সমললৈ যাওক

ৰাজীৱ শদিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজীৱ শদিয়া
জন্ম নাম ৰাজীৱ গগৈ
জন্ম টুপছিঙা গাঁও, শদিয়া, তিনিচুকীয়া, অসম, ভাৰত
পেচা গায়ক

ৰাজীৱ শদিয়া (ইংৰাজী: Rajiv Sadiya) অসমৰ এগৰাকী জনপ্ৰিয় গায়ক আছিল। বিশেষকৈ উজনি অসমত অধিক পৰিচিত ৰাজীৱ শদিয়া মৃত্যুৰ পিছত সমগ্ৰ অসমত পৰিচিত হৈ পৰিছিল আৰু তেওঁৰ দেশপ্ৰেমমূলক গীতবোৰৰ চৰ্চা হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰাজীৱ গগৈ।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

ৰাজীৱ শদিয়াৰ জন্ম হৈছিল অসমতিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ টুপছিঙা গাঁৱত। ১৯৮৪ চনত জন্ম হৈছিল। পিতৃ শুক্লধৰ গগৈ আৰু মাতৃ লক্ষীমা গগৈ। ৰাজীৱ পিতৃ-মাতৃৰ মধ্যম সন্তান আছিল। সৰুতে তেওঁক ধাদু গগৈ বুলি জনা গৈছিল।[1] বিবাহিত ৰাজীৱ শদিয়াৰ পত্নীৰ নাম উপাসনা গগৈ,[1] তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে।[2]

মৃত্যুৰ পিছত অধিক পৰিচিতি লাভ কৰা ৰাজীৱ শদিয়াৰ এখন মঞ্চত সংগীত পৰিৱেশন কৰি থাকোঁতে মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ হাঁহখাতিত মাঘ বিহুৰ উৰুকাৰ আগদিনা ১২ জানুৱাৰী, ২০২৫ৰ ৰাতি ১১ বাজি ২০ মিনিটত মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠিছিল। তেওঁ তিনি নম্বৰ গীতটি পৰিৱেশন কৰিবলৈ লওঁতেই ঢলি পৰিছিল। তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিছদিনা ১৩ জানুৱাৰীত দুপৰীয়া ২ বজাত তেওঁৰ মৃত্যু হৈছিল।[2] চিকিৎসকৰ মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল।[3]

ৰাজীৱ শদিয়াৰ গানৰ উৎস

[সম্পাদনা কৰক]

ৰাজীৱ শদিয়া গ্লেমাৰযুক্ত শিল্পী নাছিল। তেওঁ আছিল জনতাৰ শিল্পী। তেওঁৰ গীতত সৰ্বসাধাৰণৰ ক্ষোভ-বেদনা প্ৰকাশ পাইছিল। গীত লিখিছিল, সুৰাৰোপ কৰিছিল। আৰ্থিকভাৱে অতি দুৰ্বল আছিল যদিও জাতীয়তাবাদী চিন্তা-চেতনাৰে সমৃদ্ধ ৰাজীৱে সংগীত সাধনাক তেওঁৰ জীৱনৰ ব্ৰত কৰি লৈছিল। আৰ্থিক দৈন্যৰে ভৰা শিল্পীজনে কৈছিল,

গান এটা লিখি সুৰ কৰাটো বৰ ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ’লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয়, কমেও ৩০/৩৫ হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে বৰ ডাঙৰ কথা।[2]

কেইটিমান জনপ্ৰিয় গীত

[সম্পাদনা কৰক]
  • আই অসমীৰ বুকুলৈ কিয় আহিলি বসন্ত
  • তেজত উঠিছে পিৰপিৰণি
  • বৰঘৰত সোমালে বিদেশী বঙালী
  • নৈয়ে সলালেও সুঁতি
  • জয় আই অসম
  • আজি মানৱ সমাজ
  • নিৰ্বাচন
  • মোক এৰিলেও
  • অ’ ভাইটি
  • বাঘজানৰ কলিজাখন
  • মৰমৰ উপাসনা
  • নিমাতী ঘাটৰ পাৰত বহি
  • পকা কল থাকিলে বাৰীত
  • খাবলে মনে গ’লে

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি". https://www.etvbharat.com/as/!entertainment/fans-pay-public-tribute-to-singer-rajib-sadiya-aasu-to-build-a-statue-to-immortalize-the-memory-assam-news-ass25011402191 আহৰণ কৰা হৈছে: 21 January 2025.
  2. 1 2 3 "ৰাজীৱ শদিয়াৰ কথাবোৰ". https://www.asomiyapratidin.in/editorial-desk/special-writing/a-special-story-on-rajiv-sadiya-by-mridul-kumar-handique-8626410 আহৰণ কৰা হৈছে: 21 January 2025.
  3. "ৰাজীৱৰ মৃত্যুৰ পৰা আমি কি শিকিম". https://www.asomiyapratidin.in/editorial-desk/special-writing/spcl-writing-about-helath-sector-dimpul-bor-gohain-8633686 আহৰণ কৰা হৈছে: 21 January 2025.