ৰাজহ চক্ৰ
অৱয়ব
ৰাজহ চক্ৰ (ইংৰাজী: Revenue circle), ৰাজহ সংমণ্ডল, ফিৰ্কা, বা পাটোৱাৰ চক্ৰ হৈছে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাৰ অন্তৰ্গত এক স্থানীয় ৰাজহ উপ-বিভাগ বা অঞ্চল।[1] ৰাজহ চক্ৰসমূহৰ উদ্দেশ্যে হʼল স্থানীয় প্ৰশাসনক সৰল কৰা। প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত কিছুসংখ্যক ৰাজহ গাঁও থাকে, যিবোৰ ৰাজহ পৰিদৰ্শকৰদ্বাৰা পৰিচালিত হয়। ৰাজহ পৰিদৰ্শকজনৰ কেইবাটাও মুখ্য প্ৰশাসনিক ভূমিকা থাকে, যাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দুটি হৈছে কৰ ৰাজহ চিনাক্তকৰণ আৰু সংগ্ৰহ। কেতিয়াবা ৰাজহ চক্ৰত থকা ভূমি পৰিসৰক প্ৰশাসনিক উদ্দেশ্যত পৰিদৰ্শক ভূমি ৰাজহ চক্ৰ হিচাপে চিহ্নিত কৰা হয়।[2][3] ৰাজহ ব্লক বা ৰাজহ সংমণ্ডলবোৰ তহচিলদাৰ (মৌজা) এখনৰ সমান বা তাতোকৈ ডাঙৰো হʼব পাৰে যদিও ৰাজহ চক্ৰ তাৰ তুলনাত সাধাৰণতে সৰু হয়। কেৱল তামিলনাডু ৰাজ্যতে ১৩৪৯টা ৰাজহ চক্ৰ আছে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "ৰাজহ চক্ৰ". XOBDO. https://www.xobdo.org/dic/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B9%20%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A7%B0। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ "Delimitation of Parliamentary and Assembly Constituencies Order, 2008". The Election Commission of India. Archived from the original on 2010-10-05. https://web.archive.org/web/20101005180821/http://eci.nic.in/eci_main/CurrentElections/CONSOLIDATED_ORDER%20_ECI%20.pdf.
- ↑ Pandey, Krishan K.; Tikkiwal, G. C. (2010). "Generalized Class of Synthetic Estimators for Small Areas under Systematic Sampling Scheme". Statistics in Transition. New Series খণ্ড 11 (1): 75–89. Archived from the original on 4 November 2010. https://web.archive.org/web/20101104234713/http://www.stat.gov.pl/cps/rde/xbcr/pts/SiT_11_1.pdf.
- ↑ "Government of Tamil Nadu - About Tamil Nadu". Archived from the original on 2011-09-23. https://web.archive.org/web/20110923154751/http://www.tn.gov.in/govt_aboutTN.html। আহৰণ কৰা হৈছে: 2011-09-20.