ৰাণা ক্ষেত্ৰ সিংহ
| ৰাণা ক্ষেত্ৰ সিংহ | |
|---|---|
| মহাৰাণা
| |
মেৱাৰৰ মহাৰাণা
| |
| ৰাজত্ব | প্ৰায় 1364 – প্ৰা. 1382 |
| পূৰ্বসূৰী | হাম্মীৰ সিংহ |
| উত্তৰাধিকাৰী | লখা সিংহ |
| দাম্পত্য সঙ্গী | ছিৰোহীৰ দেৱাদিজী প্যাৰ দেইজী
বুণ্ডীৰ হাদিজী কৃষ্ণ দেইজী চোলাংকিনীজী ৰাম দেইজী |
| সন্তান | |
| |
| মাতৃ | জালোৰৰ ৰাও মালদেৱৰ কন্যা সংগাৰীজী (চৌহানজী) বাল দেইজী |
| পিতৃ | হাম্মীৰ সিংহ |
ৰাণা ক্ষেত্ৰ সিংহ[1] (ৰাজত্ব ১৩৬৪–১৩৮২), মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। তেওঁ পিতৃ আৰু পূৰ্বপুৰুষ ৰাণা হাম্মিৰ সিঙৰ জ্যেষ্ঠ পুত্ৰ ছিছোদিয়াৰ পূৰ্বপুৰুষ আছিল। তেওঁৰ ৰাজত্ব কালত তেওঁ আজমেৰ আৰু মণ্ডলগড়ৰ ভূখণ্ড দখল কৰে।
ৰাজত্ব
[সম্পাদনা কৰক]১৩৬৪ চনৰ পৰা ১৩৮২ চনলৈ ৰাজত্ব কৰা ক্ষেত্ৰ সিংহ আছিল প্ৰখ্যাত ৰাণা হাম্মিৰ সিংহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী। ৰাণা ক্ষেত্ৰ সিংহই মেৱাৰ ৰাজ্যৰ বহু পৰিমাণে সম্প্ৰসাৰণ কৰিছিল। তেওঁ আজমেৰ আৰু জাহাজপুৰ দখল কৰি পুনৰ মণ্ডলগড়, মন্দচৌৰ আৰু সমগ্ৰ চাপ্পানক মেৱাৰত সংযুক্ত কৰে। তেওঁ দিল্লীৰ চুলতানৰ ওপৰত জয়লাভ কৰে,[2] যিজন বাক্ৰোলেত সম্পূৰ্ণৰূপে পৰাজিত হয়। কুম্ভলগড়ৰ শিলালিপিত কোৱা হৈছে যে যুদ্ধত তেওঁ পাটানৰ গৱৰ্ণৰ জাফৰ খানক (যি পিছলৈ গুজৰাটৰ প্ৰথম স্বাধীন চুলতান হৈছিল) বন্দী কৰিছিল।[3] ক্ষেত্ৰ সিঙে মালৱাৰ চুলতানক পৰাস্ত কৰি তেওঁৰ সেনাপতি আমিৰ শ্বাহক হত্যা কৰি তেওঁৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰে।[4]
১৩৮২ চনত বুণ্ডীৰ হাদাৰ বিৰুদ্ধে অভিযানৰ সময়ত ক্ষেত্ৰ সিঙৰ মৃত্যু হয়।[5] মৃত্যুৰ পিছত লখা সিংহই (১৩৮২-১৪২১) মেৱাৰৰ সিংহাসনত আৰোহণ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "UDAIPUR". http://members.iinet.net.au/~royalty/ips/u/udaipur_r.html। আহৰণ কৰা হৈছে: 10 September 2013.
- ↑ Tods annals and antiquities vol I pg 274
- ↑ Rajasthan (India) (1962) (en ভাষাত). Rajasthan [district Gazetteers.: Kota]. Printed at Government Central Press. https://books.google.com/books?id=8jFuAAAAMAAJ&q=rana+Kshetra+singh.
- ↑ Har Bilas Sarda "Maharana Kumbha: sovereign, soldier, scholar" pg 4
- ↑ Lane Poole's Muhammadan Dynasties of India pg 376