ৰাজীৱ দীক্ষিত
| ৰাজীৱ দীক্ষিত | |
|---|---|
| জন্ম | 30 November 1967 আলিগড় জিলা, উত্তৰ প্ৰদেশ, ভাৰত |
| মৃত্যু | ৩০ নৱেম্বৰ, ২০১০ (৪৩ বছৰ)[1] ভিলাই, ছত্তীশগড়, ভাৰত |
| ৱেবছাইট | |
| swdeshibharat.com | |
ৰাজীৱ দীক্ষিত[টোকা 1] (৩০ নৱেম্বৰ ১৯৬৭ – ৩০ নৱেম্বৰ ২০১০)[3] এজন ভাৰতীয় সমাজকৰ্মী আছিল। তেওঁ আজাদী বচাও আন্দোলন প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সংগঠনে বিশ্বায়ন আৰু নব্য উদাৰতাবাদৰ বিৰোধিতা কৰি স্বদেশী অৰ্থনীতিৰ পোষকতা কৰিছিল। ৰামদেৱৰ সৈতে তেওঁ ভাৰত স্বাভিমান আন্দোলন গঠন কৰিছিল। ইয়াৰ ৰাজনৈতিক শাখাই স্বদেশী অৰ্থনীতিৰ প্ৰচাৰৰ লগতে যোগ আৰু আয়ুৰ্বেদৰ প্ৰচাৰো কৰিছিল।
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৪ চনত সংঘটিত ভূপাল দুৰ্যোগত বহুজাতিক কোম্পানীৰ মালিকানাধীন কীটনাশক কাৰখানা এটাৰ পৰা গেছ নিৰ্গত হৈ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। এই ঘটনাই দীক্ষিতক ভাৰতীয় অৰ্থনীতিত এনে বহুজাতিক কোম্পানীসমূহৰ ভূমিকা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰায়। পৰৱৰ্তী সময়ত ধৰমপাল নামৰ এগৰাকী গান্ধীবাদী ইতিহাসবিদ আৰু চিন্তাবিদৰ চিন্তাধাৰাই এই বিষয়ত দীক্ষিতৰ দৃষ্টিভংগীক প্ৰভাৱিত কৰে। ১৯৯২ চনত দীক্ষিতে আজাদী বচাও আন্দোলন নামৰ ন্যাসটো প্ৰতিষ্ঠা কৰে। ইয়াৰ ঘোষিত উদ্দেশ্য আছিল "বিদেশী বহুজাতিক কোম্পানী আৰু পশ্চিমীয়া সংস্কৃতিয়ে ভাৰতীয়সকল, তেওঁলোকৰ মূল্যবোধ আৰু সামগ্ৰিকভাৱে ভাৰতীয় অৰ্থনীতিৰ ওপৰত চলোৱা আক্ৰমণ প্ৰতিহত কৰা"। দীক্ষিতে সমগ্ৰ দেশত হাজাৰ হাজাৰ বক্তৃতা প্ৰদান কৰিছিল আৰু সংগঠনটোৱে বিতৰণ কৰা চিডি আৰু কেছেটৰ জৰিয়তেও তেওঁৰ বক্তব্য প্ৰচাৰ কৰা হৈছিল।[4][5] ২০০৪ চনত দীক্ষিতৰ বিৰুদ্ধে আজাদী বচাও আন্দোলনৰ ধন তেওঁৰ ভাতৃৰ স্বাৰ্থত অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয় আৰু সংগঠনটোৰ সৈতে তেওঁৰ সম্পৰ্কত দূৰত্ব সৃষ্টি হয়।[6]
একেটা ২০০৪ চনতে ৰামদেৱে দীক্ষিতৰ সৈতে যোগাযোগ কৰে। সেই সময়ত ৰামদেৱ যথেষ্ট সংখ্যক অনুগামী থকা এগৰাকী ভ্ৰমণশীল যোগ শিক্ষক আছিল। দুয়োৰে নাছিকত সাক্ষাৎ হয়। পৰৱৰ্তী কেইবছৰত দীক্ষিত ৰামদেৱৰ পৰামৰ্শদাতা হৈ পৰে আৰু বিশ্বায়নৰ বিৰুদ্ধে দীক্ষিতৰ অভিযান আৰু যোগৰ প্ৰচাৰৰ বাবে ৰামদেৱৰ অভিযান পৰস্পৰৰ সৈতে সংযুক্ত হয়।[7] দুয়োজনে ভাৰত স্বাভিমান আন্দোলন প্ৰতিষ্ঠা কৰে আৰু দীক্ষিতে ইয়াৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। নতুন সংগঠনটোৰ ৰাজনৈতিক লক্ষ্যও আছিল। ২০০৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সংগঠনটোৱে বিশ্ব হিন্দু পৰিষদ আৰু অন্যান্য হিন্দুত্ববাদী সংগঠনৰ সৈতে মিলি গংগা নদী পৰিষ্কাৰ কৰাৰ দাবীত আন্দোলন কৰে। ২০১০ চনৰ মাৰ্চ মাহত ভাৰত স্বাভিমান দল গঠন কৰা হয় আৰু ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। দীক্ষিত আৰু ৰামদেৱে দলটোৰ হৈ প্ৰচাৰৰ বাবে ভাৰত নিৰ্মাণ যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু ছত্তীশগড়ত যাত্ৰাৰ সময়তে দীক্ষিতৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়।[8][9]
দীক্ষিতৰ মৃত্যু আৰু ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলত ভাৰত স্বাভিমান দলৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনা বাতিল হয়।[10]
মতাদৰ্শ আৰু সমাজকৰ্ম
[সম্পাদনা কৰক]দীক্ষিতৰ মতে বিশ্বায়ন আৰু অৰ্থনৈতিক উদাৰীকৰণ নতুন ৰূপৰ ঔপনিৱেশিকতাবাদ। তেওঁ এইবোৰক ভাৰতৰ "পশ্চিমৰ ওপৰত নিৰ্ভৰশীলতা, ঘৰুৱা উৎপাদনৰ অভাৱ, অত্যধিক উপভোক্তাবাদৰ বৃদ্ধি, কৃষি খণ্ডৰ দুৰ্বলতা আৰু কৃষকৰ আত্মহত্যা"ৰ বাবে দায়ী কৰিছিল। এই বক্তব্যৰ ক্ষেত্ৰত তেওঁ স্বদেশী শব্দটো নতুন ৰূপত ব্যৱহাৰ কৰি ইয়াক ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে আগবঢ়োৱা স্বদেশী আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল।[11]
ভাৰত স্বাভিমান আন্দোলন গঠনৰ পিছত স্বদেশী অৰ্থনীতিৰ এই বক্তব্যৰ সৈতে চৰকাৰী দুৰ্নীতি আৰু অৰ্থনৈতিক বৈষম্যৰ বিষয়সমূহো সংযুক্ত কৰা হয়। ইয়াৰ লগতে যোগ আৰু আয়ুৰ্বেদৰ প্ৰচাৰো কৰা হৈছিল।[12]
২০২৩ চনত কেইবছৰমান পূৰ্বে দীক্ষিতে দিয়া এটা বক্তৃতাৰ ভিডিঅ' প্ৰকাশ পায়। সেই বক্তৃতাত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ প্ৰশংসা কৰি ইয়াৰ সৃষ্টিৰ সৈতে সম্পৰ্কিত এটা বিতৰ্কিত বৰ্ণনা পুনৰ দাঙি ধৰে। সেই বৰ্ণনা অনুসৰি গীতটো সম্ৰাট জৰ্জ পঞ্চমৰ সন্মানত ৰচনা কৰা হৈছিল আৰু পিছত সম্ৰাটে ইয়াৰ ৰচয়িতা, কবি আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰবীন্দ্ৰনাথ ঠাকুৰক সাহিত্যৰ ন'বেল বঁটা প্ৰদান কৰিছিল। ১৯১১ চনত গীতটো প্ৰথমবাৰ পৰিৱেশন কৰাৰ সময়ত সমসাময়িক এংলো-ইণ্ডিয়ান সংবাদমাধ্যমত এই দাবীসমূহ প্ৰকাশ পাইছিল যদিও পিছলৈ এই দাবীসমূহ ভুল বুলি প্ৰমাণিত হয়। ঠাকুৰে নিজেই গীতটো ব্ৰিটিছ সম্ৰাটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ৰচনা কৰা হোৱা নাছিল বুলি স্পষ্ট কৰিছিল। তদুপৰি ১৯১৩ চনত ঠাকুৰে ন'বেল বঁটা লাভ কৰাৰ সময়ত জৰ্জ পঞ্চম ছুইডিছ একাডেমীৰ অধ্যক্ষ নাছিল।[13]
মৃত্যু
[সম্পাদনা কৰক]২০১০ চনৰ ৩০ নৱেম্বৰত নিজৰ ৪৩তম জন্মদিনৰ দিনা ছত্তীশগড়ৰ ভিলাইৰ এখন চিকিৎসালয়ত দীক্ষিতৰ মৃত্যু হয়। চিকিৎসকে মৃত্যুৰ কাৰণ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা বুলি ঘোষণা কৰে। ওচৰৰ বেমেতৰা চহৰৰ এখন আশ্ৰমৰ বাথৰুমত ঢলি পৰাৰ পিছত দীক্ষিতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।[টোকা 2] পৰৱৰ্তী সময়ত ৰামদেৱে দিয়া সাক্ষাৎকাৰত কয় যে সেইদিনা প্ৰায় এঘণ্টা ধৰি ফোনযোগে পৰামৰ্শ দিয়াৰ পিছতো দীক্ষিতে চিকিৎসা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে দীক্ষিতৰ পৰিয়ালে এই দাবী অস্বীকাৰ কৰে। দীক্ষিতৰ মৃতদেহ বিমানযোগে হৰিদ্বাৰলৈ লৈ যোৱা হয় আৰু বৃহৎ সংখ্যক শোকাকুল লোক সমবেত হোৱা পতঞ্জলি যোগপীঠৰ এটা হলত মৃতদেহটো ৰখা হয়। পিছদিনা পুৱা ৰামদেৱৰ জোৰত মৃতদেহটো দাহ কৰা হয়। দীক্ষিতৰ পৰিয়াল আৰু সহকৰ্মীসকলে মৰণোত্তৰ পৰীক্ষাৰ দাবী জনালেও ৰামদেৱে সেই দাবী অগ্ৰাহ্য কৰে। দীক্ষিতৰ মৃত্যুৰ কাৰণ আৰু এই ঘটনাত ৰামদেৱৰ ভূমিকা সম্পৰ্কে সন্দেহ অব্যাহত আছে।[15][2] ২০১৯ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দীক্ষিতৰ মৃত্যুৰ সন্দৰ্ভত নতুনকৈ তদন্তৰ নিৰ্দেশ দিয়ে।[14]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kidwai, Rasheed (19 June 2016). "Baba's 'plan' that went bust". The Telegraph. https://www.telegraphindia.com/india/baba-s-plan-that-went-bust/cid/1516482.
- 1 2 Worth, Robert F. (26 July 2018). "The Billionaire Yogi Behind Modi's Rise". The New York Times. Archived from the original. Error: If you specify
|archiveurl=, you must also specify|archivedate=. https://web.archive.org/web/20240815204333/https://www.nytimes.com/2018/07/26/magazine/the-billionaire-yogi-behind-modis-rise.html. - ↑ Pathak-Narain 2017, পৃষ্ঠা. 133.
- ↑ Pathak-Narain 2017, পৃষ্ঠা. 71-73.
- ↑ "कहानी राजीव दीक्षित की" (hi ভাষাত). Jansatta. 1 June 2022. https://www.jansatta.com/religion/who-was-rajiv-dixit-and-the-facts-related-to-the-death/2201694/.
- ↑ Pathak-Narain 2017, পৃষ্ঠা. 73.
- ↑ Pathak-Narain 2017, পৃষ্ঠা. 71-73, 115-116.
- ↑ Pathak-Narain 2017, পৃষ্ঠা. 116-119, 133.
- ↑ Kanungo 2019, পৃষ্ঠা. 127-129.
- ↑ Deka, Kaushik (2017). "The political animal". The Baba Ramdev Phenomenon: From Moksha to Market. Rupa. ISBN 978-81-291-4637-3. https://books.google.com/books?id=Z-JnuQEACAAJ.
- ↑ Khalikova, Venera R. (2 January 2017). "The Ayurveda of Baba Ramdev: Biomoral Consumerism, National Duty and the Biopolitics of 'Homegrown' Medicine in India". South Asia: Journal of South Asian Studies খণ্ড 40 (1): 105–122. doi:10.1080/00856401.2017.1266987.
- ↑ Kanungo 2019, পৃষ্ঠা. 127-128.
- ↑ Varma, Aishwarya (21 December 2023). "No, King George V Did Not Give Tagore Nobel Prize for Writing National Anthem". TheQuint. https://www.thequint.com/news/webqoof/rabindranath-tagore-national-anthem-george-v-nobel-prize-literature-fact-check.
- 1 2 Shukla, Satya Narain (23 January 2019). "BREAKING : क्या राजीव दीक्षित की मौत के रहस्य से उठेगा पर्दा ? #PMO ने दिए जांच के आदेश | Will the curtain rise from the secret of the death of Rajiv Dixit?" (hi ভাষাত). Patrika. https://www.patrika.com/bhilai-news/will-the-curtain-rise-from-the-secret-of-the-death-of-rajiv-dixit-4023299/.
- ↑ Pathak-Narain 2017, পৃষ্ঠা. 133-141.
উৎস
[সম্পাদনা কৰক]- Kanungo, Pralay (2019). "Gurus and the Hindu Nationalist Politics: The Baba Ramdev–BJP Partnership in the 2014 Elections". In Ahmad, Irfan; Kanungo, Pralay. The algebra of warfare-welfare: a long view of India's 2014 election. প্ৰকাশক New Delhi, India: Oxford University Press. পৃষ্ঠা. 119–142. ISBN 978-0-19-948962-6. https://books.google.com/books?id=EMrhDwAAQBAJ.
- Pathak-Narain, Priyanka (2017) (en ভাষাত). Godman to Tycoon: The Untold Story of Baba Ramdev. Juggernaut. ISBN 978-93-86228-38-3. https://books.google.com/books?id=HVwSyAEACAAJ.