাত আছে। ইহঁতে আৱদ্ধ অৱস্থাত ভালদৰে প্ৰজনন কৰিব নোৱাৰে। বাহত থকা অৱস্থাত মাইকী চৰাইবোৰ ধৰা বৰ সহজ। সেইবাবে বনাঞ্চলৰ পৰা ধৰা চৰাইবোৰৰ বেছিভাগেই মাইকী চৰাই হয়। আৱদ্ধ অৱস্থাত ইহঁতৰ প্ৰজনন কৰোৱাটো অতি কঠিন কাম। এতিয়ালৈকে এনে মাত্ৰ কেইটামান প্ৰয়াসহে সফল হৈছে। ইহঁতে নিজৰ সংগী অতি সতৰ্কতাৰে বাছি লয়। সিহঁতৰ মাজত থকা দীৰ্ঘদিনীয়া আৰু মজবুত সম্পৰ্কৰ বাবেই প্ৰজননৰ বাবে ইহঁতক সংৰক্ষণ কৰাটো কঠিন হৈ পৰে।[43][44][45][46]

আৱদ্ধ অৱস্থাত থকা ধনেশ চৰাইবোৰে ফল-মূল আৰু মঙহ খায়। ইহঁতৰ বাবে ফল-মূল আৰু প্ৰ’টিনযুক্ত আহাৰ অতি প্ৰয়োজনীয়। কিছুমান চৰাইক আৱদ্ধ অৱস্থাত পোহনীয়া কৰা হৈছে। কিন্তু এনে অৱস্থাত সিহঁতৰ আচৰণ বহুত খঙাল বা উত্তেজনাপূৰ্ণ হয়। আৱদ্ধ অৱস্থাত থকা চৰাইবোৰে পাখি মেলি ৰ’দ ল’বলৈ ভাল পায়।[47]

সংস্কৃতিগত গুৰুত্ব

[সম্পাদনা কৰক]

নেপালত বৰ ধনেশ চৰাইক 'হোমৰাই' আৰু মুছৌৰীত 'বানৰাও' বুলি কোৱা হয়। এই দুয়োটা শব্দৰ অৰ্থ হৈছে "অৰণ্যৰ ৰজা"।[48] ই ভাৰতৰ কেৰালা আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ চৰকাৰী ৰাজ্যিক চৰাই।[49]

প্ৰতীক হিচাপে ব্যৱহাৰ

[সম্পাদনা কৰক]

'উইলিয়াম' নামৰ এটা পোহনীয়া বৰ ধনেশ চৰাই বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটীৰ (BNHS) ল’গ’ আৰু তেওঁলোকৰ ভৱনৰ নামকৰণৰ আৰ্হি আছিল। নৰ্মান কিনিয়াৰে ৱাল্টাৰ চামুৱেল মিলাৰ্ডৰ মৃত্যুত শোকপ্ৰকাশ কৰি উইলিয়ামৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছিল:[50]

এপ’ল’ ষ্ট্ৰীটত থকা ছ’চাইটীৰ কাৰ্যালয়লৈ অহা প্ৰতিজন দৰ্শকে এই বৰ ধনেশ চৰাইটোক মনত ৰাখিব। ইয়াক সকলোৱে কাৰ্যালয়ৰ কেনেৰী চৰাই বুলি জানিছিল। চৰাইটোৱে ২৬ বছৰ ধৰি মিলাৰ্ডৰ চকীৰ পিছফালে থকা এটা সঁজাত বাস কৰিছিল আৰু ১৯২০ চনত ইয়াৰ মৃত্যু হৈছিল। কোৱা হয় যে এডাল তাৰৰ টুকুৰা গিলি থোৱাৰ বাবেই ইয়াৰ মৃত্যু হৈছিল। কিন্তু অতীতত "উইলিয়ামে" এটা জ্বলি থকা চিগাৰো গিলি পেলাইছিল আৰু তাৰ কোনো কু-প্ৰভাৱ পৰা নাছিল। মোৰ মতে ইয়াৰ পুৰণি বন্ধু মিলাৰ্ডৰ বিয়োগেই চৰাইটোৰ মৃত্যুৰ প্ৰধান কাৰণ আছিল।[51][52]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 BirdLife International (2020). Buceros bicornis. doi:10.2305/IUCN.UK.2020-3.RLTS.T22682453A184603863.en.
  2. Hodgson, B. H. (1833). "Description of the Buceros Homrai of the Himalaya". Asiatic Researches খণ্ড 18 (2): 169–188.
  3. Linnaeus, C. (1758). "Buceros bicornis" (Latin ভাষাত). Systema Naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. 1 (10th সম্পাদনা). প্ৰকাশক Holmiae (Stockholm): Laurentii Salvii. পৃষ্ঠা. 104. https://archive.org/details/mobot31753000798865/page/104/mode/1up.
  4. Jobling, J. A. (2010). The Helm Dictionary of Scientific Bird Names. প্ৰকাশক London: Christopher Helm. পৃষ্ঠা. 72, 79. ISBN 978-1-4081-2501-4. https://archive.org/stream/Helm_Dictionary_of_Scientific_Bird_Names_by_James_A._Jobling#page/n72/mode/1up.
  5. Gill, F.; Donsker, D.; Rasmussen, P., eds (January 2022). "Mousebirds, Cuckoo Roller, trogons, hoopoes, hornbills". IOC World Bird List Version 12.1. International Ornithologists' Union. https://www.worldbirdnames.org/bow/mousebirds/ আহৰণ কৰা হৈছে: 10 June 2022.
  6. 1 2 Baker, E.C.S. (1927). "Genus Dichoceros". The Fauna of British India, Including Ceylon and Burma. Birds. 4 (Second সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 283–285. https://archive.org/stream/BakerFbiBirds4/BakerFBI4#page/n314/mode/1up.
  7. Deignan, H. G. (1945). "The birds of northern Thailand". Bulletin of the United States National Museum (186): 1–616. doi:10.5479/si.03629236.186.1. https://archive.org/stream/bulletinunitedst1861945unit#page/214/mode/1up.
  8. 1 2 3 Rasmussen, P. C.; Anderton, J. C. (2005). Birds of South Asia: The Ripley Guide. 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 273–274.
  9. 1 2 3 Dunning, J. B. Jr., ed (2008). CRC Handbook of Avian Body Masses (Second সম্পাদনা). CRC Press. ISBN 978-1-4200-6444-5.
  10. Holmes, D. A.; Nash, S. (1990). The birds of Sumatra and Kalimantan. প্ৰকাশক Oxford, USA: Oxford University Press. https://archive.org/details/birdsofsumatraka0000holm.
  11. Gonzalez, J.-C.T.; Sheldon, B.C.; Collar, N.J.; Tobias, J.A. (2013). A comprehensive molecular phylogeny for the hornbills (Aves: Bucerotidae). Molecular Phylogenetics and Evolution. 67 (2): 468–483.
  12. Shankar Raman, T. R. (1998). "Aerial casque-butting in the Great Hornbill Buceros bicornis". Forktail খণ্ড 13: 123–124. https://static1.squarespace.com/static/5c1a9e03f407b482a158da87/t/5c1fbdda898583352e2b5544/1545584091020/Shankar-Hornbill.pdf.
  13. Kemp, A. C. (2001). "Family Bucerotidae (hornbills)". Handbook of the Birds of the World. 6: Mousebirds to hornbills. প্ৰকাশক Barcelona: Lynx Edicions. পৃষ্ঠা. 436–523.
  14. 1 2 3 4 Ali, S.; Ripley, S. D. (1983). Handbook of the birds of India and Pakistan. 4 (Second সম্পাদনা). Oxford University Press. পৃষ্ঠা. 143–146. ISBN 978-0-19-562063-4.
  15. Blanford, W. T. (1895). "Family Bucerotidae". The Fauna of British India, including Ceylon and Burma. 3. Birds. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 142–146. https://archive.org/stream/faunaofbritishin03oate#page/141/mode/1up.
  16. Owen, R. (1836). "On the Anatomy of the concave Hornbill, Buceros cavatus, Lath". Transactions of the Zoological Society of London খণ্ড 1 (2): 117–122. doi:10.1111/j.1096-3642.1835.tb00609.x. https://www.biodiversitylibrary.org/page/12865051.
  17. Robinson, H.C.; Chasen, F.N. (1939). The Birds of the Malay Peninsula. IV: The Birds of the Low-Country Jungle and Scrub. প্ৰকাশক London: Witherby. পৃষ্ঠা. 90–91. https://rmbr.nus.edu.sg/biblio/robinson_chasen/vol4/12_Hornbills.pdf.
  18. King, W. (1865). "An account of the "Kolymullays", one of the mountain masses in the Salem district of the Madras Presidency". The Madras Quarterly Journal of Medical Science খণ্ড 8: 266–282. https://archive.org/details/madrasquarterly00unkngoog/page/n288/mode/1up.
  19. Datta, A. (1998). "Hornbill abundance in unlogged forest, selectively logged forest and a forest plantation in Arunachal Pradesh, India". Oryx খণ্ড 32 (4): 285–294. doi:10.1046/j.1365-3008.1998.d01-58.x.
  20. Whistler, H. (1949). Popular handbook of Indian birds (Fourth সম্পাদনা). প্ৰকাশক London: Gurney and Jackson. পৃষ্ঠা. 304–306. ISBN 978-1-4067-4576-4. https://archive.org/stream/popularhandbooko033226mbp#page/n353/mode/.
  21. Shankar Raman, T. R.; Mudappa, D. (2003). "Correlates of hornbill distribution and abundance in rainforest fragments in the southern Western Ghats, India". Bird Conservation International খণ্ড 13 (3): 199–212. doi:10.1017/S0959270903003162.
  22. Poonswad, P.; Tsuji, A. (1994). "Ranges of males of the Great Hornbill Buceros bicornis, Brown Hornbill Ptilolaemus tickelli, and Wreathed Hornbill Rhyticeros undulatus in Khao Yai National Park, Thailand". Ibis খণ্ড 136 (1): 79–86. doi:10.1111/j.1474-919X.1994.tb08133.x.
  23. Chamutpong, S.; Saito, D.; Viseshakul, N.; Nishiumi, I.; Poonswad, P.; Ponglikitmongkol, M. (2009). "Isolation and characterization of microsatellite markers from the great hornbill, Buceros bicornis". Molecular Ecology Resources খণ্ড 9 (2): 591–593. doi:10.1111/j.1755-0998.2008.02447.x. PMID 21564700.
  24. Kemp, Alan C., and Peter F. D. Boesman. “Great Hornbill (Buceros Bicornis).” Birds of the World, Mar. 2020, doi:10.2173/bow.grehor1.01.
  25. Datta, A.; Rawat, G. S. (2003). "Foraging patterns of sympatric Hornbills during the nonbreeding season in Arunachal Pradesh, Northeast India". Biotropica খণ্ড 35 (2): 208–218. doi:10.1646/02103.
  26. Sethi, P.; Howe, H. (2009). "Recruitment of Hornbill dispersed trees in hunted and logged forests of the Indian Eastern Himalaya". Conservation Biology খণ্ড 23 (3): 710–718. doi:10.1111/j.1523-1739.2008.01155.x. PMID 19220369.
  27. Wood, W. S. (1927). "Is the Large Hornbill Dichoceros bicornis carnivorous?". Journal of the Bombay Natural History Society খণ্ড 32 (2): 374. https://biodiversitylibrary.org/page/47859655.
  28. "Buceros bicornis (great hornbill)". Animal Diversity Web. https://animaldiversity.org/accounts/Buceros_bicornis/.
  29. Poonswad, P.; Tsuji, A.; Jirawatkavi, N. (2004). "Estimation of nutrients delivered to nest inmates by four sympatric species of hornbills in Khao Yai National Park, Thailand". Ornithological Science খণ্ড 3 (2): 99–112. doi:10.2326/osj.3.99.
  30. Fooden, J. (1975). "Taxonomy and evolution of liontail and pigtail macaques (Primates:Cercopithecidae)". Fieldiana Zoology খণ্ড 67: 84. https://archive.org/stream/taxonomyevolutio67food#page/83/mode/1up.
  31. 1 2 3 Kannan, R.; James, D. A. (1997). "Breeding biology of the Great Pied Hornbill (Buceros bicornis) in the Anaimalai Hills of southern India". Journal of the Bombay Natural History Society খণ্ড 94 (3): 451–465. https://biodiversitylibrary.org/page/48601823.
  32. James, D.A.; Kannan, R. (2009). "Nesting habitat of the Great Hornbill (Buceros bicornis) in the Anaimalai Hills of southern India". Wilson Journal of Ornithology খণ্ড 121 (3): 485–492. doi:10.1676/08-022.1.
  33. Bingham, C.T. (1879). "Notes on the nidification of some Hornbills". Stray Feathers খণ্ড 8 (6): 459–463. https://archive.org/stream/strayfeathersaj00humegoog#page/n490/mode/1up.
  34. Hutton, A.F. (1886). "Mass courtship display by Great Pied Hornbill Buceros bicornis". Journal of the Bombay Natural History Society খণ্ড 83 (Supplement): 209–210. https://biodiversitylibrary.org/page/48772399.
  35. James, D.A.; Kannan, R. (2007). "Wild Great Hornbills (Buceros bicornis) do not use mud to seal nest cavities". Wilson Journal of Ornithology খণ্ড 119 (1): 118–121. doi:10.1676/06-064.1.
  36. Poulsen, H. (1970). "Nesting behaviour of the Black-Casqued Hornbill Ceratogymna atrata (Temm.) and the Great Hornbill Buceros bicornis L". Ornis Scandinavica খণ্ড 1 (1): 11–15. doi:10.2307/3676330.
  37. Tickell, S.R. (1864). "On the hornbills of India and Burmah". Ibis খণ্ড 6 (2): 173–182. doi:10.1111/j.1474-919X.1864.tb07860.x. https://archive.org/stream/ibis06brit#page/173/mode/1up.
  38. Setha, T. (2004). "The status and conservation of hornbills in Cambodia". Bird Conservation International খণ্ড 14 (1): S5–S11. doi:10.1017/s0959270905000183.
  39. Hastings, J. (1908). Encyclopaedia of Religion and Ethics. 1. প্ৰকাশক Edinburgh: T&T Clark. পৃষ্ঠা. 505. ISBN 978-0-567-06512-4. https://archive.org.
  40. Hastings, J. (1910). Encyclopaedia of Religion and Ethics. 3. প্ৰকাশক Edinburgh: T&T Clark. পৃষ্ঠা. 442. ISBN 978-0-567-06512-4. https://archive.org.
  41. Hutton, J.H. (1921). The Sema Nagas. প্ৰকাশক London: Macmillan and Co. পৃষ্ঠা. 92. https://archive.org.
  42. "Artificial beaks save hornbills from extinction in Arunachal - Firstpost". www.firstpost.com. 7 February 2012. https://www.firstpost.com/india/artificial-beaks-save-hornbills-from-extinction-in-arunachal-205740.html আহৰণ কৰা হৈছে: 3 April 2018.
  43. Crofoot, M.; Mace, M.; Azua, J.; MacDonald, E.; Czekala, N.M. (2003). "Reproductive assessment of the Great Hornbill (Buceros bicornis) by fecal hormone analysis". Zoo Biology খণ্ড 22 (2): 135–145. doi:10.1002/zoo.10083. Archived from the original on 27 September 2011. https://web.archive.org/web/20110927085921/http://www.coraciiformestag.com/Research/Fecal%20Hormone%20Analysis.pdf আহৰণ কৰা হৈছে: 10 April 2010.
  44. Bohmke, B.W. (1987). "Breeding the great Indian hornbill at the St. Louis Zoological Park, USA". Avicultural Magazine খণ্ড 93: 159–161.
  45. de Ruiter, M. (1998). "The great Indian hornbill: a breeding attempt". AFAWatchbird খণ্ড 25: 34–35.
  46. Golding, R.R.; Williams, M.G. (1986). "Breeding the great Indian hornbill at the Cotswold Wild Life Park". International Zoo Yearbook খণ্ড 24/25: 248–252. doi:10.1111/j.1748-1090.1985.tb02548.x.
  47. Ellison, B.C. (1923). "Notes on the habits of a young Hornbill". Journal of the Bombay Natural History Society খণ্ড 29 (1): 280–281. https://biodiversitylibrary.org/page/47864763.
  48. Bingham, C.T. (1897). "The great Indian hornbill in the wild state". Journal of the Bombay Natural History Society খণ্ড 11 (2): 308–310. https://biodiversitylibrary.org/page/30157047.
  49. "Symbols of States of India". affairscloud.com. 11 October 2015. https://affairscloud.com/symbols-of-states-of-india/.
  50. Spence, R.A. (1920). "The Great Indian Hornbill (Dichocerros bicornis)". Journal of the Bombay Natural History Society খণ্ড 27 (1): 174. https://biodiversitylibrary.org/page/30358761.
  51. Kinnear, N.B. (1852). "Millard, W. S.". Journal of the Bombay Natural History Society খণ্ড 50 (4304): 910–913. doi:10.1038/169690b0. https://biodiversitylibrary.org.
  52. Phipson, H.M. (1897). "The great Indian hornbill in captivity". Journal of the Bombay Natural History Society খণ্ড 11 (2): 307–308. https://biodiversitylibrary.org/page/30157046.

অন্যান্য উৎসসমূহ

[সম্পাদনা কৰক]
  • Kannan, R. (1993). "Saving the Great Indian Hornbill". Hornbill magazine. Bombay Natural History Society 1993(4):4–7.
  • Kannan, R. (1994). Ecology and Conservation of the Great Pied Hornbill (Buceros bicornis) in the Western Ghats of southern India. Ph.D. thesis, University of Arkansas, Fayetteville.
  • Kannan, Ragupathy (1994). "Conservation ecology of the Great Hornbill in the Western Ghats, southern India". OBC Bull. 19: 13.
  • Kannan, R. and James, D. A. (2007). "Phenological studies of hornbill fruit trees in tropical rainforests: methodologies, problems, and pitfalls". pp. 155–166 in Kemp, A.C. and M.I. Kemp (eds.). The Active Management of Hornbills for Conservation. CD-ROM Proceedings of the 4th International Hornbill Conference, Mabula Game Lodge, Bela Bela, South Africa. Naturalists and Nomads, Pretoria.
  • Kannan, R. and James, D. A. (2008). "Fig trees (Ficus), captive elephants, and conservation of hornbills and other frugivores in an Indian wildlife sanctuary". J. Bombay. Nat. Hist. Soc. 105(2):238-242.
  • Poonswad, P. (1995). "Nest site characteristics of four sympatric species of hornbills in Khao Yai National Park, Thailand". Ibis 137: 183–191.

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]