ৰাজ ৰাজেশ্বৰী দেৱী
| ৰাণী ৰাজ ৰাজেশ্বৰী দেৱী | |
|---|---|
| জন্ম | নেপাল ৰাজ্য |
| মৃত্যু | ০৫ মে', ১৮০৬ শংখু, নেপাল ৰাজ্য |
| পদবী | গোৰ্খাৰ ৰাণী পত্নী নেপালৰ ৰাণী প্ৰতিনিধি |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | ৰাণা বাহাদুৰ শ্বাহ |
ৰাজ ৰাজেশ্বৰী দেৱী (মৃত্যু ৫ মে ১৮০৬) নেপালৰ ৰাণী পত্নী আৰু দুবাৰকৈ ৰজাৰ প্ৰতিনিধি আছিল। তেওঁ নেপালৰ ৰাণা বাহাদূৰ শ্বাহৰ ৰাণী পত্নী আছিল। ১৭৯৯ চনত পুত্ৰ গিৰভান যুদ্ধ বিক্ৰম শ্বাহ কম বয়সৰ হৈ থকা সময়ত, আৰু ১৮০১–১৮০৪ চনত তেওঁ সিংহাসনৰ প্ৰতিনিধি হিচাপে শাসন কৰিছিল। ১৮০৬ চনৰ ৫ মে’ত ছালিনাদি নদীৰ পাৰত ভীমসেন থাপাৰ আদেশত তেওঁ সতী যাবলৈ বাধ্য হৈছিল।
জীৱন
[সম্পাদনা কৰক]তেওঁ গুল্মীৰ ৰজা শিৱ শ্বাহৰ নাতিনী আছিল। ১৭৯৯ চনত তেওঁৰ স্বামীয়ে সন্ন্যাসী হ’বলৈ ৰাজপাট ত্যাগ কৰে আৰু নাবালক পুত্ৰৰ নামত তেওঁ প্ৰতিনিধি হয়। তেওঁ আন দুগৰাকী ৰাণী পত্নী মহাৰাণী সুবৰ্ণ প্ৰভা দেৱী আৰু মহাৰাণী ললিত ত্ৰিপুৰা সুন্দৰী দেৱীৰ সৈতে ৰাজ্য শাসন কৰিছিল।[1]
পুত্ৰ গিৰৱনৰ বাবে স্বামীয়ে ৰাজপাট ত্যাগ কৰাৰ পাছত ৰাণী ৰাজেশ্বৰী প্ৰতিনিধি হয়, কাৰণ পুত্ৰ কম বয়সৰ আছিল। পিছত তেওঁ স্বামীৰ লগত বেনাৰসলৈ নিৰ্বাসিত হোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছত ৰাণী সুবৰ্ণ প্ৰভা ৰিজেণ্ট হয়।[2] কিন্তু ১৮০১ চনৰ ২৬ জুলাইত ৰাণী ৰাজেশ্বৰী নেপাললৈ উভতি আহে।[3][4] ফলত সুবৰ্ণপ্ৰভাৰ প্ৰিয় দৰবাৰী মুল কাজী (মুখ্যমন্ত্ৰী) কীৰ্তিমান সিং বাসন্যটক ১৮০১ চনৰ ২৮ ছেপ্টেম্বৰত ৰাজৰাজেশ্বৰীৰ সমৰ্থকসকলে গোপনে হত্যা কৰে।[5] তেওঁ পুনৰ ৰাজ-প্ৰতিনিধি হিচাপে নিজৰ ভূমিকা আৰম্ভ কৰে,[6][4] আনহাতে ৰাণী সুবৰ্ণ প্ৰভাক গৃহবন্দী কৰা হয়।[7]
১৮০৪ চনত তেওঁৰ স্বামী ঘূৰি আহি পুনৰ শাসন আৰম্ভ কৰে। দুবছৰৰ পাছত তেওঁৰ পত্নীক তেওঁৰ ভাতৃয়ে হত্যা কৰে আৰু দহ দিনৰ পাছত ১৮০৬ চনৰ ৫ মে’ত মহাৰাণী ৰাজ ৰাজেশ্বৰী দেৱীয়ে হিন্দু বিধৱা হিচাপে ভীমসেন থাপাৰ নিৰ্দেশত সতী কৰিবলৈ বাধ্য হয়। এই সতী সংখুত সলিনাদি নদীৰ পাৰত সংঘটিত হৈছিল।[8] তেওঁৰ সহ-ৰিজেণ্ট সুবৰ্ণ প্ৰভা দেৱী আৰু ললিত ত্ৰিপূৰা সুন্দৰী দেৱীয়ে অৱশ্যে একেজন মানুহৰ পিছত বিধৱা হোৱাৰ পিছতো সতী কৰিবলৈ বাধ্য হোৱা নাছিল আৰু ৰিজেণ্ট হিচাপে নিজৰ শাসন অব্যাহত ৰাখিলে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Guide 2
- ↑ Acharya 2012, পৃষ্ঠা. 32.
- ↑ Nepal 2007, পৃষ্ঠা. 52.
- 1 2 Acharya 2012, পৃষ্ঠা. 36–37.
- ↑ Acharya 2012, পৃষ্ঠা. 34.
- ↑ Pradhan 2012, পৃষ্ঠা. 14.
- ↑ Acharya 2012, পৃষ্ঠা. 43.
- ↑ Worldwide Guide to Women in Leadership, "Women In Power, 1770-1800" ("1799-1800 and 1802-04 Regent Sri Sri Sri Maharani Raj Rajeshwari Devi of Nepal ... she was imprisoned at Helambu and killed by being forced to commit sati.").
- ↑ Guide 2