ৰাজেশ্বৰী গায়কৱাদ
![]() | ||||
Gayakwad playing for India during the 2020 ICC Women's T20 World Cup | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | Rajeshwari Gayakwad | |||
জন্ম | ০১ জুন, ১৯৯১ (৩৪ বছৰ) Bijapur, Karnataka, India | |||
বেটিং শৈলী | Right-handed | |||
বলিং শৈলী | Slow left-arm orthodox | |||
ভূমিকা | Bowler | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
টেষ্ট অভিষেক (কেপ 81) | 16 November 2014 বনাম South Africa | |||
অন্তিম টেষ্ট | 30 September 2021 বনাম Australia | |||
অ'ডিআই অভিষেক (কেপ 109) | 19 January 2014 বনাম Sri Lanka | |||
অন্তিম অ'ডিআই | 24 September 2022 v England | |||
অ'ডিআই চোলা নং. | 1 | |||
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ 43) | 25 January 2014 v Sri Lanka | |||
অন্তিম আন্তৰ্জাতিক টি২০ | 20 February 2023 বনাম Ireland | |||
টি২০ চোলা নং. | 1 | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
2008/09–2014/15 | Karnataka | |||
2015/16–present | Railways | |||
2018 | Supernovas | |||
2019–2022 | Trailblazers | |||
2023 | UP Warriorz | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | WTest | WODI | WT20I | |
মুঠ খেল | 2 | 64 | 44 | |
ৰাণ | – | 21 | 11 | |
বেটিং গড় | – | 2.33 | 11.00 | |
শতক/অৰ্ধশতক | –/– | 0/0 | 0/0 | |
সৰ্বোচ্চ ৰাণ | – | 5 | 5* | |
বল | 474 | 3,399 | 911 | |
উইকেট | 5 | 99 | 54 | |
বলিং গড় | 29.00 | 20.79 | 17.40 | |
এটা ইনিংছত ৫টা উইকেট | 0 | 1 | 0 | |
এখন খেলত ১০টা উইকেট | 0 | 0 | 0 | |
শ্ৰেষ্ঠ বলিং | 4/54 | 5/15 | 3/9 | |
কেচ্চ/ষ্টাম্পিং | 1/– | 13/– | 10/– | |
উৎস: http://www.espncricinfo.com/india/content/player/709635.html ESPNcricinfo, 19 February 2023 {{{year}}} |
ৰাজেশ্বৰী গায়কৱাদ(ইংৰাজী: :Rajeshwari Gayakwad; জন্ম: ১ জুন ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। লেহেমীয়া বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে। ২০১৪ চনৰ ১৯ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ হৈ অভিষেক ঘটায়।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]প্ৰায় ১৮ বছৰ বয়সৰ পৰাই গুৰুত্বসহকাৰে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পিতৃয়ে তেওঁক আটাইতকৈ বেছি অনুপ্ৰেৰণা যোগাইছিল আৰু আনুষ্ঠানিক প্ৰশিক্ষণো দিয়াইছিল। তেওঁ কৰ্ণাটক মহিলা ক্ৰিকেট দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে আৰু ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।[2]
গায়কোৱাদে ২০১৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে নিজৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ ঠিক পিছতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ বাবে পিতৃক হেৰুৱাইছিল[3]
২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ ফাইনেলৰ পাছত, জল সম্পদ মন্ত্ৰী এম. বি. পাতিলে গায়কোৱাদক ৫ লাখ টকাৰ মূল্যৰ এখন গাড়ি উপহাৰ দিব বিচাৰিছিল। কিন্তু তেওঁ সেই উপহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু কয় যে তেওঁৰ প্ৰথম প্ৰাধিকাৰ আছিল পৰিয়ালৰ বাবে এখন ঘৰ লোৱা।[4]
সেই সময়ত, তেওঁ আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী, কিয়নো পিতৃৰ মৃত্যুৰ পিছত সংসাৰৰ সমস্ত দায়িত্ব তেওঁৰ ওপৰত আহি পৰিছিল।[2]
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
[সম্পাদনা কৰক]২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলৰ অংশ আছিল গায়কৱাদ য'ত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈছিল।[5][6][7] একেখন বিশ্বকাপ প্ৰতিযোগিতাতে তেওঁ মহিলা ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত ভাৰতৰ হৈ শ্ৰেষ্ঠ বলিং ফিগাৰ ৰেকৰ্ড কৰে (৫/১৫)[8]
গায়কৱাদ ২০২০ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া ২০২০ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[9] ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ ২০২২ চনৰ নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[10] ২০২২ চনৰ জুলাই মাহত ইংলেণ্ডৰ বাৰ্মিংহামত ২০২২ চনৰ কমনৱেলথ গেমছত ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[11]
লগতে চাওক
[সম্পাদনা কৰক]আই পি এলৰ ট্ৰেইলব্লেজাৰ ক্ৰিকেটাৰৰ তালিকা
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Players profile at cricketarchive
- ↑ 2.0 2.1 "India spinner Rajeshwari Gayakwad living in rented house". The Times of India. 25 July 2017. https://timesofindia.indiatimes.com/sports/cricket/icc-womens-world-cup-2017/india-spinner-rajeshwari-gayakwad-living-in-rented-house/articleshow/59753958.cms.
- ↑ "Rajeshwari Gayakwad: Uncrowned 'princess' of Bijapur". The Economic Times. 2017-07-30. http://economictimes.indiatimes.com/news/sports/rajeshwari-gayakwad-uncrowned-princess-of-bijapur/articleshow/59833770.cms.
- ↑ "Indian cricketer Rajeshwari Gayakwad: Need house, not car". The Times of India. http://timesofindia.indiatimes.com/city/bengaluru/indian-cricketer-rajeshwari-gayakwad-need-house-not-car/articleshow/60079302.cms.
- ↑ "Live commentary: Final, ICC Women's World Cup at London, Jul 23", ESPNcricinfo, 23 July 2017.
- ↑ World Cup Final, BBC Sport, 23 July 2017.
- ↑ England v India: Women's World Cup final – live!, The Guardian, 23 July 2017.
- ↑ "Batting heroics, Gayakwad five-for seal India's semi-final berth" (en ভাষাত). ESPNcricinfo. http://www.espncricinfo.com/icc-womens-world-cup-2017/content/story/1111360.html.
- ↑ "Kaur, Mandhana, Verma part of full strength India squad for T20 World Cup". ESPNcricinfo. https://www.espncricinfo.com/story/_/id/28468147/kaur-mandhana-verma-part-full-strength-india-squad-t20-world-cup। আহৰণ কৰা হৈছে: 12 January 2020.
- ↑ "Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad". ESPNcricinfo. https://www.espncricinfo.com/story/womens-odi-world-cup-2022-renuka-singh-meghna-singh-yastika-bhatia-break-into-indias-world-cup-squad-1295643। আহৰণ কৰা হৈছে: 6 January 2022.
- ↑ "Team India (Senior Women) squad for Birmingham 2022 Commonwealth Games announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2022/news/55555899/team-india-senior-women-squad-for-birmingham-2022-commonwealth-games-announced?type=Latest। আহৰণ কৰা হৈছে: 11 July 2022.