সমললৈ যাওক

ৰাজশ্বাহী ৰেচম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজশ্বাহী ৰেচম শাড়ী

বাংলাদেশৰ ৰাজশ্বাহীত উৎপাদিত ৰেচম বা চিল্ক উৎপাদক ৰাজশ্বাহী ৰেচম বুলি কোৱা হয়। নাৰীসমাজত ই বিখ্যাত, কাৰণ ই পৰিধানৰ বাবে এক উচ্চমানৰ কাপোৰ, বিশেষকৈ শাড়ী।[1][2] ২০২১ চনত ইয়াক বাংলাদেশৰ উৎপাদন হিচাপে ভৌগোলিক ইংগিতৰ মৰ্যাদা দিয়া হয়।[3]

ৰপ্তানিৰ বাবে কাপোৰ বোৱাৰ কেন্দ্ৰ আৰু বংগ ৰেচম উৎপাদনৰ কেন্দ্ৰ (১৭৪০–১৮২৮)

প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশৰ ৰাজশ্বাহী অঞ্চলত ৰেচম উৎপাদনৰ আৰম্ভণি ত্ৰয়োদশ শতিকাৰপৰাই হৈছিল। তেতিয়া ইয়াক বংগ ৰেচম বা গংগা ৰেচম বুলি জনা গৈছিল।[4] পাকিস্তান চৰকাৰে ১৯৫২ চনত ৰাজশ্বাহীত ৰেচম উৎপাদন আৰম্ভ কৰিছিল।[5] ৰাজশ্বাহী ৰেচম কাৰখানা ১৯৬১ চনত প্ৰতিষ্ঠা হোৱা এটা চৰকাৰী কাৰখানা। ১৯৭৮ চনত, বাংলাদেশৰ ছেৰিকালচাৰ ডেভেলপমেণ্ট ব’ৰ্ডৰ হাতত এই উদ্যোগ গতাই দিয়া হয়। লক্ষণীয়ভাবে, তেতিয়াৰপৰাই ই লোকচান কৰি আহিছে। ২০০২ চনৰ ৩০ নৱেম্বৰত ইয়াক বন্ধ কৰা হয়।[6] ২০০২ চনৰ আগতে এই কাৰখানাটোৱে ৩০০ টন ৰেচম উৎপাদন কৰিছিল। ২০১১ চনত ইয়াৰ পৰিমাণ আছিল মাত্ৰ ৫০ টন।[5] ২০১১ চনত বাংলাদেশৰ বিত্তমন্ত্ৰী আবুল মাল আব্দুল মুহিথে[7] ৰাজশ্বাহী ৰেচম কাৰখানাটো পুনৰ মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও ব্যক্তিগতকৰণ আয়োগে ইয়াক লোকচানৰ কাৰণ বুলি দোহাই দি নাকচ কৰে।[8]

ৰাজশ্বাহী ৰেচম সূতা

ৰাজশ্বাহী ৰেচম ৰেচম পলুৰ লেটাৰপৰা তৈয়াৰী আন সকলো ধৰণৰ ৰেচমৰ দৰেই এবিধ সূতা। এই প্ৰক্ৰিয়াৰ ফলত হোৱা অতি পাতল আঁহবোৰ চেৰিচিন নামৰ বিশেষ প্ৰটিনেৰে আবৃত কৰা হয়।[9] এই ৰেচমৰ প্ৰধানকৈ তিনিটা প্ৰজাতি আছে: মালবেৰী ৰেচম, এড়ি ৰেচম (এণ্ডি ৰেচম) আৰু টছৰ ৰেচম।

এই জাতবোৰৰ ভিতৰত টছৰ ৰেচম আটাইতকৈ উন্নত আৰু সেয়েহে ই আটাইতকৈ মূল্যৱান।

ৰাজশ্বাহী ৰেচমৰপৰা তৈয়াৰী শাড়ী সমগ্ৰ বাংলাদেশতে অতি জনপ্ৰিয়।[9] বিভিন্ন ডিজাইন কৰা ৰাজশ্বাহী ৰেচম কাপোৰ সাধাৰণ কাপোৰ হিচাপেও বিক্ৰী কৰা হয় আৰু ই বিভিন্ন ৰং আৰু ডিজাইনত উপলব্ধ।

তাৎপৰ্য

[সম্পাদনা কৰক]

২০১১ চনত ৰাজশ্বাহীত সাতটা ৰেচম কাৰখানা আৰু বাংলাদেশ ছেৰিকালচাৰ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট আছিল। বাংলাদেশৰ বেছিভাগ ৰেচম এই অঞ্চলৰ ছেৰিকালচাৰৰ দ্বাৰা উৎপাদন কৰা হয়।[5] প্ৰায় এক লাখ লোক এই খণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত আছিল। ৰাজশ্বাহী ৰেচম উদ্যোগ আৰু কাৰখানা শ্ৰমিক সংঘই ৰেচম উদ্যোগৰ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰি আহিছে।[10]

ৰাজশ্বাহী ৰেচম সংক্ৰান্তীয় কেইখনমান বিশেষ চিত্ৰ:

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Silk pyjamas, artworks, dinner set, leather bag set – Gifts from Bangladesh to India" (en ভাষাত). Deccan Chronicle. 2017-04-08. https://www.deccanchronicle.com/nation/in-other-news/080417/silk-pyjamas-artworks-dinner-set-leather-bag-set-gifts-from-bangladesh-to-india.html. 
  2. "Rajshahi's brand name 'Silky Rajshahi'". The Financial Express (Dhaka). http://www.thefinancialexpress-bd.com/2017/04/08/66318/Rajshahi%27s-brand-name-%27Silky-Rajshahi%27. 
  3. (bn ভাষাত)Samakal. https://samakal.com/economics/article/210457651/%E0%A6%B0%E0%A6%BE%E0%A6%9C%E0%A6%B6%E0%A6%BE%E0%A6%B9%E0%A7%80-%E0%A6%B8%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%95%E0%A7%8D%E0%A6%95-%E0%A6%8F%E0%A6%96%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%86%E0%A6%87-%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%AF। আহৰণ কৰা হৈছে: 2 April 2021. 
  4. "Silk of Bengal" (en ভাষাত). The Daily Star. 2016-02-23. http://www.thedailystar.net/lifestyle/cover-story/silk-bengal-576484. 
  5. 5.0 5.1 5.2 "Rajshahi Silk Losing Shine" (en ভাষাত). The Daily Star. 2011-06-13. http://www.thedailystar.net/news-detail-189708. 
  6. "Rajshahi Silk Factory to reopen this year" (en ভাষাত). The Daily Star. 2011-06-20. http://www.thedailystar.net/news-detail-190746. 
  7. "Muhith backs plan to revive Rajshahi Silk Factory" (en ভাষাত). The Daily Star. 2011-08-19. http://www.thedailystar.net/news-detail-199240. 
  8. "Reopening of Rajshahi Silk Factory uncertain" (en ভাষাত). Dhaka Tribune. http://archive.dhakatribune.com/bangladesh/2014/sep/17/reopening-rajshahi-silk-factory-uncertain. 
  9. 9.0 9.1 "The silk route" (en ভাষাত). The Daily Star. 2014-07-08. http://www.thedailystar.net/the-silk-route-32052. 
  10. "'Save Rajshahi silk industries from ruination'" (en ভাষাত). The Daily Star. 2008-05-12. http://www.thedailystar.net/news-detail-36104.