ৰাজেন গোহাঁই (কণ্ঠশিল্পী)
| ৰাজেন গোহাঁই | |
|---|---|
| জন্ম | ১৯৪৬ চনৰ ১৪ জানুৱাৰী তিনিচুকীয়া, অসম |
| পেচা | কণ্ঠশিল্পী, সুৰকাৰ, সংগীত সংযোজক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
ৰাজেন গোহাঁই অসমৰ এজন কণ্ঠশিল্পী[1], সুৰকাৰ, সংগীত সংযোজক৷ ১৯৪৬ চনৰ ১৪ জানুৱাৰীত তিনিচুকীয়া জিলাত তেখেতৰ জন্ম হয়৷ তেখেতৰ পিতৃৰ নাম সোণেশ্বৰ গোহাঁই আৰু মাতৃৰ নাম ফুলেশ্বৰী গোহাঁই৷ তেখেতে ডিব্ৰুগড় হনুমানবক্স সুৰজকমল কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেখেতে লক্ষ্নৌ ভাতখাণ্ডে সংগীত বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত শিক্ষা লাভ কৰে আৰু ১৯৭১ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আধুনিক গীতৰ নিয়মীয়া শিল্পী হিচাপে অনুমোদন লাভ কৰে৷ ১৯৭৩ চনত H.M.V যোগে প্ৰথম S.P. Record প্ৰকাশ পায়৷ গীতটোৰ নাম- ‘শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিৰে’৷ ১৯৭৫ চনত তেখতে আকাশবাণীৰ পৰা ‘সংগীত সংযোজক’ (Music Composer) হিচাপে স্বীকৃতি লাভ কৰে৷ একেটা বছৰতে তেখেতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সংগীত সংযোজক হিচাপে চাকৰি জীৱনৰ আৰম্ভ কৰে আৰু ২০০৭ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসম জনসাংস্কৃতিক পৰিষদৰ সংগীত সমিতিৰ আহ্বায়ক হিচাপে (লোকনাথ গোস্বামীৰ সৈতে) পোনপ্ৰথমবাৰৰ বাবে গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ এখন ‘long playing record’ (১৯৮৩)‘বিশ্বৰ ছন্দে ছন্দে’ শীৰ্ষক ৰেকৰ্ডখন ভূপেন হাজৰিকাৰ সভাপতিত্বত ৰাইজৰ হাতত অৰ্পন কৰে৷[2]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- সাহিত্যিক চৈয়দ আব্দুল মালিকদেৱে লিখা ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক আলেখ্যখনৰ বাবে আন্তৰাষ্ট্ৰীয়ভাৱে বিশেষ বঁটা গ্ৰহণ কৰে৷
- ২০২২ চনত গুৱাহাটীৰ সামাজিক সাংস্কৃতিক সংস্থা ‘এনাজৰী’ৰ দ্বাৰা ‘ৰতন লহকৰ সোঁৱৰণী এনাজৰী বঁটা’৷
- ২০২৩ চনত অসম চৰকাৰৰ দ্বাৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূণ্যস্মৃতিত আগবঢ়োৱা ‘শিল্পী বঁটা’৷
- ২০২৪ চনত ডিব্ৰুগড়ৰ শ্ৰুতিশিল্পী সমাজ আৰু ND-24ৰ দ্বাৰা ‘সংগীতৰত্ন’ বঁটা৷
- ২০২৪ চনত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহুৱে আগবঢ়োৱা ‘ডিব্ৰু সন্মান-২০২৪’ বঁটা৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "geetsankalan.com, Rajen Gohain (ৰাজেন গোহাঁই)". https://geetsankalan.com/singers/Rajen_Gohain। আহৰণ কৰা হৈছে: 18 December 2025.
- ↑ "RAJEN GOHAIN - THE RADIANCE OF MELODY". https://www.youtube.com/watch?v=Dd0jkoOSlz0। আহৰণ কৰা হৈছে: 17 December 2025.