সমললৈ যাওক

ৰাজেন্দ্ৰ লাহিড়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেন্দ্ৰনাথ লাহিড়ী
জন্ম ২৯ জুন, ১৯০১
Pabna, বেংগল প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত
মৃত্যু ১৭ ডিচেম্বৰ, ১৯২৭ (২৬ বছৰ)
গণ্ডা,উত্তৰপ্ৰদেশ,ইউনাইটেড প্ৰদেশ বৃটিছ ভাৰত
মৃত্যুৰ কাৰণ ফাঁচি
ৰাষ্ট্ৰীয়তা বৃটিছ ভাৰত
শিক্ষা বেনাৰচ হিন্দু বিশ্ববিদ্যালয়
পেচা বিপ্লৱী
সংস্থা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

ৰাজেন্দ্ৰনাথ লাহিড়ী (ইংৰাজী: Rajendra Nath Lahiri)ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল। ভাৰতৰপৰা ব্ৰিটিছক উচ্ছেদ কৰাৰ লক্ষ্যৰে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ সক্ৰিয় সদস্য আছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰাজেন্দ্ৰ লাহিড়ীৰ জন্ম হৈছিল ১৯০১ চনৰ ২৯ জুনত বংগ প্ৰেচিডেন্সিৰ পাবনা জিলাৰ (বৰ্তমান বাংলাদেশৰ ছিৰাজগঞ্জৰ লাহিৰী মোহনপুৰ, উল্লাপাৰাত) এটি বঙালী ব্ৰাহ্মণ পৰিয়ালৰ লাহিড়ী মোহনপুৰ গাঁৱত। তেওঁৰ পিতৃ ক্ষীতিশ মোহন লাহিড়ীৰ তাত এখন বৃহৎ বাগিছা আছিল।[2][3]

দক্ষিণেশ্বৰৰ বোমা বিস্ফোৰণৰ ঘটনা

[সম্পাদনা কৰক]

দক্ষিণেশ্বৰ বোমা বিস্ফোৰণত জড়িত হৈ লাহিড়ীয়ে পলায়ন কৰে। তেওঁ বেনাৰসলৈ গৈ পঢ়া-শুনা আৰম্ভ কৰিলে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইতিহাস বিভাগত এম.এ. পঢ়ি থকা সময়তে তেওঁৰ কেইজনমান বঙালী বন্ধুৰ সৈতে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনত যোগদান কৰে।[4]

কাকোৰী ষড়যন্ত্ৰ

[সম্পাদনা কৰক]

১৯২৫ চনৰ ৯ আগষ্টত কাকোৰী ৰেল ডকাইতিৰ মূল নায়ক আছিল ৰাজেন্দ্ৰ লাহিড়ী। বংগৰ দক্ষিণেশ্বৰৰ পূৰ্বৰ বোমা গোচৰত গ্ৰেপ্তাৰ কৰি বিচাৰ চলাই দহ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। যেতিয়া লক্ষ্ণৌত ৰেল ডকাইতিৰ আইনী কাৰ্য্যবিধি আৰম্ভ হৈছিল, তেতিয়া তেওঁক কাকোৰী ষড়যন্ত্ৰৰ গোচৰতো অন্তৰ্ভুক্ত কৰা হৈছিল আৰু আন কেইবাজনো বিপ্লৱীৰ সৈতে বিচাৰ চলিছিল। [5]

ৰাজেন্দ্ৰ লাহিড়ীক দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত দোষী সাব্যস্ত কৰা হয় আৰু নিৰ্ধাৰিত তাৰিখৰ দুদিন আগতে ১৯২৭ চনৰ ১৭ ডিচেম্বৰত ঠাকুৰ ৰোশন সিং, আছফাক উল্লাহ আৰু ৰামপ্ৰসাদ বিছমিলৰ সৈতে গণ্ডা জিলা কাৰাগাৰত ফাঁচি দিয়া হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Engineer, Asghar Ali (2006) (en ভাষাত). They Too Fought for India's Freedom: The Role of Minorities. Hope India Publications. ISBN 978-81-7871-091-4. https://books.google.com/books?id=-XQCYl6T1vIC&dq=Rajen+Lahiri&pg=PA112. 
  2. "Some Prominent Martyrs of India's Freedom Struggle". All India Congress Committee. Archived from the original on 2009-03-29. https://web.archive.org/web/20090329035309/http://aicc.org.in/new/some-prominent-martyrs.php। আহৰণ কৰা হৈছে: 18 September 2014. 
  3. "Official Website of West Bengal Correctional Services, India – Martyrs for India's Freedom". wbcorrectionalservices.gov.in. http://wbcorrectionalservices.gov.in/history_martyrs.html। আহৰণ কৰা হৈছে: 2022-02-25. 
  4. "Rajendra Lahiri Death Anniversary: अंग्रेजों ने दो दिन पहले क्यों दे थी फांसी" (hi ভাষাত). News18 हिंदी. 2021-12-17. https://hindi.news18.com/news/knowledge/rajendra-lahiri-death-anniversary-revolutionary-was-hanged-two-days-ahead-viks-3903037.html। আহৰণ কৰা হৈছে: 2022-02-25. 
  5. "Remembering Rajendranath Lahiri, the Revolutionary Who Threw Away His 'Sacred' Thread". The Wire. https://thewire.in/history/rajendranath-lahiri-indian-revolutionary। আহৰণ কৰা হৈছে: 2022-02-25.