সমললৈ যাওক

ৰাজবংশী বিয়াগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোচ বংশৰপৰা প্ৰৱাহিত আৰু ৰজাৰ বংশধৰ বুলি পৰিচয় প্ৰদান কৰা ৰাজবংশীসকলৰ উৎসব-পাৰ্বন, নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ আদি বিভিন্ন দিশতে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে। সেয়া খাদ্যৰ ক্ষেত্ৰতেই হওক, সাজপাৰৰ ক্ষেত্ৰতেই হওক বা উৎসৱ-অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক। উৎসৱ-অনুষ্ঠানৰ ভিতৰত জন্ম, মৃত্যু আৰু বিয়া এই তিনিটা অনুষ্ঠানৰ ৰীতি-নীতি মানুহৰ জীৱন যাত্ৰাৰ লগতে অবিৰতভাৱে চলি আহিছে। জন্ম, মৃত্যু সম্পৰ্কীয় অনুষ্ঠানৰ তুলনাত বিয়াৰ অনুষ্ঠানৰ ব্যাপকতা অধিক। এই বিবাহ অনুষ্ঠানতে বিভিন্ন নিয়ম-নীতি পালন কৰাৰ লগতে নীতিৰো সমাবেশ ঘটে। এই বিয়াগীতবোৰ পূৰ্বৰেপৰা মহিলাসকলে বিবাহ অনুষ্ঠানত গাই আহিছে। এই বিয়াগীতবোৰত ৰাজবংশী সমাজ সংস্কৃতিৰ বিভিন্ন চিত্ৰ ফুটি উঠে। ৰাজবংশী সকলৰ জীৱন-ধাৰণ, ধৰ্ম-কৰ্ম, আচাৰ-ব্যৱহাৰ আদিৰ এক অভিব্যক্তি এই গীতবোৰত প্ৰকাশিত হয়। [1]

  অসমৰ মানাহ নদীৰ পাৰৰপৰা আৰম্ভ কৰি সোণকোষ, গদাধৰ, গঙ্গাধৰৰ পাৰে পাৰে গৈ তিস্তা নদীৰ আৰু পশ্চিমে গণ্ডক আৰু সপ্তকাশী, কুশী, কুশীলা নদী পৰ্যন্ত থকা বিস্তীৰ্ণ ভূমি আৰু গঙ্গানদীৰ পাৰৰ কিছু অংশত আদিম কালৰ পৰাই ৰাজংবশীসকলে বসবাস কৰি আহিছে। ৰাজবংশীসকল এই বিস্তীৰ্ণ অঞ্চলৰ অধিবাসী বা ভূমিপুত্ৰ। এই ভূমিপুত্ৰ ৰাজবংশীবোৰৰ লোকগীত লোকনৃত্যকে ধৰি বিচিত্ৰ সাংস্কৃতিক সম্পদ প্ৰদান কৰি গোটেই অঞ্চলটোক উন্নত তথা সমৃদ্ধিশালী কৰি তুলিছে। '

অসমীয়া সাহিত্যত লোকগীতবোৰৰ শ্ৰেণী বিভাগত বিয়াগীতো অন্তৰ্ভুক্ত হোৱাৰ দৰে ৰাজবংশী সমাজত প্ৰচলিত বিয়াগীতবোৰৰো তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। এই গীতবোৰে বিবাহ অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰে। অঞ্চল বিশেষে গীতবোৰৰ স্বতন্ত্ৰ বৈশিষ্ট্য আছে। যদিও কিছুমান ঠাইৰ মাজত গীতবোৰৰ সাদৃশ্যও লক্ষ্য কৰা যায়। ৰাজবংশী বিয়াত দুই ধৰণৰ ৰীতি দেখা যায়। এটা বৈদিক আৰু আনটো লৌকিক বা সামাজিক ৰীতি। এই লৌকিক ৰীতিতে স্ত্ৰী আচাৰ

   লোক সাহিত্যৰ এটা অংগ হৈছে লোকগীত। এই লোকগীতবোৰক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। তাৰে ভিতৰত অনুষ্ঠানমূলক গীতবোৰ অন্যতম। অনুষ্ঠানমূলক গীতবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে।

ক) ভক্তিমূলক

খ) ভক্তিনিৰপেক্ষ

বিয়াগীতবোৰ হৈছে ভক্তি নিৰপেক্ষ গীত। ৰাজবংশী বিবাহ অনুষ্ঠানত বেলেগ বেলেগ নীতি-নিয়ম অনুসৰি আয়তীসকলে সংগতি ৰাখি বিয়াগীত গোৱা দেখা যায়। এই বিয়াগীতবোৰৰ নিৰ্দিষ্ট ৰচক নাই। মহিলাসকলেই এইবোৰৰ ৰচক বুলি ক'ব পাৰি। স্ত্ৰী আচাৰৰ লগত সংগতি ৰাখি ৰাজবংশী বিয়াগীত পৰিৱেশন কৰা হয়। অবিভক্ত গোৱালপাৰা আৰু উত্তৰবংগ, বাংলাদেশৰ ৰংপুৰ জিলাতো এই বিয়াগীতৰ প্ৰচলন আছে। ৰাজবংশী বিবাহ অনুষ্ঠানত বিভিন্ন স্ত্ৰী আচাৰৰ লগত বিভিন্ন গীত গোৱা হয়। অনুষ্ঠানসমূহ এনেদৰে ভগাব পাৰি-

১. সুবচনী ঠাকুৰক গুয়াপাণ সোজা

২. জপছিড়ি দেওয়া

৩. আকা পাকা

৪. নিৰীক্ষণ বা বসিনা বা ভাৰখাওয়া

৫. গুয়াকাটা

৬. অধিবাস

৭. সৰগ জল তোলা

৮. ঘাট কামা আৰ গাও ধোৱা

৯. হৰ গৌৰী পূজা, নান্দী মুখেৰ শ্ৰাদ্ধ

১০. বৰ বিয়াও কৰিবাৰ যায়

১১. বিয়া কৰেয়া কইনা নিয়া যাওয়া

১২. বাসী বিয়াওচ

ৰাজবংশী বিয়াৰ শুভ কাৰ্য আৰম্ভ হয় সুবচনী পূজাৰ জৰিয়তে। এই সুবচনী পূজা বিয়াৰ স্ত্ৰী আচাৰৰ ভিতৰত পৰে আৰু এই সুবচনী পূজাত মহিলাসকলে গীত গায় এনেদৰে। যেনে-

'সুবচনী বাড়ী যামো

গুয়াপাণ তেল সেন্দূৰ সগায় পামো'।

ৰাজবংশী বিয়াত প্ৰথম পৰ্যায় হ'ল বান্দান অনুষ্ঠান। কইনাৰ ঘৰত এই অনুষ্ঠান হয়। এই অনুষ্ঠানতে বিয়াৰ দিন তাৰিখ নিৰ্দ্ধাৰণ কৰা হয়। এই সময়তো আয়তীসকলে গীত গায়-

'তোৰ বাবা জপ ছিড়ি দিছে বাৰাণ্ডাত বসিয়া

এলা কেনে কান্দে বাবা তোৰ মাথায় হাত দিয়া। '

[2]    

  1. ভকত লাবন্য. ৰাজবংশী বিয়াৰ গান. বনমালী প্ৰকাশ ধুবুৰী.
  2. সাহা দেৱজিত. "ৰাজবংশী বিয়া গীত". দীপশিখা.