সমললৈ যাওক

ৰাজমোহন নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজমোহন নাথ
জন্ম ৩১ অক্টোবৰ, ১৮৯৯
ৰংগৌটি, কাছাৰ, ব্ৰিটিছ ভাৰত (বৰ্তমান হাইলাকান্দি জিলাত)
মৃত্যু ০৩ এপ্ৰিল, ১৯৬৫ (৬৫ বছৰ)
শ্বিলং, অসম (বৰ্তমান মেঘালয়ত)
পেচা লেখক, অভিযন্তা, পুৰাতত্ববিদ

ৰাজমোহন নাথ (ইংৰাজী: Rajmohan Nath; ৩১ অক্টোবৰ ১৮৯৯- ৩ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় লেখক আৰু পুৰাতত্ববিদ। পেচাত তেওঁ অসমৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা আছিল। অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ বহুতো প্ৰবন্ধ বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ আছে। তেওঁ বহু কেইখন প্ৰাচীন অসমীয়া গ্ৰন্থ সম্পাদনাও কৰিছে। অসম ৰাজ্যিক সংগ্ৰহালয় আৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৮৯৯ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অসম চিফ কমিচনাৰশ্বিপৰ অধীনস্থ কাছাৰ জিলা আৰু বৰ্তমানৰ হাইলাকান্দি জিলাৰ অন্তৰ্গত ৰংগোটিত ৰাজমোহন নাথৰ জন্ম হৈছিল। ছাত্ৰ হিচাপে তেওঁ চোকা বুদ্ধিৰ আছিল। প্ৰবেশিকা পৰীক্ষা হাইলাকান্দিত সমাপন কৰাৰ পিছত তেওঁ চিলেটৰ মুৰাৰিচাঁদ কলেজত আই.এচ.চি. শ্ৰেণীত নামভৰ্তি কৰে। তাৰ পিছত শিৱপুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তেওঁ বি.ই. ডিগ্ৰী লয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শিক্ষাৰ সমাপ্তিৰ পিছত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগত সহকাৰী অভিযন্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ অসমৰ বিভিন্ন ঠাইত অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ মুখ্য অভিযন্তাৰ পদলৈ পদোন্নতি হোৱাৰ আশা নথকাত চাকৰি কাল শেষ নহওতেই কিছু হতাশাগ্ৰস্থ হৈ অধীক্ষক অভিযন্তা হিচাপে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। তেওঁ কম দিনৰ বাবে গুৱাহাটী চানমাৰীত অৱস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰো অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]
ইংৰাজী
  • Nath Hand Book for Assam Engineers (অভিযন্তাসকলৰ হাতপুথি)
  • The Back Ground Of Assamese Culture (১৯৪৮)[2]
  • Rig Veda Summary (১৯৬৫)
  • Antiquities of Kachar (১৯৪২)
  • Glorious Assam (১৯৪৮)
বঙালী
  • কদলী-ৰাজ্য (১৯৪১)
অসমীয়া
  • নাথযোগী তত্ত্ব
  • বীৰ চিলাৰায়[3]

সম্পাদনা
  • শ্ৰীশ্ৰী শংকৰদেৱৰ বৰগীত
  • শ্ৰীশ্ৰী মাধৱদেৱৰ বৰগীত
  • শ্ৰীশ্ৰী শংকৰদেৱৰ কালিয় দমন নাট
  • মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
  • গুৰু চৰিত
  • শ্রীশ্রী বংশী গোপাল চৰিত্ৰ
  • ভক্তি ৰত্নাকৰ
  • শান্তিশতক
  • ভক্তি সূত্র
  • পাণ্ডব গীতা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]