ৰাজেশ ভূঞা
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| ৰাজেশ ভূঞা | |
|---|---|
| জন্ম | অসম, ভাৰত |
| নাগৰিকত্ব | |
| পেচা | চলচ্চিত্ৰ পৰিচালক |
ৰাজেশ ভূঞা হৈছে অসমৰ এগৰাকী প্ৰবীণ পৰিচালক। ভূঞাই বৰ্তমানলৈকে ৮০ খনতকৈও অধিক ভিচিডি, ছবি আৰু ধাৰাবাহিক পৰিচালনা কৰিছে। অসমৰ হাৰ্থৱ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)ৰো পৰিচালক ৰাজেশ ভূঞা।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰাজেশ ভূঞাৰ জন্ম অসমত হৈছিল। শৈশৱকালৰ পৰা তেওঁ শিল্প আৰু নাট্যকলাত বিশেষ আগ্ৰহ দেখুৱাইছিল। বিদ্যালয়ৰ দিনতে তেওঁ নাট্যাভিনয় আৰু ক্ষুদ্ৰ চলচ্চিত্ৰ নিৰ্মাণত অংশ লয়। ভূঞা দেৱে কেৱল বোলছবিয়েই নহয় বহুকেইখন ভিচিডি, ধাৰাবাহিকৰ লগতে বহুকেইটা ভিডিঅ' গানো পৰিচালনা কৰে।