সমললৈ যাওক

ৰাজিয়া ছাজ্জাদ জাহিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজিয়া ছাজ্জাদ জাহিৰ
জন্ম ৰাজিয়া দিলছাদ
১৫ অক্টোবৰ, ১৯১৮
আজমেৰ, আজমেৰ ৰাজ্য, বৃটিছ ভাৰত
মৃত্যু ১৮ ডিচেম্বৰ, ১৯৭৯ (৬১ বছৰ)
দিল্লী, ভাৰত
সমাধিস্থল ভিআইপি কবৰস্থান, জামিয়া মিলিয়া ইছলামিয়া, দিল্লী
পেচা লেখক অনুবাদক
ভাষা উৰ্দু
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন এলাহাবাদ ইউনিভাৰ্চিটি
সময় ১৯৪৮–১০৭৯
সাহিত্যিক বিপ্লৱ প্ৰগতিশীল লেখক সংস্থা আৰু আফ্ৰিকান-এছিয়ান লেখক আন্দোলন
দাম্পত্যসংগী ছাজ্জাদ জাহিৰ
সন্তান ৪, নাদিৰা বব্বৰ[1] আৰু নুৰ জাহিৰকে ধৰি
ৱেবছাইট Sajjad Zaheer Digital Archive

ৰাজিয়া ছাজ্জাদ জাহিৰ (১৫ অক্টোবৰ ১৯১৮ – ১৮ ডিচেম্বৰ ১৯৭৯) উৰ্দু ভাষাৰ এগৰাকী ভাৰতীয় লেখিকা, অনুবাদক, প্ৰগতিশীল লেখক সন্থাৰ বিশিষ্ট সদস্য। উত্তৰ প্ৰদেশ সাহিত্য অকাডেমী বঁটাৰ লগতে ছোভিয়েট লেণ্ড নেহৰু বঁটাও লাভ কৰে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ৰাজস্থানৰ আজমেৰত ১৯১৮ চনৰ ১৫ অক্টোবৰত[2] এটা শৈক্ষিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰাজিয়া দিলছাদে। তেওঁৰ পিতৃ আজমেৰ ইছলামিয়া কলেজৰ অধ্যক্ষ আছিল।[3] আজমেৰত স্নাতক ডিগ্ৰী লাভ কৰে।[4]

২০ বছৰ বয়সত কবি আৰু কমিউনিষ্ট কৰ্মী ছাজ্জাদ জাহিৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এছ’চিয়েশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে তেওঁ প্ৰশিক্ষণ লোৱা আইনৰ কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী নাছিল। তেওঁলোকৰ বিবাহৰ কিছুদিন পাছতে তেওঁক বিপ্লৱী কাৰ্যকলাপৰ বাবে ইংৰাজে গ্ৰেপ্তাৰ কৰি দুবছৰ কাৰাগাৰত ভৰ্তি কৰে।[3]

ৰাজিয়াই এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4] ১৯৪০ চনত ৰাজিয়া আৰু তেওঁৰ স্বামী বম্বেত আছিল, য'ত তেওঁলোকে সাংস্কৃতিক ক্ষেত্ৰত সক্ৰিয় আছিল, সাপ্তাহিকভাৱে পিডব্লিউএ ছ'য়াৰীৰ আয়োজন কৰিছিল।[3] তেওঁ নিজৰ ৰাজনীতিক উগ্ৰপন্থী ৰূপত পিডব্লিউএৰ প্ৰভাৱ স্বীকাৰ কৰিছিল,[3] আৰু "নাৰীৰ প্ৰকৃতি আৰু স্থানৰ গান্ধী মতাদৰ্শক" প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰা কৰ্মী মহিলাসকলৰ ভিতৰত আছিল।[5]

১৯৪৮ চনলৈকে ৰাজিয়াৰ চাৰিগৰাকী কন্যা সন্তান জন্ম হয় আৰু ভাৰত বিভাজনৰ সমৰ্থন কৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নিৰ্দেশত তেওঁৰ স্বামী পাকিস্তানত আছিল। কন্যা সন্তানৰ সৈতে লক্ষ্ণৌলৈ গুচি যায়।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাজিয়াই সৰুৰেপৰা ফুল, তেহজিব-ই-নিছৱান আৰু ইছমাতৰ দৰে আলোচনীত চুটিগল্পৰ অৱদান আগবঢ়াই আহিছিল।[6] লক্ষ্ণৌত ৰাজিয়াই জীৱিকা উপাৰ্জনৰ স্বাৰ্থত শিক্ষকতা, লিখা আৰু অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ প্ৰায় ৪০খন কিতাপ উৰ্দু ভাষালৈ অনুবাদ কৰিছিল।[7] বাৰ্টল্ড ব্ৰেচ্টৰ লাইফ অৱ গেলিলিঅ'ক উৰ্দুলৈ অনুবাদ কৰাটো শক্তিশালী বুলি কোৱা হৈছিল।[8] তেওঁ ছিয়াৰম শৰণ গুপ্তাৰ নাৰী (সাহিত্য অকাডেমীৰদ্বাৰা ঔৰত (মহিলা) নামেৰে প্ৰকাশ কৰা)[9] আৰু মুল্ক ৰাজ আনন্দৰ সাত সাল (সাত বছৰ, ১৯৬২) অনুবাদ কৰে।[10]

১৯৫৩ চনত তেওঁৰ উপন্যাস ছাৰ-ই-শ্বাম (আবেলিৰ আৰম্ভণি) প্ৰকাশ পায়, ১৯৫৪ চনত কাণ্টে (থৰ্নছ, এখন উপন্যাস) মুক্তি পায়, আনহাতে ১৯৬৪ চনত সুমন (আন এখন উপন্যাস) মুক্তি পায়। তেওঁ নুকুছ-ই-জিণ্ডান (১৯৫৪) সম্পাদনা কৰি প্ৰকাশ কৰিছিল, য’ত কাৰাগাৰৰপৰা স্বামীয়ে তেওঁলৈ লিখা চিঠিসমূহ সন্নিৱিষ্ট আছিল।[4]

কবি মাজাজ লক্ষ্ণৌইৰ ওপৰত এখন উপন্যাসৰ কাম কৰিছিল, যিখন উপন্যাস আধৰুৱা হৈয়েই ৰৈছিল। সাহিত্যিক প্ৰচেষ্টাৰ লগতে স্বামীৰ লেখা সম্পাদনা আৰু কঁপি কৰিছিল।[7]

তেওঁৰ চুটিগল্পবোৰক সমাজবাদী উদ্দেশ্য থকা বুলি চিহ্নিত কৰা হৈছে।[11] উদাহৰণস্বৰূপে, নিচ (লোবৰ্ণ)ত তেওঁ এগৰাকী বিশেষ সুবিধাপ্ৰাপ্ত মহিলা আৰু এগৰাকী ফল-মূল বিক্ৰেতাৰ মাজত থকা শ্ৰেণীগত পাৰ্থক্য আৰু দ্বিতীয়জনৰপৰা শক্তি লাভ কৰিবলৈ প্ৰথমজনে আঁতৰাই ৰাখিবলগীয়া পক্ষপাতিত্বসমূহ অন্বেষণ কৰিছিল।[12] তদুপৰি, পিডব্লিউএৰ বৈপ্লৱিক মতাদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ৰচনাসমূহে - গোটটোৰ সহকৰ্মীসকলৰ দৰেই - পুৰুষ আৰু অন্যান্য মহিলাৰদ্বাৰা লিংগ সম্পৰ্ক আৰু নাৰীৰ ওপৰত কৰা অত্যাচাৰ,[13] নাৰীৰ মাজত আধুনিকতাবাদী পৰিচয়ৰ বিকাশ,[14] লগতে প্ৰান্তীয় মহিলাসকলৰ ওপৰত দৰিদ্ৰতা আৰু বঞ্চনাৰ অধিক ক্ষতিকাৰক প্ৰভাৱৰ বিষয়েও অন্বেষণ কৰিছিল।[15]

জৰ্ড গুলাব (হালধীয়া গোলাপ, ১৯৮১) আৰু আল্লা দে বান্দা লে (ভগৱানে দিয়ে, মানুহে লয়, ১৯৮৪) মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ দুখন চুটিগল্প সংকলন। [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Salman 2018.
  2. SA 1961, পৃষ্ঠা. 410.
  3. 1 2 3 4 5 Mahmood 2020a.
  4. 1 2 3 4 Tharu & Lalita 1993, পৃষ্ঠা. 144.
  5. Gopal 2005, পৃষ্ঠা. 21.
  6. Naeem 2019.
  7. 1 2 Mahmood 2020b.
  8. Husain 1972, পৃষ্ঠা. 146-147.
  9. Rao 2004, পৃষ্ঠা. 165.
  10. Husain 1963, পৃষ্ঠা. 145.
  11. Machwe 1977, পৃষ্ঠা. 148.
  12. Tharu & Lalita 1993, পৃষ্ঠা. 82.
  13. Gopal 2005, পৃষ্ঠা. 31.
  14. Gopal 2005, পৃষ্ঠা. 68.
  15. Singh 2006, পৃষ্ঠা. 256.