সমললৈ যাওক

ৰাজেন্দ্ৰ নাথ বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেন্দ্ৰ নাথ বৰদলৈ
জন্ম ২০ জানুৱাৰী ১৯৪৮
ৰহঢলা, হাতীচোং মৌজা, নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কবি, শিক্ষক, চৰকাৰী কৰ্মচাৰী
উল্লেখযোগ্য কৰ্ম উৰ্বৰ ভূমিত, মাটিৰ প্ৰেমত মানুহ, মাতে কথাই গুণগুণায়, কবিতা সমগ্ৰ

ৰাজেন্দ্ৰ নাথ বৰদলৈ (জন্ম: ২০ জানুৱাৰী ১৯৪৮) এগৰাকী উল্লেখযোগ্য অসমীয়া কবি। ব্যক্তিগত আৰু সামাজিক ভাবানুষংগৰে তেওঁ নিজৰ কাব্যধাৰা গঢ়ি তুলিছে। তেওঁৰ কাব্যভাষা সৰল, কিন্তু গভীৰ জীৱনবোধেৰে পৰিপূৰ্ণ। গণতন্ত্ৰ নামৰ সাপ্তাহিক কাকতখনত প্ৰকাশিত মই এটি নিশাচৰ নামৰ কবিতাটোৰে তেওঁ সাহিত্য জগতলৈ আগমন কৰে।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

ৰাজেন্দ্ৰ নাথ বৰদলৈ ১৯৪৮ চনৰ ২০ জানুৱাৰীত নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰহঢলা গাঁৱত জন্মগ্ৰহণ কৰে। হিন্দী ভাষাত স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

বৰদলৈয়ে প্ৰথমতে নগাঁও খাগৰিজান হাইস্কুলত শিক্ষকতা কৰে। ১৯৭২ চনত ভাৰত চৰকাৰৰ দূৰ সঞ্চাৰ বিভাগত কৰ্মজীৱন আৰম্ভ কৰে আৰু বৰ্তমানো সেই বিভাগত কৰ্মৰত। তেওঁ অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু বৰ্তমান সভাপতিৰ দায়িত্ব পালন কৰি আছে।

সাহিত্য ৰচনাসমূহ

[সম্পাদনা কৰক]

কবিতা সংকলন

[সম্পাদনা কৰক]
  • উৰ্বৰ ভূমিত (১৯৮৪)
  • মাটিৰ প্ৰেমত মানুহ (১৯৯২)
  • পুনশ্চ (১৯৯৯)
  • মাতে কথাই গুণগুণায় (২০১৮)
  • কবিতা সমগ্ৰ (২০২২)

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]
  • কণ্ঠস্বৰ (১৯৮১)
  • প্ৰবাহিত সময় (১৯৮৭)
  • কবিতা বাৰ্ষিকী (১ম আৰু ২য় খণ্ড)

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা: ২৪৪–২৪৫, প্ৰথম প্ৰকাশ: ২০০৬