ৰাজেশ্বৰী সচদেৱ
ৰাজেশ্বৰী সচদেৱ | |
---|---|
![]() ২০১৮ চনত সচদেৱ | |
জন্ম | ৰাজ কৌৰ সচদেৱ ১৪ এপ্ৰিল, ১৯৭৪ (৫১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৯১- বৰ্তমান |
দাম্পত্যসঙ্গী | বৰুণ বদোলা (বি. ২০০৪) |
সন্তান | ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: চৰ্দাৰী বেগম |
ৰাজেশ্বৰী সচদেৱ (সাঁচ:Lnag-en; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
সচদেৱে ১৯৯৪ চনৰ পৰা ২০০১ চনলৈ অনু কাপুৰৰ সৈতে জি টিভিৰ মিউজিকেল শ্ব’ অন্তাক্ষৰীৰ সহ-আয়োজক আছিল। ২০০৫ চনত তেওঁ স্বামী বৰুণ বদোলাৰ সৈতে ৰিয়েলিটি টিভিৰ নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান নাচ ৱালিয়েত অংশগ্ৰহণ কৰে।[1] তেওঁ ক্ৰাইম টিভি ধাৰাবাহিক ৰিহাইতো কাম কৰিছিল, য'ত তেওঁ এগৰাকী সমাজকৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰাজেশ্বৰীয়ে ১৯৭৪ চনৰ ১৪ এপ্ৰিলত[3] মুম্বাইত এগৰাকী পাঞ্জাবী পিতৃ আৰু এগৰাকী তামিল মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[4]
মুম্বাইৰ গুৰু নানক খালছা কলেজৰ (কিংছ চাৰ্কল) পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ[5] ভাৰতীয় গণনাট্য় সংঘৰ সৈতে জড়িত হয় আৰু নাট্যাভিনয়ৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৪ চনৰ ২৪ নৱেম্বৰত সচদেৱে বৰুণ বদোলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে, যাৰ জন্ম হৈছিল ২০১০ চনৰ ১০ মে'ত।[6] বদোলাৰ জন্ম ঠাই উত্তৰাখণ্ডৰ কোটদ্বাৰৰ ভাভেৰ নামৰ ঠাইত এখন ফাৰ্ম হাউচ আছে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rajeshwari Sachdev joins Bhagyashree for a TV show - Times of India". 28 January 2014. https://timesofindia.indiatimes.com/tv/news/hindi/Rajeshwari-Sachdev-joins-Bhagyashree-for-Bhairavi-Raichura-and-Nandita-Mehras-next-venture-on-Star-Plus/articleshow/29487285.cms.
- ↑ "'I'll have to get pregnant' - Times of India" (en ভাষাত). 21 November 2008. https://timesofindia.indiatimes.com/tv/news/hindi/ill-have-to-get-pregnant/articleshow/3736825.cms.
- ↑ "हिंदी खबर, Latest News in Hindi, हिंदी समाचार, ताजा खबर". Patrika News. Archived from the original on 26 April 2021. https://web.archive.org/web/20210426001636/https://www.patrika.com/bollywood-news/happy-birthday-rajeshwari-sachdev-1021436/.
- ↑ "Guftagoo with Rajeshwari Sachdev". 9 September 2018. https://www.youtube.com/watch?v=iLlkdT8DA2E&t=336s.
- ↑ "When Rajeswari took on Rekha, Hema Malini". Rediff. https://www.rediff.com/movies/report/readers/20070830.htm.
- ↑ "When Rajeswari took on Rekha, Hema Malini". Rediff. https://www.rediff.com/movies/report/readers/20070830.htm.
- ↑ "Varun Badola" (en-US ভাষাত). www.aboututtarakhand.com. http://www.aboututtarakhand.com/Know-Abouts/Talents/Actors/Exclusive-Interview-With-Varun-Badola.html। আহৰণ কৰা হৈছে: 18 September 2018.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত ৰাজেশ্বৰী সচদেৱ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰাজেশ্বৰী সচদেৱ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- ৰাজেশ্বৰী সচদেৱ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।