সমললৈ যাওক

ৰাজীৱ মালহোত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজীৱ মালহোত্ৰা

২০২৫ চনত মালহোত্ৰা
জন্ম ১৫ ছেপ্টেম্বৰ, ১৯৫০ (৭৫ বছৰ)
নতুন দিল্লী, ভাৰত
নাগৰিকত্ব আমেৰিকীয়
শিক্ষানুষ্ঠান ছেইণ্ট ষ্টিফেন্স কলেজ, দিল্লী
ছিৰাকাছ বিশ্ববিদ্যালয়
পেচা
  • লেখক
  • গৱেষক
  • অধ্যাপক
উল্লেখযোগ্য কৰ্ম ব্ৰেকিং ইণ্ডিয়া (২০১১),
বিং ডিফাৰেণ্ট (২০১১),
ইন্দ্ৰছ নেট (২০১৪),
দ্য বেটল ফৰ সংস্কৃত (২০১৬)
ৱেবছাইট
rajivmalhotra.com


ৰাজীৱ মালহোত্ৰা (ইংৰাজী: Rajiv Malhotra) (জন্ম : ১৫ ছেপ্টেম্বৰ ১৯৫০) ভাৰতত জন্মগ্ৰহণ কৰা এজন আমেৰিকীয় সোঁপন্থী [1][2] হিন্দুত্ববাদী মতাদৰ্শবিদ[3][4][5]৷ তেওঁ ভাৰতীয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইনফিনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক৷[6] ইয়াৰ লগতে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়তিব্বতী বৌদ্ধ টেংগ্যুৰ অনুবাদৰ প্ৰকল্পৰ বাবেও ধন আগবঢ়ায়।[7]

ফাউণ্ডেশ্যনৰ বাহিৰেও মালহোত্ৰাই[8][9]ভাৰতীয় সংস্কৃতিৰ প্ৰতি হিন্দু জাতীয়তাবাদী দৃষ্টিভংগীৰ প্ৰসাৰ ঘটাইছে। ভাৰতীয় সংস্কৃতি আৰু সমাজৰ পশ্চিমীয়া শৈক্ষিক অধ্যয়নৰ বিৰোধিতা কৰি মালহোত্ৰাই বহু মাত্ৰাত লেখা-মেলা কৰিছে৷ তেওঁৰ মতে পশ্চিমীয়া অধ্যয়নে ভাৰতীয় পৰম্পৰাক বদনাম কৰে আৰু "ইয়াৰ ঐক্য আৰু অখণ্ডতাৰ বিৰোধিতা কৰা আৰ্হিসমূহক উৎসাহিত কৰি" ভাৰতৰ স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰে।[10][11]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

তথ্য প্ৰযুক্তি আৰু সংবাদ মাধ্যম উদ্যোগৰ উদ্যোগী হোৱাৰ আগতে মালহোত্ৰাই দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজত পদাৰ্থ বিজ্ঞান আৰু চিৰাকিউজ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল।[web 1][12] ১৯৯৪ চনৰ আৰম্ভণিতে তেওঁ ৪৪ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰি ১৯৯৫ চনত নিউ জাৰ্চিৰ প্ৰিন্সটনত ইনফিনিটি ফাউণ্ডেশ্যন স্থাপন কৰে।[web 1][12] এই ফাউণ্ডেশ্যনৰ পৰিচালনাৰ উপৰি তেওঁ ডাৰ্টমাউথৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ইণ্ডিক ষ্টাডিজৰ ব'ৰ্ড অৱ গভৰ্ণৰ হয় আৰু বিভিন্ন সংস্থাক পৰামৰ্শ দিয়ে।

মালহোত্ৰাই ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ ডাৰ্টমাউথৰ চেণ্টাৰ ফৰ ইণ্ডিক ষ্টাডিজৰ দিশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বক্তা আছিল আৰু ক্লেয়াৰমণ্ট কলেজৰ ফাউণ্ডেশ্যন ফৰ ইণ্ডিক ফিল'চফি এণ্ড কালচাৰৰ ব'ৰ্ডৰ সদস্য আছিল।[13] তেওঁ ইণ্টাৰনেট আলোচনা গোট আৰু ই-আলোচনীতো বহুলভাৱে লিখিছিল।[13]

২০১৮ চনৰ অক্টোবৰ মাহত মালহোত্ৰাই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে।[14] ২০১৮ চনৰ ৬ নৱেম্বৰত তেওঁ সংস্কৃত আৰু ভাৰতীয় অধ্যয়ন বিদ্যালয়ৰ উদ্যোগত Sanskrit non-translatables বিষয়ত প্ৰথম বক্তৃতা প্ৰদান কৰে।[15]

১৯৯৪ চনত মালহোত্ৰাই ইনফিনিটি প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে৷[9] তাৰ পিছত ২০০০ চনত এডুকেচনেল কাউন্সিল অৱ ইণ্ডিক ট্ৰেডিচনছ (ECIT) প্ৰতিষ্ঠা কৰে।[13][16][note 1]

তেওঁলোকৰ উল্লিখিত লক্ষ্যসমূহৰ ভিতৰত আছিল প্ৰাচীন ভাৰতীয় ধৰ্মসমূহৰ অনুভূত ভুল বৰ্ণনাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বিশ্ব সভ্যতালৈ ভাৰতৰ অৱদানৰ নথিভুক্ত কৰা।[13] পৰামৰ্শদাতা ব'ৰ্ডৰ কোনো সদস্যই শৈক্ষিক নাছিল আৰু বেছিভাগেই চফ্টৱেৰ উদ্যোগৰ অন্তৰ্গত আছিল।[13]

গৱেষণা, শিক্ষা আৰু সামূহিক কামৰ বাবে ফাউণ্ডেচনে ৪০০ৰো অধিক অনুদান আগবঢ়াইছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় অধ্যয়নৰ অতিথি অধ্যাপক পদ, ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ যোগ আৰু হিন্দী শ্ৰেণী, হাৱাই বিশ্ববিদ্যালয়ত অদ্বিতীয় দৰ্শনৰ গৱেষণা আৰু পাঠদান, গ্ল’বেল ৰেনেছাঁ ইনষ্টিটিউট আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন কেন্দ্ৰ, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ধৰ্ম আৰু বিজ্ঞানৰ কাৰ্যসূচী, চেণ্টাৰ ফৰ এডভান্সড ষ্টাডি অৱৰ বাবে এনডাউমেণ্টকে ধৰি কাৰ্যসূচীৰ সমৰ্থনত প্ৰধান বিশ্ববিদ্যালয়সমূহক সৰু সৰু অনুদান প্ৰদান কৰিছে৷ এই ফাউণ্ডেচনে এছিয়া সম্পৰ্কীয় শিক্ষা[20]আৰু আন্তৰ্জাতিক হিন্দু অধ্যয়ন জাৰ্নেল[21] আদি আলোচনীৰ বাবে আৰু জেমছ মেডিচন বিশ্ববিদ্যালয়ত মহাত্মা গান্ধী চেণ্টাৰ ফৰ গ্ল'বেল নন-হিংসা স্থাপনৰ বাবে ধন আগবঢ়াইছে।[21]

  1. 1.0 1.1 Braverman, Amy M. (December 2004). "The interpretation of gods: Do leading religious scholars err in their analysis of Hindu texts?". University of Chicago Magazine খণ্ড 97 (2). http://magazine.uchicago.edu/0412/features/. 
  1. On the Infinity Foundation:
    • Kurien: "The next Indic studies organisation established in the United States was the Educational Council of Indic Traditions (ECIT), which was founded in 2000 (along with an associated Indictraditions Internet discussion group) under the auspices of the Infinity Foundation, based in New Jersey. The Infinity Foundation was formed in 1995 by the wealthy Indian American entrepreneur Rajiv Malhotra, who, after a career in the software, computer, and telecom industries had taken an early retirement to pursue philanthropic and educational activities. As Indic studies gradually became the main focus of the Infinity Foundation, the ECIT was disbanded (the Indictraditions group was also closed down later, in the summer of 2003)."[17]
    • Nussbaum: "The chief antagonist behind these attacks is Rajiv Malhotra, a very wealthy man who lives in New Jersey and heads the Infinity Foundation, which has made grants in the area of Hinduism studies."[18]
    • Taylor: "... Rajiv Malhotra, a self-described Indian-American entrepreneur, philanthropist and community leader. Malhotra had graduated from St Stephen's College, Delhi, in 1971, and came to the US to pursue degrees in physics and computer science, where his subsequent career spanned the software, telecom and media industries (Ramaswamy, de Nicolas and Banerjee, 2007, p. 472, n.5). He left the business world in 1995 to establish the Infinity Foundation, a non-profit organisation that seeks to promote East-West dialogue and a proper understanding of the Indian civilizational experience in the world, particularly in the United States and India."[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mukharji, Projit Bihari (2017-07-03). "Embracing academic elitism". South Asian History and Culture খণ্ড 8 (3): 354–359. doi:10.1080/19472498.2017.1350401. ISSN 1947-2498. "right-wing populists like Rajiv Malhotra..". 
  2. Dutta, Amrita Nayak; Sharma, Kritika (2018-11-04). "New JNU honorary prof Rajiv Malhotra's CV: Charges of plagiarism & whole lot of Hindutva". ThePrint. https://theprint.in/india/governance/new-jnu-honorary-prof-rajiv-malhotras-cv-charges-of-plagiarism-whole-lot-of-hindutva/143608/। আহৰণ কৰা হৈছে: 2025-01-09. "tech millionaire and Right-wing ideologue Rajiv Malhotra" 
  3. Patel, Jignesh (2019-05-16). "Did IIT Varanasi students ditch black gowns in favour of traditional attire at convocation?". Alt News. https://www.altnews.in/did-iit-varanasi-students-ditch-black-gowns-in-favour-of-traditional-attire-at-convocation/। আহৰণ কৰা হৈছে: 2025-01-10. 
  4. Sengupta, Rakesh (2021-02-14). "WIDE ANGLE: THE DOGWHISTLE OF 'HINDUPHOBIA'". dawn.com. https://www.dawn.com/news/1606972। আহৰণ কৰা হৈছে: 2025-01-10. 
  5. "Rajiv Malhotra, Swapan Dasgupta appointed as JNU honorary professors". Business Standard. October 30, 2018. https://www.business-standard.com/article/pti-stories/rajiv-malhotra-swapan-dasgupta-appointed-as-jnu-honorary-professors-118103000970_1.html. 
  6. "New JNU Guest Lecturer Rajiv Malhotra Wants To GPS-Map Your Soul". the quint. 31 October 2018. https://www.thequint.com/news/india/rajiv-malhotra-jnu-guest-lecturer-profile-gps-map-soul. 
  7. Thurman 2004, পৃষ্ঠা. xi.
  8. Lucia, A.J. (2020). White Utopias: The Religious Exoticism of Transformational Festivals. University of California Press. পৃষ্ঠা. 75. ISBN 978-0-520-37695-3. https://books.google.com/books?id=Mgr0DwAAQBAJ. "recommended the writings of the famed Hindu nationalist Rajiv Malhotra" 
  9. 9.0 9.1 Stensvold, A. (2020). Blasphemies Compared: Transgressive Speech in a Globalised World. Routledge Studies in Religion. Taylor & Francis. পৃষ্ঠা. 94. ISBN 978-1-000-29188-9. https://books.google.com/books?id=CDAGEAAAQBAJ. "Prominent among the critics was Rajiv Malhotra, an Indian computer scientist living in the Eastern United States. In 1994, when he was 44 years old, he took early retirement and founded his own Hindu nationalist foundation, the Infinity Foundation." 
  10. Kurien 2007, পৃষ্ঠা. 194.
  11. Visvanathan, Shiv (2015-07-21). "A battle without winners" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/lead/Rajiv-Malhotra-plagiarism-issue-and-Hindutva/article62119469.ece. 
  12. 12.0 12.1 "Rajiv Malhotra". The Huffington Post. TheHuffingtonPost.com, Inc.. http://www.huffingtonpost.com/rajiv-malhotra। আহৰণ কৰা হৈছে: 31 January 2012. 
  13. 13.0 13.1 13.2 13.3 13.4 Campbell, James T.; Guterl, Matthew Pratt; Lee, Robert G. (2007) (en ভাষাত). Race, Nation, and Empire in American History. University of North Carolina Press. ISBN 9780807831274. https://books.google.com/books?id=IakMAQAAMAAJ. 
  14. "CMS Faculty" (en ভাষাত). www.jnu.ac.in. https://www.jnu.ac.in/sss/cms_faculty। আহৰণ কৰা হৈছে: 2019-02-20. 
  15. "SS&IS organises a lecture by Shri Rajiv Malhotra" (en ভাষাত). jnu.ac.in. https://jnu.ac.in/content/ssis-organises-lecture-shri-rajiv-malhotra। আহৰণ কৰা হৈছে: 2019-02-20. 
  16. Kurien 2007, পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  17. Kurien 2007, পৃষ্ঠা. 155.
  18. Nussbaum 2009, পৃষ্ঠা. 247.
  19. Taylor 2011, পৃষ্ঠা. 153–154.
  20. Campbell 2007, পৃষ্ঠা 258–259
  21. 21.0 21.1 Mittal 2006, পৃষ্ঠা xiv