ৰাজেন গোঁহাই (ৰাজনীতিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰাজেন গোঁহাই
The Minister of State for Railways, Shri Rajen Gohain addressing the Round Table Conference with Non Railway Stakeholders on Railway Security Issues, in New Delhi on May 18, 2017.jpg
লোকসভাৰ সাংসদ
নগাঁও (লোকসভা সমষ্টি)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯৯
বিৰোধী বিৰোধী
পূৰ্বসূৰী নৃপেন গোস্বামী
কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৫ জুলাই, ২০১৬
ব্যক্তিগত তথ্য
জন্ম নৱেম্বৰ ২৬ , ১৯৫০
নগাঁও, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী ৰীতা গোঁহাই
সন্তান
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
As of 30 August, 2012
Source: [1]

ৰাজেন গোঁহাই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমনগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোঁহাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

আগজীৱন[সম্পাদনা কৰক]

ৰাজেন গোঁহাইয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। [1] তেওঁ ১৯৮১ চনত ৰীতা গোঁহাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ ৫ জন সন্তান আছে। [2] পেছাগতভাৱে গোঁহাই এগৰাকী চাহ বাগানৰ মালিক। [1]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ৰাজেন গোঁহাইয়ে ক্ৰমাগতভাৱে তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। [2] তেওঁ ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু সেই একে সমষ্টিৰে পৰা ২০০৪ আৰু ২০০৯ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। [2] গোঁহাই ১৯৯১ চনৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হৈ আছে। [1] ২০১৬ চনৰ ৫ জুলাই তাৰিখে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ৰেল ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 R.C. Rajamani; Portraits of India's Parliamentarians for the New Millennium: Lok Sabha. Gyan Books. 2000. ISBN 978-8121207027. pg 110.
  2. 2.0 2.1 2.2 "Shri Rajen Gohain". Government of India. http://india.gov.in/govt/loksabhampbiodata.php?mpcode=143। আহৰণ কৰা হৈছে: 30 August 2012.