ৰাজশ্ৰী দেশপাণ্ডে
| ৰাজশ্ৰী দেশপাণ্ডে | |
|---|---|
২০১৫ চনত দেশপাণ্ডে | |
| জন্ম | ঔৰংগাবাদ, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১১–বৰ্তমান |
ৰাজশ্ৰী দেশপাণ্ডে (ইংৰাজী: Rajshri Deshpande) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পান নলিনৰ নাট্যধৰ্মী চলচ্চিত্ৰ এংগ্ৰী ইণ্ডিয়ান গডেছেছত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছিল।[1] ইয়াৰ পিছত তেওঁ ছনাল কুমাৰ শশীধৰণৰ ছবি ছেক্সী দুৰ্গাত নাম-চৰিত্ৰত অভিনয় কৰে আৰু নেটফ্লিক্স ধাৰাবাহিক চেক্ৰেড গেমছত কৰা অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। ২০২৩ চনত ধাৰাবাহিক ট্ৰায়েল বাই ফায়াৰত আগবঢ়োৱা অভিনয়ৰ বাবে দেশপাণ্ডেয়ে ২০২৩ চনৰ ফিল্মফেয়াৰ অ’টিটি এৱাৰ্ডছত ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰাজশ্ৰী দেশপাণ্ডেৰ জন্ম মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ এটা শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত হৈছিল। তেওঁ তিনিজন সহোদৰৰ ভিতৰত আটাইতকৈ সৰু। তেওঁ চিম্বায়’ছিছ ল স্কুলৰপৰা আইন বিভাগত স্নাতক ডিগ্ৰী আৰু চিম্বায়’ছিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰপৰা বিজ্ঞাপন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰম্ভণিতে নিজকে স্বাৱলম্বী কৰিবলৈ তেওঁ বিজ্ঞাপন উদ্যোগত কাম কৰিছিল যদিও সোনকালেই অভিনয়ৰ প্ৰতি আকৰ্ষিত হয়। মুম্বাইৰ হুইচলিং উডছ ইণ্টাৰনেশ্যনেলৰপৰাও তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ ডিপ্লমা লাভ কৰিছে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]দেশপাণ্ডেয়ে ২০১২ চনত আমিৰ খান অভিনীত ছবি তালাছত এটা সৰু চৰিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ টেলিভিছনলৈ মুখ কৰে আৰু ২০১৩ চনত কুছ তো ল’গ কহেংগে আৰু ২৪: ইণ্ডিয়াত অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁ ছলমান খানৰ ছবি কিকত এটা সৰু চৰিত্ৰত অভিনয় কৰি পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহে। ২০১৫ চনত তেওঁ মালয়ালম ছবি হাৰামত দুটাকৈ চৰিত্ৰত অভিনয় কৰিছিল।[3] হিন্দী চিনেমাৰ ক্ষেত্ৰত পান নলিনৰ ছবি এংগ্ৰী ইণ্ডিয়ান গডেছেছত লক্ষ্মীৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক এক বৃহৎ মঞ্চ প্ৰদান কৰে।[2] এই ছবিখনে টৰণ্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ৰানাৰ্ছ আপ – পিপলছ চয়েচ এৱাৰ্ড[4] আৰু ৰোম চলচ্চিত্ৰ মহোৎসৱত পিপলছ চয়েচ এৱাৰ্ড লাভ কৰিছিল।[5] ২০১৭ চনত দেশপাণ্ডেয়ে ছনাল কুমাৰ শশীধৰণৰ ছবি ছেক্সী দুৰ্গাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল,[6] যিখনে ৰটাৰডাম চলচ্চিত্ৰ মহোৎসৱত টাইগাৰ এৱাৰ্ড জিকিছিল।[7]
২০১৮ চনৰ জানুৱাৰী মাহত জেমছ ৱাটকিন্সৰদ্বাৰা পৰিচালিত বিবিচি ৱানৰ ধাৰাবাহিক মেকমফিয়াৰ জৰিয়তে দেশপাণ্ডেয়ে ডিজিটেল জগতত আত্মপ্ৰকাশ কৰে।[8] ইয়াৰ পিছত তেওঁ অনুৰাগ কাশ্যপৰ পৰিচালনাত নেটফ্লিক্সৰ ধাৰাবাহিক চেক্ৰেড গেমছত অভিনয় কৰে।[9][10] ধাৰাবাহিকখনত তেওঁ সুভদ্ৰা নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল আৰু নৱাজুদ্দিন চিদ্দিকীৰ চৰিত্ৰটোৰ পত্নী হিচাপে তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসিত হৈছিল।[11] ধাৰাবাহিকখনত এটা নগ্ন যৌন দৃশ্য থকাৰ বাবে একাংশ দৰ্শকে তেওঁক পৰ্ণ ষ্টাৰ বুলি অভিহিত কৰাত এক বিতৰ্কৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰত কৈছিল যে তেওঁ কোনো ভুল কাম কৰা নাই।[11] ইয়াৰ পিছত তেওঁ নন্দিতা দাসৰ ছবি মাণ্টোত ইচমত চুগতাইৰ চৰিত্ৰত অভিনয় কৰে।[12]
২০২৫ চনত দেশপাণ্ডেয়ে সত্যশোধক ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে মাৰাঠী চিনেমাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "नवाजुद्दीन सिद्दीकी संग एक्ट्रेस ने दिया इंटीमेट सीन, हुआ पछतावा, बोलीं- 'फिर सेक्स तो...'" (hi ভাষাত). Jansatta. 30 December 2023. https://www.jansatta.com/entertainment/sacred-games-fame-actress-rajshri-deshpande-speaks-on-intimate-scene-with-nawazuddin-siddiqui/3141111/.
- 1 2 "Female Idol Blog Series – A Rendezvous With Rajshri Deshpande". WMF. Archived from the original on 20 January 2018. https://web.archive.org/web/20180120065647/http://www.wmfindia.com/blogs/female-idol-blog-series-an-interview-with-rajshri-deshpande/.
- ↑ "Rajshri Deshpande". outlookindia.com. https://www.outlookindia.com/magazine/story/rajshri-deshpande/293054.
- ↑ "'Angry Indian Goddesses' wins runner-up award at TIFF". The Indian Express. 21 September 2015. http://indianexpress.com/article/entertainment/bollywood/angry-indian-goddesses-wins-runner-up-award-at-tiff/.
- ↑ "Rome Film Fest: 'Angry Indian Goddesses' Wins People's Choice Award" (en ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/news/rome-film-fest-angry-indian-834481.
- ↑ "Rajshri Deshpande in a Malayalam erotic satire". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Rajshri-Deshpande-in-a-Malayalam-erotic-satire/articleshow/51010157.cms.
- ↑ "Sasidharan's Sexy Durga wins a coveted award at Rotterdam Film Festival". Hindustan Times. 6 February 2017. http://www.hindustantimes.com/world-cinema/sasidharan-s-sexy-durga-wins-a-coveted-award-at-rotterdam-film-festival/story-E5QijAXjV4CRtIh45M9jyL.html.
- ↑ Lookhar, Mayur. "Nawazuddin Siddiqui, Rajshri Deshpande make digital debut in McMafia". Cinestaan. https://www.cinestaan.com/articles/2018/jan/11/10379/nawazuddin-siddiqui-rajshri-deshpande-make-digital-debut-in-mcmafia। আহৰণ কৰা হৈছে: 19 January 2018.
- ↑ "Sacred Games actor Rajshri Deshpande defends sex scenes: I am not dancing to a derogatory song". 18 July 2018. https://www.hindustantimes.com/bollywood/sacred-games-actor-rajshri-deshpande-defends-sex-scenes-i-am-not-dancing-to-a-derogatory-song/story-0MV9Q1zQQPhnbwBGxwwmsI.html। আহৰণ কৰা হৈছে: 19 July 2018.
- ↑ "S Durga Actor Rajshri Deshpande All Set to Shake off Her Small Town Days". News18. http://www.news18.com/news/movies/s-durga-actor-rajshri-deshpande-all-set-to-shake-off-her-small-town-days-1588757.html.
- 1 2 "India Netflix actor Rajshri Deshpande 'disgusted by porn star label'". BBC News. 19 July 2018. https://www.bbc.com/news/world-asia-india-44882771.
- ↑ Iyengar, Shriram. "Ismat Chughtai is in me: Rajshri Deshpande on playing the fearless feminist in Manto". Cinestaan. https://www.cinestaan.com/articles/2017/oct/24/8812/ismat-chughtai-is-in-me-rajshri-deshpande-on-playing-the-fearless-feminist-in-manto। আহৰণ কৰা হৈছে: 19 January 2018.
- ↑ "Filmfare Marathi Awards 2025 | 'पाणी' ठरला सर्वोत्कृष्ट चित्रपट; प्राजक्ताच्या 'फुलवंती'ची हवा, वाचा Winners List [Filmfare Marathi Awards 2025 | 'Paani' won the best film; Prajakta's 'Phulvanti' is the winner, read the Winners List]" (mr ভাষাত). pudhari.news. 10 July 2025. https://pudhari.news/soneri/filmfare-marathi-awards-2025-winners-list-best-movie-paani-phullwanti-prajaktta-mali-addinath-kothare-ss88। আহৰণ কৰা হৈছে: 17 October 2025.