সমললৈ যাওক

ৰাজিয়া ভাট্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজিয়া ভাট্টি
জন্ম ১৯৪৪
কৰাছী
মৃত্যু ১২ মাৰ্চ, ১৯৯৬
কৰাছী, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তান
পেচা সাংবাদিক
সক্ৰিয় হৈ থকা সময় ১৯৬৭ চনৰপৰা ১৯৯৬ চনলৈ
জনা যায় ১৯৮৯ চনত পাকিস্তানত কৰ্মচাৰীৰ মালিকানাধীন মাহেকীয়া আলোচনী নিউজলাইন প্ৰতিষ্ঠা কৰা।

ৰাজিয়া ভাট্টি (ইংৰাজী: Razia Bhatti)(জন্ম ১৯৪৪ – মৃত্যু ১২ মাৰ্চ ১৯৯৬) আছিল এগৰাকী পাকিস্তানৰ সাংবাদিক যিয়ে হেৰাল্ড আৰু নিউজলাইন আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৫২ বছৰ বয়সত যেতিয়া তেওঁৰ মৃত্যু হয়, তেতিয়া পাকিস্তান প্ৰেছ ফাউণ্ডেচনে ইয়াক "পাকিস্তানৰ সাংবাদিকতাৰ এটা সোণালী অধ্যায়ৰ অন্ত" বুলি অভিহিত কৰে। হেৰাল্ড এৰি যোৱাৰ পাছত ভট্টিয়ে আন মহিলা সাংবাদিকসকলৰ সহায়ত কৰ্মচাৰীৰ মালিকানাধীন নিউজলাইন আলোচনী আৰম্ভ কৰে।[1]

১২ বছৰ ধৰি পাকিস্তানী আলোচনী হেৰাল্ডৰ সম্পাদক হিচাপে কাম কৰাৰ পাছত নিউজলাইন আৰম্ভ কৰে আৰু আঠ বছৰ ধৰি সম্পাদনা কৰে। ১৯৯৪ চনত ভট্টীয়ে নিউয়ৰ্কৰ আন্তৰ্জাতিক মহিলা মিডিয়া ফাউণ্ডেচনৰপৰা "সাংবাদিকতাৰ সাহস" বঁটা লাভ কৰে।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪৪ চনত কৰাচীত জন্মগ্ৰহণ কৰিছিল ৰাজিয়া ভট্টীৰ। কৰাচী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পেছাদাৰী সাংবাদিকতাক কৰ্ম হিচাপে যোগদান কৰাৰ সিদ্ধান্ত লয় [2]

সাংবাদিকতা

[সম্পাদনা কৰক]

ৰাজিয়া ভাট্টীৰ পেছাদাৰী কেৰিয়াৰ ত্ৰিছ বছৰ ধৰি চলিছিল। ১৯৬৭ চনত পাকিস্তানৰ পাকিস্তানৰ আলোচনী দ্য ইলাষ্ট্ৰেটেড উইকলিত যোগদান কৰে, পিছলৈ দ্য হেৰাল্ড নামেৰে নামকৰণ কৰে আৰু ইয়াক সাম্প্ৰতিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাহেকীয়া প্ৰকাশনলৈ ৰূপান্তৰিত কৰে। ১৯৭০ চনত ভাট্টি হেৰাল্ডৰ সহকাৰী সম্পাদক আৰু ১৯৭৬ চনত সম্পাদক হয়। জেনেৰেল জিয়া উল হকৰ সামৰিক আইন প্ৰণয়নৰ সময়ত প্ৰেছৰ ওপৰত জাপি দিয়া চেঞ্চৰশ্বিপেও ভট্টিক বাধা নিদিলে, আৰু তেওঁ বাতৰি দি থাকিল। বীনা সৰৱাৰে তেওঁৰ প্ৰবন্ধ *ৰজিয়া ভাট্টি আৰু নাজমা বাবাৰ: পাকিস্তানত মুক্ত সাংবাদিকতাৰ দুজন চেম্পিয়ন*ত মনত পেলাইছে, "জেনেৰেল জিয়াই এবাৰ ইমানেই খং কৰিছিল যে তেওঁ সংবাদ-মেলত তেওঁৰ লেখাটোৰ প্ৰতিলিপি হাত জোকাৰিছিল, ঘোষণা কৰিছিল যে তেওঁ এনে সাংবাদিকতাক সহ্য নকৰে।" জেনেৰেল জিয়া-উল-হকৰ শাসনৰ নীতিৰ সমৰ্থনত লিখিবলৈ হেঁচা প্ৰয়োগ কৰাৰ পাছত ৰাজিয়া ভাট্টিয়ে আলোচনীখনৰপৰা পদত্যাগ কৰে। [2]

নিউজলাইন প্ৰতিষ্ঠা

[সম্পাদনা কৰক]

তেওঁৰ লেখা ৰোধ কৰিবলৈ হেঁচা পোৱাৰ পিছত তেওঁৰ সাংবাদিক দলৰ বেছিভাগেই তেওঁৰ সৈতে দ্য হেৰাল্ডৰপৰা পদত্যাগ কৰে আৰু তেওঁলোকে একেলগে নিউজলাইন নামৰ কৰ্মচাৰীৰ মালিকানাধীন সাম্প্ৰতিক পৰিক্ৰমা সম্পৰ্কীয় এখন নতুন মাহেকীয়া আলোচনী স্থাপন কৰে। [1] নিউজলাইন প্ৰথম প্ৰকাশ হৈছিল ১৯৮৯ চনৰ জুলাই মাহত ভট্টীৰ সম্পাদকীয় টোকাৰ সৈতে, যিটো আৰম্ভ হৈছিল:

স্বাধীনতাৰ বাৰকুৰি বছৰৰ পাছত এই দেশখনে যেন পাহৰি গ’ল জন্মৰ প্ৰতিশ্ৰুতি। পাকিস্তানীৰ এটা সম্পূৰ্ণ প্ৰজন্মৰ বাবে ভয়, হিংসা, একনায়কত্ববাদ, প্ৰতাৰণা আদি নিয়ম, কাৰণ তেওঁলোকে আন একো দেখা নাই। ... পাকিস্তানৰ সংবাদ মাধ্যমেও এই দেশৰ অৱস্থাৰ বাবে দায়বদ্ধ। কথা ক’বলগীয়া সময়ত নিমাত হৈ থাকিল, সঁচা কথা ক’বলগীয়া হ’লে অসৎ হৈ থাকিল আৰু দৃঢ়তাৰে থিয় হ’ব লাগিলে থৰক-বৰক হৈ পৰিল।

ৰাজিয়া ভাট্টীৰ সম্পাদনাৰ অধীনত নিউজলাইন আলোচনীয়ে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ড্ৰাগছ কাৰ্টেল, জনগোষ্ঠীয় আৰু ফেচিষ্ট ৰাজনৈতিক দল, উগ্ৰপন্থী ইছলামিক গোট, এজন ৰাষ্ট্ৰপতিৰ জোঁৱাই, এজন প্ৰধানমন্ত্ৰীৰ পত্নী, একেৰাহে চৰকাৰকে ধৰি বহুতো বিষয় সামৰি লৈছিল। তাই কু-সংস্কাৰ ভংগ কৰিছিল আৰু স্বৈৰাচাৰী চৰকাৰৰ লগতে ৰক্ষণশীল সমাজে জাপি দিয়া মত প্ৰকাশৰ স্বাধীনতাৰ সীমাবদ্ধতা অতিক্ৰম কৰিছিল। সমগ্ৰ কেৰিয়াৰত ভট্টীয়ে পাকিস্তানৰ জনসাধাৰণক প্ৰভাবিত কৰা বিষয়সমূহৰ ওপৰত ন্যায্য, সঠিক আৰু সম্পূৰ্ণ প্ৰতিৱেদন দাখিল কৰিবলৈ প্ৰেৰিত হৈছিল। সামাজিক কামৰ চেম্পিয়ন হিচাপে পৰিচিত আছিল আৰু চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। [2][1]

১৯৯৪ চনৰ ডিচেম্বৰ মাহত নিউজলাইন মেগাজিনে পাকিস্তানৰ সৰ্ববৃহৎ চহৰ কৰাচীত নিৰ্বিচাৰে হত্যা, লুণ্ঠন, অপৰাধৰ হাৰ বৃদ্ধিৰ সন্মুখীন হৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোক সমালোচনা কৰি এটা প্ৰবন্ধ প্ৰকাশ কৰে। এই সমালোচনাৰ প্ৰতি সঁহাৰি জনাই বেনজিৰ ভুট্টোৱে নিউজলাইন মেগাজিনক চৰকাৰী পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ বিমান সেৱাত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু ৰাজিয়া ভট্টী আৰু তেওঁৰ নিউজলাইন মেগাজিনৰ কৰ্মচাৰীসকলে নিৰুৎসাহিত হৈ বেনজিৰ ভুট্টোৰ চৰকাৰৰ অভাৱ-অভিযোগৰ বাতৰি অব্যাহত ৰাখিছিল। [2]

ব্যক্তিগত জীৱন আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

গুল হামিদ ভট্টীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ৰাজিয়া ভট্টীৰ দুটা সন্তান - কামিল আৰু চাৰা। ১৯৯৬ চনৰ ১২ মাৰ্চত ৫২ বছৰ বয়সত ৰাজিয়া ভাট্টীৰ মৃত্যু হয়। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মগজুৰ ৰক্তক্ষৰণৰ ফলত পাকিস্তানৰ কৰাচীৰ ঘৰত মৃত্যু হয়। [1]

পুৰস্কাৰ আৰু স্বীকৃতি

[সম্পাদনা কৰক]

তেওঁৰ মৃত্যুৰ পাছত এজন বিখ্যাত পাকিস্তানী পণ্ডিত তথা সাংবাদিক একবাল আহমেদে ৰাজিয়া ভাট্টীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখিছে,"তাই জনপ্ৰিয় হ'ব, মই তেতিয়া ভাবিছিলোঁ, নহ'লে তাই পাকিস্তানত সাংবাদিকতাক ৰূপান্তৰিত কৰাত সহায় কৰিব। তাই দুয়োটা কামেই কৰিলে।"

  • ১৯৯৪ চনৰ অক্টোবৰ মাহত আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় মহিলা মিডিয়া ফাউণ্ডেচন (IWMF)ৰপৰা "বিপজ্জনক পৰিস্থিতিত কাম কৰাৰ অসাধাৰণ গুণৰ বাবে" সাংবাদিকতাৰ সাহস বঁটা। [3][4]


প্ৰবীণ পাকিস্তানী কূটনীতিবিদ, সাংবাদিক, আৰু এতিয়া (২০২৫ চনত) সঘনাই পাকিস্তানী সংবাদ মাধ্যমৰ মন্তব্যকাৰী মালিহা লোধিয়ে ৰাজিয়া ভাট্টীক ভালদৰে চিনি পোৱা, ... তেওঁক শ্ৰদ্ধাঞ্জলি জনাই লিখিছে:

"মোৰ মনত আছে যেতিয়া ৰাজিয়াই ১৯৯৪ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় মহিলা ফাউণ্ডেশ্যনৰপৰা সাংবাদিকতাৰ সাহস বঁটা লাভ কৰিবলৈ নিউয়ৰ্কলৈ আহিছিল। বিপজ্জনক পৰিস্থিতিত কাম কৰাৰ অসাধাৰণ গুণৰ বাবে সন্মানিত হোৱা প্ৰথমগৰাকী পাকিস্তানী হৈ পৰিছিল। ৰাজিয়া সাংবাদিকতাৰ উৎকৃষ্টতাৰ তিনিটা গ'ৰ অধিকাৰী আছিল: সাহস, দায়বদ্ধতা আৰু বিশ্বাসযোগ্যতা।" [4]

তথ্যৰ উৎস

[সম্পাদনা কৰক]