ৰাজু বৰুৱা
| ৰাজু বৰুৱা | |
|---|---|
| জন্ম | হিতেশ কলিতা বাহজানী, নলবাৰী, অসম। |
| অন্য নাম | আনীছ আহমেদ [1] |
| দাম্পত্যসঙ্গী | নিৰলা নেওঁগ[1][2][3] |
| পিতৃ-মাতৃ | সজ্যাবালা কলিতা (মাতৃ) [4] |
| সন্তান | হেমাচেতা/প্ৰগতি (কন্যা) [1][3] |
ৰাজু বৰুৱা (ইংৰাজী: Raju Baruah )ৰ প্ৰকৃত নাম হিতেশ কলিতা[4][5] , ওৰফে অনিছ আহমেদ,[1]আলফাৰ উপ-মুখ্য সেনাধ্যক্ষ, সামৰিক অভিযানৰ মুৰব্বী, সামৰিক মুখপাত্ৰ [1][2][4][6][7][8] আৰু নিষিদ্ধ সংগঠন আলফাৰ অসম ভিত্তিক অৰ্ধ স্বায়ত্তশাসিত 'এনিগমা বাহিনী'ৰ মুৰব্বী।[8] সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ পোৱাৰ লগে লগে ৰাজু বৰুৱাক নতুন সামৰিক মুৰব্বী হিচাপে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।[9]
মূখ্য সেনাধ্যক্ষৰ সৈতে সংঘাত
[সম্পাদনা কৰক]জানিব পৰা মতে, সংগঠনটোৰ সাধাৰণ সভাৰ অনুমোদন সাপেক্ষে ভাৰত চৰকাৰৰ সৈতে মিত্ৰতা চুক্তি সন্দৰ্ভত বিভিন্ন মিত্ৰৰ সৈতে আলোচনাত মিলিত হৈছে আলফাৰ চি-ইন-চি বা মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। ৰাজু বৰুৱাই এই আলোচনাৰ তীব্ৰ বিৰোধিতা কৰিছে, যাৰ ফলত দুয়োৰে মাজত সমস্যাৰ সৃষ্টি হৈছে। লগতে কোৱা হৈছে যে চি-ইন-চিয়ে তেওঁক ৰাজহুৱাভাৱে ধমক দিছে। সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল আৰু মিৰপুৰ সামৰিক চিকিৎসালয়ত ‘চিকিৎসাধীন’ বুলি কোৱা হৈছিল কিন্তু আচলতে তেওঁ প্ৰায় বন্দী অৱস্থাত মিৰপুৰ মিলিটাৰী হাস্পতালত আছিল। ।[8]
মৃত্যুৰ উৰাবাতৰি
[সম্পাদনা কৰক]
২০০০ চনৰ ডিচেম্বৰ মাহত অসম ৰাইফলছে আগৰতলাত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি দাবী কৰে যে বাংলাদেশৰ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলত বন্দুকৰ গুলীত বৰুৱা নিহত হৈছে। [10][11] পাছদিনা নিজকে পৰেশ বৰুৱা বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে অজ্ঞাত স্থানৰপৰা বাতৰি কাকতৰ কাৰ্যালয় আৰু সম্প্ৰচাৰ সংস্থাসমূহলৈ ফোন কৰি সেনাবাহিনীৰ দাবীক অগ্ৰাহ্য কৰি কয় যে এইটো সংগঠনটোৰ আন্দোলনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ কেৱল অপপ্ৰচাৰৰ বাহিৰে আন একো নহয় আৰু ৰাজু বৰুৱাৰ একো হোৱা নাই।[11]
গ্ৰেপ্তাৰ
[সম্পাদনা কৰক]২০০৯ চনৰ ৪ ডিচেম্বৰত বৰুৱাই আন আঠজন লোকৰ সৈতে সংগঠনটোৰ অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ সৈতে মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ ওচৰত ভাৰতীয় কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰে। মেঘালয়ৰ পূব খাছি পাহাৰৰ ডাউকিৰ ওচৰত সীমান্ত পাৰ হোৱাৰ মুহূৰ্ততে সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকক জিম্মাত লৈছিল বুলি জানিব পৰা যায়।[2][6][7]
জামিন লাভ
[সম্পাদনা কৰক]অসম চৰকাৰৰ অধীনত এবছৰ কাৰাগাৰত থকা ৰাজু বৰুৱাই জামিন লাভ কৰি ২০১০ চনৰ ২৭ নৱেম্বৰত মুকলি হয়।। ইয়াৰ পূৰ্বে বৰুৱাক দুটা টাডা গোচৰত আৰু এটা চিবিআই গোচৰত জামিন লাভ কৰিছিল। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত বৰুৱাই বিশেষ নিৰাপত্তাৰ আৱৰণত নলবাৰী জিলাৰ জন্মস্থান বাহজানীলৈ ৰাওনা হয়। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে তেওঁক আদৰিবলৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আহিছিল। বৰুৱাই আনৰ লগতে আলফা সমস্যা সমাধানৰ কামত জড়িত হ’ব বুলিও কয়।[12]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- 1 2 3 4 5 Karmakar, Rahul (7 December 2009). "Ulfa leaders' children speak Bengali, not Assamese". Archived from the original on 13 December 2009. https://web.archive.org/web/20091213040846/http://www.hindustantimes.com/Ulfa-leaders-children-speak-Bengali-not-Assamese/H1-Article1-484066.aspx। আহৰণ কৰা হৈছে: 9 December 2009.
- 1 2 3 "ULFA Chief Rajkhowa, Raju Baruah to be produced before Court". News4u. 5 December 2009. Archived from the original on 30 November 2024. https://web.archive.org/web/20241130045816/http://news4u.co.in/?p=45702। আহৰণ কৰা হৈছে: 6 December 2009.
- 1 2 "ULFA leader breaks down before court appearance". 5 December 2009. Archived from the original on 7 December 2009. https://web.archive.org/web/20091207100726/http://www.morungexpress.com/regional/39050.html। আহৰণ কৰা হৈছে: 9 December 2009.
- 1 2 3 Kashyap, Samudra Gupta (28 December 2003). "Come home, boys". Indianexpress.com. http://www.indianexpress.com/oldStory/38088/। আহৰণ কৰা হৈছে: 7 December 2009.
- ↑ Karmakar, Rahul (5 December 2009). "ULFA's Paresh Baruah fights a lone battle". Archived from the original on 8 December 2009. https://web.archive.org/web/20091208115834/http://www.hindustantimes.com/guwahati/ULFA-s-Paresh-Baruah-fights-a-lone-battle/483167/H1-Article1-483134.aspx। আহৰণ কৰা হৈছে: 5 December 2009.
- 1 2 A Staff Reporter (6 December 2009). "Support makes duo defiant- Crowd turns Ulfa rebels into heroes". The Telegraph. http://www.telegraphindia.com/1091206/jsp/frontpage/story_11828699.jsp। আহৰণ কৰা হৈছে: 7 December 2009.
- 1 2 Tikku, Aloke; Patowary, Digambar (5 December 2009). "Ulfa leaders held, admit China link". Archived from the original on 6 December 2009. https://web.archive.org/web/20091206163524/http://www.hindustantimes.com/Ulfa-leaders-held-admit-China-link/H1-Article1-483167.aspx। আহৰণ কৰা হৈছে: 7 December 2009.
- 1 2 3 Routray, Bibhu Prasad (23 June 2003). "ULFA: Decapitation Failure". SATP. http://www.satp.org/satporgtp/sair/Archives/1_49.htm। আহৰণ কৰা হৈছে: 2009-11-07.
- ↑ "ULFA C-in-C Paresh Baruah critically ill: Raju Baruah new military head". Assam Times. 28 July 2009. http://www.assamtimes.org/node/3107। আহৰণ কৰা হৈছে: 2009-11-07.
- ↑ Rehman, Teresa (4 July 2009). "The Chase For The Invisible Man". Tehelka Magazine (Tehelka) খণ্ড 6 (26). http://www.tehelka.com/story_main42.asp?filename=Ne040709the_chase.asp। আহৰণ কৰা হৈছে: 2009-11-10.[সংযোগবিহীন উৎস]
- 1 2 Talukdar, Sushanta (23 December 2009). "Mahanta refutes Army claim on attack". Telegraphindia.com. http://www.telegraphindia.com/1001224/national.htm#head2। আহৰণ কৰা হৈছে: 2009-11-10.
- ↑ "Raju Baruah, was accorded a grand welcome by hundreds of his supporters". 27 November 2010. Archived from the original on 1 December 2010. https://web.archive.org/web/20101201142227/http://www.asianage.com/india/top-ulfa-leader-released-774। আহৰণ কৰা হৈছে: 26 June 2026.