সমললৈ যাওক

ৰাজপাল সিং যাদৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজপাল সিং যাদৱ
জন্ম ১৯৫৮
আনন্দপুৰ, ৰাজস্থান, ভাৰত
ক্ষেত্ৰ ভেক্টৰ জীৱবিজ্ঞান, ভেক্টৰ নিয়ন্ত্ৰণ, মেলেৰিয়া, ডেংগু, চিকুংগুনিয়া, কীটনাশক ব্যৱস্থাপনা
কৰ্মস্থান বিশ্ব স্বাস্থ্য সংস্থা
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ
শিক্ষানুষ্ঠান ৰাজস্থান বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গী অজনেশ যাদৱ

ৰাজপাল সিং যাদৱ (ইংৰাজী: Rajpal Singh Yadav; জন্ম ১৯৫৮) ভেক্টৰ ইক'লজি আৰু মেনেজমেণ্টৰ ক্ষেত্ৰৰ এজন ভাৰতীয় বিজ্ঞানী। ২০০৯ চনত তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰে। ছুইজাৰলেণ্ডৰ জেনেভাৰ অৱহেলিত ক্ৰান্তীয় ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিজ্ঞানী হিচাপে ২০২৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। তেওঁ গ্ল’বেল ভেক্টৰ কণ্ট্ৰল ৰেচপন্স, (ডব্লিউ এইচ অ’ এইচ কিউ/এন টি ডি, জেনেভা) ৰূপায়ণৰ বাবে ডব্লিউ এইচ অ’ৰ যৌথ একচন গ্ৰুপৰ সহ-অধ্যক্ষ আছিল। তেওঁ ভেক্টৰ নিয়ন্ত্ৰণ সামগ্ৰীৰ মূল্যায়নৰ বাবে হুৰ কীটনাশক মূল্যায়ন আঁচনি (হুপেছ)ৰ মুৰব্বীও আছিল (ফেব্ৰুৱাৰী ২০১৩ – অক্টোবৰ ২০১৭)। এই সময়ছোৱাত তেওঁ গৱেষণা প্ৰট’কলসমূহ পৰ্যালোচনা কৰিছিল আৰু কীটনাশক ব্যৱহাৰ আৰু কীটনাশক ব্যৱস্থাপনাৰ বাবে এক বিশ্বব্যাপী প্ৰমাণৰ ভিত্তি সৃষ্টি কৰিছিল। তেওঁ কীটনাশক ব্যৱস্থাপনাৰ এফএঅ'/হুৰ যৌথ কাৰ্যসূচীৰ বাবে থকা হু সচিবালয়ৰ কেন্দ্ৰীয় ব্যক্তিও আছিল। এই কামত ৰাষ্ট্ৰসংঘৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থা, গৱেষণা প্ৰতিষ্ঠান, কাৰ্যসূচী, উদ্যোগ, বেচৰকাৰী সংস্থা, আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সহযোগিতা জড়িত আছিল। তেওঁ ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ এণ্ট’ম’লজিষ্টৰ ২০১৬ চনৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছে। পিয়েৰ ৰিভিউ গৱেষণা পত্ৰিকাত তেওঁৰ ১০০ৰো অধিক বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ হৈ‍ছে।[1]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ভাৰতৰ ৰাজস্থানৰ আনন্দপুৰৰ অহিৰ(যাদৱ) পৰিয়ালৰ সংস্কৃত পণ্ডিত ৰঘুবীৰ সিং যাদৱ আৰু মোটা দেৱীৰ ঘৰত ৰাজপাল সিং যাদৱৰ জন্ম হৈছিল। ১৯৭৭ চনত ভাৰতৰ জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰপৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত একেখন বিশ্ববিদ্যালয়ৰপৰাই তেওঁ ১৯৭৯ চনত ইউনিভাৰ্চিটিৰ স্বৰ্ণ পদকসহ প্ৰাণীবিজ্ঞানত এম.এছ.চি আৰু ১৯৮৪ চনত পোক-পৰুৱা বিষবিজ্ঞানৰ ক্ষেত্ৰত পি এইচ ডি লাভ কৰে। ইয়াৰ বাবে তেওঁ কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ ফেল'শ্বিপ লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ মেনিলাৰ ফিলিপাইনছ বিশ্ববিদ্যালয়ৰ কলেজ অৱ পাব্লিক হেল্থত গ্ৰীষ্মমণ্ডলীয় মহামাৰী বিজ্ঞানৰ প্ৰমাণ-পত্ৰ পাঠ্যক্ৰম সমাপ্ত কৰে। ১৯৯৯ চনত তেওঁ ব্ৰিটেইনৰ লিভাৰপুলৰ লিভাৰপুল স্কুল অৱ ট্ৰপিকেল মেডিচিনত উন্নয়ন প্ৰকল্পৰ স্বাস্থ্য প্ৰভাৱ মূল্যায়নৰ ব্ৰিটিছ কাউন্সিল ফেল'শ্বিপ লাভ কৰে।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

পি এইচ ডি লাভ কৰাৰ পাছত ১৯৮৪ চনত তেওঁ ভাৰতৰ ৰাজস্থানৰ চৰকাৰী মহাবিদ্যালয় ডুংগৰপুৰৰ প্ৰাণীবিজ্ঞান বিভাগত অলপ সময়ৰ বাবে প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৮৪ চনৰ শেষৰপৰা ২০০৮ চনলৈকে তেওঁ নেচনেল ইনষ্টিটিউট অৱ মেলেৰিয়া ৰিচাৰ্চ (এন আই এম আৰ, পূৰ্বতে মেলেৰিয়া ৰিচাৰ্চ চেণ্টাৰ)ত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত তেওঁ ছুইজাৰলেণ্ডৰ জেনেভাস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ অৱহেলিত ক্ৰান্তীয় ৰোগ নিয়ন্ত্ৰণ বিভাগত ভেক্টৰ ইক’লজী আৰু মেনেজমেণ্টৰ বিজ্ঞানী হিচাপে যোগদান কৰে। ২০০১, ২০০২, ২০০৪ আৰু ২০০৭ চনত তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কেইবাটাও বিশ্বব্যাপী কাৰ্যসূচী পৰিচালনা কৰিছিল।[3][4][5] ১৯৮৮ চনৰপৰা ১৯৯৫ চনলৈকে ৰৌৰকেলাৰ এন আই এম আৰ ফিল্ড চেণ্টাৰৰ প্ৰতিষ্থাপক মুৰব্বী আছিল আৰু উপ-সঞ্চালক (চিনিয়ৰ গ্ৰেড) হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে আৰু গুজৰাটৰ নাদিয়াদত থকা এন আই এম আৰ ফিল্ড চেণ্টাৰৰ মুৰব্বী (১৯৯৬-২০০৮)।[6] ভেক্টৰ বায়’নমিক্স আৰু নিয়ন্ত্ৰণ, মেলেৰিয়ালজী আৰু কীটনাশক ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁৰ ২৮ বছৰতকৈও অধিক দিনৰ অভিজ্ঞতা আছে। তেওঁ জনস্বাস্থ্যত ব্যৱহাৰৰ বাবে নতুন কীটনাশকৰ মূল্যায়নৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদানৰ হুৰ নীতিগত কাৰ্য্যসমূহত অৰিহণা যোগাইছিল।[7]

জনস্বাস্থ্যলৈ অৱদান

[সম্পাদনা কৰক]

কেৰিয়াৰৰ আৰম্ভণিতে ডাঃ যাদৱ আৰু তেওঁৰ দলে মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে একত্ৰিত দৃষ্টিভংগীৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰত আৰু দক্ষিণ-পূব এছিয়াত মেলেৰিয়া নিয়ন্ত্ৰণৰ নীতি আৰু কৌশল প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তেওঁ চিকিৎসা পতংগবিদ আৰু জনস্বাস্থ্য কৰ্মীসকলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ জনস্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ আন্তঃখণ্ডীয় সহযোগিতাৰ বাবে কৰ্মশালাৰ আয়োজন কৰি স্বাস্থ্য বহিৰ্ভূত আৰু বেচৰকাৰী খণ্ডসমূহক একত্ৰিত কৰিছিল। ডাঃ যাদৱে মেলেৰিয়া, ডেংগু আৰু চিকুনগুনিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰা দলসমূহৰ নেতৃত্ব দিছে আৰু ভূমিকম্প তথা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বহুতো জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা উপশম কৰাত অংশগ্ৰহণ কৰিছে। তেওঁৰ কৰ্মৰাজিৰ বাবে তেওঁ দক্ষিণ-পূব এছিয়াৰ বনাঞ্চল তথা জনজাতীয় অঞ্চল আৰু আফ্ৰিকাৰ আৰ্থ-ৰাজনৈতিকভাৱে অশান্ত অঞ্চলসমূহকে ধৰি বিশ্বৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে।

বৰ্তমান তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কীটনাশক মূল্যায়ন আঁচনি (WHOPES) পৰিচালনা কৰা অৱহেলিত গ্ৰীষ্মমণ্ডলীয় ৰোগ নিয়ন্ত্ৰণ বিভাগৰ এটা দলত কৰ্মৰত হৈ আছে।

বাহক-জনিত ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ভাৰতৰ নেচনেল একাডেমী অব ভেক্টৰ বৰ্ণ ডিজিজেছৰ তৰফৰ পৰা তেওঁক 'পৰিৱেশ বিজ্ঞানৰ শ্ৰেষ্ঠ বিজ্ঞানী বঁটা ২০১১' প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট ৰাজ্যত মেলেৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে তেওঁক সন্মানিত কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Public Notice and Comments on the Guideline Development Group (GDG) for Leishmaniasis Vector and Reservoir Control.". https://www.who.int/news-room/articles-detail/public-notice-and-comments-on-the-guideline-development-group-for-leishmaniasis-vector-and-reservoir-control আহৰণ কৰা হৈছে: 18 March 2024.
  2. "Rajpal Singh Yadav's profile on Marquis Who's Who.". Archived from the original on 14 March 2012. https://web.archive.org/web/20120314033620/http://bios.marquiswhoswho.com/rajpal_singh_yadav/biomedical_scientist_epidemiologist_consultant/5103256 আহৰণ কৰা হৈছে: 19 June 2011.
  3. "SEARO NEWS, Vol. XLII, No. 27.". http://www.searo.who.int/en/section1257/section2181/section2211/section2215_11390.htm আহৰণ কৰা হৈছে: 27 June 2011.
  4. "SEARO NEWS, Vol. XLIV, No.8.". http://www.searo.who.int/en/section1257/section2181/section2211/section2213_11319.htm আহৰণ কৰা হৈছে: 27 June 2011.
  5. "SEARO NEWS, Vol. XLIV, No.13.". http://www.searo.who.int/en/section1257/section2181/section2211/section2213_11336.htm আহৰণ কৰা হৈছে: 27 June 2011.
  6. "List of NIMR Centers in India". Archived from the original on 29 December 2011. https://web.archive.org/web/20111229214420/http://totalit.co.in/nimr/centers.html আহৰণ কৰা হৈছে: 29 June 2013.
  7. "WHO Pesticide Evaluation Scheme Guidelines to testing". https://www.who.int/whopes/guidelines/en/ আহৰণ কৰা হৈছে: 29 June 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]