ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
| ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন | |
|---|---|
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন, কুৱালালামপুৰ, ৮ জানুৱাৰী, ২০০৮ | |
| জন্ম | ১৯ আগষ্ট, ১৯৬১ (৬৪ বছৰ) কুৱালা কুৰাউ, পেৰাক, মালয়েছিয়া |
| পেচা | কবি,[1] অনুবাদক, শিক্ষকতা[2] |
| ভাষা | মালয় |
| শিক্ষা | PhD |
| মাতৃশিক্ষায়তন | ইউনিভাৰ্চিটি পুত্ৰ মালয়েছিয়া |
| উল্লেখনীয় কৰ্মৰাজি | মেকাৰ বুংগা |
| উল্লেখযোগ্য বঁটা | মালয়েছিয়াৰ মূল সাহিত্য বঁটা (২০০৬/২০০৭) |
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি। তেওঁৰ কবিতাসমূহ ভাষা-সাহিত্য প্ৰতিষ্ঠানৰদ্বাৰা প্ৰকাশিত আগশাৰীৰ সাহিত্য আলোচনী "দেৱান সস্তেৰা"কে ধৰি কেইবাখনো আগশাৰীৰ কাকত-আলোচনী আৰু সামূহিক কবিতা সংকলনত প্ৰকাশ পাইছিল।
জীৱনী
[সম্পাদনা কৰক]তেওঁ এটা শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু বাগান চেৰাইৰ ইংৰাজী মাধ্যমৰ হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৮৪ চনত চুলতান আব্দুল হালিমৰ পেডাগজিকেল কলেজ (ছুংগাই পেটানি, কেদাহ)ত নামভৰ্তি কৰে আৰু দুবছৰৰ পাছত ১৯৮৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬-১৯৮৮ চনত ইউনিভাৰ্চিটি পুত্ৰ মালয়েছিয়া (ছেৰডাং)ৰ আধুনিক ভাষা আৰু যোগাযোগ অনুষদত অধ্যয়ন কৰে।[3] ২০০৫ চনত তেওঁ উথায়া শংকৰ এছ বিৰ গল্প সম্পৰ্কীয় থিছিছৰ ওপৰতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০১৫ চনত মালয় বিশ্ববিদ্যালয়ৰ মালয় অধ্যয়ন একাডেমীত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০১৫ চনত মালয়েছিয়াৰ অনুবাদক সংঘৰপৰা পেছাদাৰী অনুবাদকৰ ডিপ্লমা লাভ কৰে।[4]
১৯৯৫-২০০৭ চনত কুৱালালামপুৰৰ কেইবাখনো বিদ্যালয়ত মালয় আৰু ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰে, ২০০৮-২০১৬ চনত মালয়েছিয়াৰ পেডাগজিকেল ইনষ্টিটিউট (কুৱালালামপুৰ)ত মালয় ভাষাৰ প্ৰবক্তা হিচাপে কাম কৰে।[5] মালয়েছিয়া আৰু বিদেশৰ আলোচনা-চক্ৰ আৰু সন্মিলনত তেওঁ উপস্থাপন কৰিছিল। তেওঁ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা মন্ত্ৰ্যালয় আয়োগৰ সদস্য।
সৃষ্টিশীলতা
[সম্পাদনা কৰক]তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় কবি। তেওঁৰ কবিতাবোৰ আগশাৰীৰ কাকত-পাত্ৰ আৰু সাময়িকীৰ লগতে ভাষা-সাহিত্য প্ৰতিষ্ঠানৰদ্বাৰা প্ৰকাশিত খ্যাতনামা সাহিত্যিক সাময়িকী ‘‘দেৱান ছাস্তেৰা’’ত প্ৰকাশিত হৈছে। লগতে বহুতো সামূহিক কবিতা সংকলনতো তেওঁৰ কবিতা সন্নিৱিষ্ট হৈছে। তেওঁ দুটা ব্যক্তিগত কবিতা সংকলন প্ৰকাশ কৰিছে — ‘‘মেকাৰ বুংগা’’ (২০০৬)[6] আৰু ‘‘বাহাছা ইয়াং সমা’’ (গাজালি দিন ইহ্সান আৰু চাই লুন গুয়ানৰ সৈতে, ২০১৭)।
তেওঁৰ কবিতাত নিজ দেশৰ সৌন্দৰ্যৰ বাহিৰেও সামাজিক সমস্যা — বিশেষকৈ ৰাষ্ট্ৰীয় ভাষাৰ স্থান, দুৰ্নীতি-বিৰোধিতা — দেশপ্ৰেম, পৰিৱেশ, আৰু নিপীড়িত জনগোষ্ঠীৰ স্বাধীনতা সংগ্ৰাম (আফগানিস্তান, পেলেষ্টাইন) আদি বিষয়সমূহ গুৰুত্বসহ উল্লেখ পায়।[7][8] তেওঁৰ কবিতা ইংৰাজী, বাংলা, স্পেনিছ, জাৰ্মান, পৰ্তুগীজ, থাই আৰু তামিল ভাষালৈ অনুবাদিত হৈছে। তেওঁৰ কেইবাটাও কবিতা সানি ছুদিন, ইউছাই’লান ইউনুছ আদি সংগীতকাৰৰদ্বাৰা সংগীত ৰূপেও পৰিগণিত হৈছে, যেনে — ‘‘The Art of Embroidery’’, ‘‘Beloved’’, ‘‘Fate of a Woman’’ আদি।
তেওঁ নিয়মিতভাৱে মালয়েছিয়া ৰাষ্ট্ৰীয় লেখক সংঘৰ মাহেকীয়া কবিতা পাঠ অনুষ্ঠানত নিজৰ কবিতা পাঠ কৰে আৰু বাংলাদেশ, ছিংগাপুৰ, ইণ্ডোনেছিয়া, নিকাৰাগুৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কবিতা উৎসৱতো অংশগ্ৰহণ কৰিছে।[9]
সাহিত্য সমালোচক হিচাপে তেওঁৰ নিবন্ধ মালয়েছিয়াৰ বিভিন্ন কাকত-পত্ৰ আৰু সাময়িকীত প্ৰকাশ পাইছে।[10]
তেওঁ ‘‘Great Malay Nusantara’’ (Numera)-ৰ সম্মানীয় সচিব, মালয়েছিয়া ৰাষ্ট্ৰীয় লেখক সংঘ আৰু চেলাংগৰৰ লেখক সংঘৰ কাৰ্যনিৰ্বাহী সদস্যা, মালয়েছিয়া অনুবাদক সংঘ, পেৰাকৰ সাংস্কৃতিক কৰ্মী সংঘ, আৰু World Congress of Poets-ৰ সদস্যা।
বঁটা
[সম্পাদনা কৰক]- মালয়েছিয়াৰ সাহিত্যিক ভাৰ্চুৱেল সম্প্ৰদায়ৰ বঁটা (২০০৩, ২০০৪)।
- মালয়েছিয়াৰ মূল সাহিত্য বঁটা (২০০৬/২০০৭)।
- ৰাজ্যিক সাহিত্য বঁটা পেৰাক (২০১৬), (২০১৮)।
- মালয় সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱাৰ বাবে ভাষা আৰু সাহিত্য প্ৰতিষ্ঠানৰ পুৰস্কাৰ (২০১৬)।
- পৰিৱেশ বিজ্ঞানৰ সুৰক্ষাৰ বিষয়ে শ্ৰেষ্ঠ কবিতাৰ বাবে ৰিভাছ (নিকাৰাগুয়া)ৰ মেয়ৰৰ পুৰস্কাৰ (২০১৮)।
- বাণ্ডাৰ আমলভৰ কণ্টেম্প্লেৰী লিটাৰেৰী ছ'চাইটিৰপৰা মেৱাদেৱ লৰেল বঁটা ২০১৮, উত্তৰ প্ৰদেশ, ভাৰত।
- ৫ ছেপ্টেম্বৰ ২০১৫ তাৰিখে দেৱান বাহাছা দন পুস্তাকা অডিটৰিয়াম (ডিবিপি)ত আছিয়ান কবিতা ঘোষণাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ismail, Mohd. Hafiz (2 May 2016). "Pelajari budaya bangsa lain melalui sastera" (Malay ভাষাত). http://www.sinarharian.com.my/nasional/pelajari-budaya-bangsa-lain-melalui-sastera-1.515968.
- ↑ Hasli, Atirah (20 April 2016). "Rasisme: Jangan salahkan kerajaan" (Malay ভাষাত). Sinar Online. http://www.sinarharian.com.my/nasional/rasisme-jangan-salahkan-kerajaan-1.511348.
- ↑ Syalmizi Hamid. Persembahan puisi bukan Melayu // Kosmo, 2/11/2010
- ↑ A Rahim Abdullah. Menyelami pengalaman kemanusiaan dan ketuhanan // Sinar Harian, 6.1.2013
- ↑ Mohd Hafiz Ismail. Pelajari budaya bangsa lain melalui sastera // Sinar Harian, 2.5.2016
- ↑ Azman Ismail, Nilai Islam dalam Mekar Bunga // Utusan Malaysia, 19.3.2007
- ↑ Mohamad Saleeh Rahamad, Rozlan Mohamed Noor. Sastera Teras Negara Bangsa. Kuala Lumpur: ITBM, 2014, p. 124
- ↑ Patriotism through poems, songs // New Straits Times, 5.4.2017
- ↑ Raja Rajeswari Seetha Raman: Seri Ternama. CD. Kuala Lumpur: RTM (Radio dan Televisyen Malaysia), 2009
- ↑ "Uthaya Sankar SB: K S Maniam and Rani Manicka". 6 April 2017. https://uthayasb.blogspot.com/2017/04/maniam.html.
- ↑ Nuawi, Teks & gambar Ladin. "Puisi mengukuhkan ASEAN" (Malay ভাষাত). Utusan Online. http://www.utusan.com.my/pendidikan/sastera/puisi-mengukuhkan-asean-1.135427.