ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ
| ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ | |
|---|---|
ৰাজ্যিক সংগ্ৰহালয়ৰ বহিৰ্ভাগ | |
| প্ৰতিষ্ঠা | ১৮৬৩ |
| অৱস্থিতি | লক্ষ্ণৌ, উত্তৰ প্ৰদেশ |
| প্ৰকাৰ | State museum |
| গৰাকী | উত্তৰ প্ৰদেশ চৰকাৰ |
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ (ইংৰাজী: State Museum, Lucknow) ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ উত্তৰ প্ৰদেশত অৱস্থিত এটা বিশিষ্ট সংগ্ৰহালয়। এই সংগ্ৰহালয়টো লক্ষ্ণৌৰ বানাৰসী বাগৰ নবাব ৱাজিদ আলী শ্বাহ জুল’জিকেল গাৰ্ডেনত অৱস্থিত। ১৮৬৩ চনত কৰ্ণেল ছণ্ডাৰছ এলেক্সিয়াছ এবটৰ সংগ্ৰহেৰে স্থাপন কৰা এই সংগ্ৰহালয়টোক ১৯৫০ চনত ‘ৰাজ্যিক সংগ্ৰহালয়’ নামেৰে নামাকৰণ কৰাৰ পূৰ্বে ‘প্ৰভিঞ্চিয়েল মিউজিয়াম’ৰ মৰ্যাদা প্ৰাপ্ত আছিল।
ইতিহাস
[সম্পাদনা কৰক]১৮৬৩ চনত এই সংগ্ৰহালয়টো লক্ষ্ণৌৰ তদানীন্তন আয়ুক্ত কৰ্ণেল এবটে কাইজাৰ বাগৰ চোটি চত্তৰ মঞ্জিলৰ ভৱনত ৰখা সামগ্ৰীৰ সংগ্ৰহেৰে আৰম্ভ হৈছিল । এই সংগ্ৰহ প্ৰথম অৱস্থাত ১৮৮৩ চনলৈকে পৌৰসভাৰ প্ৰতিষ্ঠান হিচাপে কাম কৰিছিল, তেতিয়া ইয়াক ‘প্ৰদেশিক সংগ্ৰহালয়’ৰ মৰ্যাদা দিয়া হৈছিল। ১৮৮৪ চনৰ জুন মাহত এই সংগ্ৰহালয়টো অৱধৰ নবাবসকলৰ পূৰ্বৰ ৰাজ অভিষেকগৃহ লাল বাৰাদাৰীৰ এক বৃহৎ স্থানলৈ স্থানান্তৰ কৰা হয়।
১৯৫০ চনত সংগ্ৰহালয়টোৰ নাম সলনি কৰি ‘ৰাজ্যিক সংগ্ৰহালয়’ ৰখা হয়, ইয়াৰ সংগ্ৰহ সম্প্ৰসাৰিত হোৱাৰ বাবে উন্নত সংগঠন আৰু পৃথক স্থানৰ প্ৰয়োজন হৈছিল। অৱশেষত এই সংগ্ৰহালয়টো বানাৰসীবাগৰ এটা স্বতন্ত্ৰ ভৱনলৈ স্থানান্তৰিত কৰা হয়। নবাব ৱাজিদ আলী জুল’জিকেল গাৰ্ডেনৰ (পূৰ্বতে প্ৰিন্স অৱ ৱেলছ জুল’জিকেল গাৰ্ডেন) মাজত অৱস্থিত এই নতুন সংগ্ৰহালয় চৌহদ ১৯৬৩ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰে।[1]
সংগ্ৰহ
[সম্পাদনা কৰক]সংগ্ৰহালয়টোত পুৰাতাত্ত্বিক সম্পদৰ পৰা আৰম্ভ কৰি চিত্ৰকলাৰ বিভিন্ন সংগ্ৰহ[2] আৰু এক সমৃদ্ধ মুদ্ৰাশাস্ত্ৰীয় সংগ্ৰহ আছে।[3] এই বস্তুবোৰ সংগ্ৰহৰ ধৰণৰ ওপৰত ভিত্তি কৰি বিশেষ গেলেৰীত ৰখা হয় আৰু নিৰ্বাচিত কেইটামান বস্তু প্ৰদৰ্শন কৰা হয়। সংগ্ৰহালয়টোৰ ইতিহাস ঔপনিৱেশিক সংগ্ৰহৰ প্ৰথাত নিহিত হৈ আছে। পুৰাতাত্ত্বিক গেলেৰী সংগ্ৰহালয়টোৰ এক গুৰুত্বপূৰ্ণ অংশ।[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Trivedi, S.D. (1994). Rajya Sangrahalaya, Lucknow – Ek Parichay. প্ৰকাশক Uttar Pradesh, Auto Printers: Sanskritik Karya Vibhag.
- ↑ Trivedi, S.D. (1989). Masterpieces in the State Museum, Lucknow. প্ৰকাশক Raj Press, Lucknow: State Museum, Lucknow.
- ↑ Sharda, Shailvee (30 July 2015). "Antique coins multiply in Lucknow museum" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/lucknow/Antique-coins-multiply-in-Lucknow-museum/articleshow/48273790.cms.
- ↑ Trivedi, S.D. (1997). A Guide Book to the Archaeological Section of the State Museum, Lucknow. প্ৰকাশক Shivam Arts, Lucknow: State Museum, Lucknow.