সমললৈ যাওক

ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়

ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয় সন্মুখভাগ
প্ৰতিষ্ঠা ১৯৬২; ৬৪ বছৰ  আগতে (1962)[1]
অৱস্থিতি বেহালা, কলকাতা, পশ্চিম বংগ[2]
ৱেবছাইট wbtourism.gov.in/museums_of_kolkata

ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয় (ইংৰাজী: State Archaeological Museum ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত আৰু ১৯৬২ চনত প্ৰতিষ্ঠা হোৱা এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ইয়াত চুছুনীয়া (বাঁকুৰা) আৰু অন্যান্য স্থানৰ পৰা উদ্ধাৰ হোৱা প্ৰাচীন, মধ্য আৰু উত্তৰ পাষাণ যুগৰ বিৰল উপকৰণ, পাণ্ডু ৰাজাৰ ধীবি (বৰ্ধমান)ৰ পৰা সংগৃহীত প্ৰাক-ঐতিহাসিক প্ৰাচীন সামগ্ৰী, গুপ্ত, মৌৰ্য, শুংগ, পাল আৰু মধ্যযুগৰ টেৰাকোটা, ভাস্কৰ্য্য, শিলকে ধৰি বহুতো সংগ্ৰহ আছে। ডায়মণ্ড হাৰ্বাৰ ৰোডৰ বেহালা বজাৰ মেট্ৰ'ৰ ওচৰত আৰু সিদ্ধেশ্বৰী কালি মন্দিৰৰ পিছফালে বেহালাত নফৰ চন্দ্ৰ দাস ৰোডত অৱস্থিত

১৯৬৩ চনত মুকলি হোৱা ‘ঐতিহাসিক শিল্প’ৰ এটা শাখাও আছে য’ত বৃহৎ সংখ্যক পুৰণি টেৰাকোটা, ব্ৰঞ্জ, কাঠৰ খোদিত নক্সা, বস্ত্ৰ আৰু পাণ্ডুলিপি প্ৰদৰ্শন কৰা হয়। ইয়াত কাৰ্ড-ছেট আৰু অন্যান্য প্ৰকাশনো বিক্ৰী কৰা হয়। অন্যান্য কাৰ্য্যকলাপসমূহৰ ভিতৰত ঐতিহাসিক স্থানসমূহৰ অন্বেষণ আৰু খনন আদি অন্তৰ্ভুক্ত।[3]

বৰ্তমানৰ এই ভব্য প্ৰাসাদটো বিশেষকৈ ৰবীন্দ্ৰনাথ ৰায়ৰ উদ্যোগত ৰায় বাহাদুৰ অম্বিকা চৰণ ৰায়ৰ দ্বিতীয় পুত্ৰ সত্যেন্দ্ৰনাথ ৰায়ৰ পৰিয়ালে বিশেষকৈ ১৯৭০ দশকৰ আৰম্ভণিতে দান কৰে।

সংগ্ৰহালয়ত প্ৰৱেশ মাচুল হিচাপে প্ৰতিজন ব্যক্তিৰ পৰা ২০ টকা লোৱা হয়। বুধবাৰৰ পৰা দেওবাৰলৈকে পুৱা ১১ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে খোলা থাকে।[4]

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]