ৰাণা ফাৰহান
ৰাণা ফাৰহান | |
|---|---|
পলেটিকত ৰাণা ফাৰহান - আগষ্ট ২০১৪ | |
| পৃষ্ঠভূমি | |
| উৎসস্থান | ইৰান |
| সংগীতৰ ধৰণ | ব্লুজ, জাজ, পৰীক্ষামূলক সংগীত |
| পেচা | গায়িকা |
| সক্ৰিয়তাৰ বছৰ | ২০০৫–বৰ্তমান |
| ৱেবছাইট | https://ranafarhanmusic.com |
ৰাণা ফাৰহান (ফাৰ্চী: رعنا فرحان) হৈছে এগৰাকী ইৰানী সংগীতজ্ঞ তথা জাজ আৰু ব্লুজ সংগীতৰ গায়িকা। তেহৰান বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৮৯ চনত ইৰান এৰি থৈ যায় আৰু তেতিয়াৰপৰাই তেওঁ নিউয়ৰ্কত বসবাস কৰি আছে।[1]
এলবাম বাণীবদ্ধকৰণ
[সম্পাদনা কৰক]২০০৫ চনত তেওঁ গিটাৰবাদক তথা প্ৰযোজক ষ্টিফেন টাউবৰ সৈতে একেলগে কাম কৰি তেওঁৰ প্ৰথমটো পূৰ্ণদৈৰ্ঘ্যৰ অডিঅ' চিডি দ্য ব্লুজ আৰ ব্ৰিউইন উলিয়ায়, যিটো আছিল আমেৰিকান জাজ আৰু ব্লুজ সংগীতৰ এক সংগ্ৰহ। ফাৰহানৰ দ্বিতীয়টো এলবাম আই ৰিটাৰ্ন-ত ধ্ৰুপদী ফাৰ্চী কবিতাৰ সৈতে সমসাময়িক ব্লুজ আৰু জাজ সংগীতৰ সংমিশ্ৰণ ঘটোৱা হৈছিল। ইয়াৰ জৰিয়তে জাজ ফিউজন প্ৰকল্পৰ এটা আৰ্হি প্ৰতিষ্ঠা হয়, যাক তেওঁ নিজৰ কামত ধাৰাবাহিকভাৱে অন্তৰ্ভুক্ত কৰি আহিছে। ৰুমীজ প্ৰেয়াৰ নামৰ এটা স্বতন্ত্ৰভাৱে প্ৰচাৰিত একক গীতৰ ইতিবাচক সঁহাৰি পোৱাৰ পিছত, তেওঁ পুনৰ টাউবৰ সৈতে লগ লাগি ৰুমী আৰু হাফেজৰ দৰে প্ৰধান কবিসকলৰ কবিতা সম্বলিত গীতৰ এটা এলবাম তৈয়াৰ কৰে।[2] তেওঁ বিশেষকৈ সেই এলবামটোৰ ড্ৰাংক ৱিথ লাভ নামৰ গীতটোৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। এই গীতটো বিভিন্ন ঠাইত ব্যৱহাৰ কৰা হৈছে—আমেৰিকান আইডলৰ ইৰানী সংস্কৰণত প্ৰতিযোগীসকলে গোৱাৰপৰা আৰম্ভ কৰি বহমন ঘোবাদীৰ ২০০৯ চনৰ বোলছবি নো ৱান ন’জ এবাউট পাৰ্চিয়ান কেটচ-লৈকে ইয়াৰ ব্যৱহাৰ হৈছে। [1] তেওঁৰ ২০১১ চনৰ এলবাম মুন এণ্ড ষ্টোন হৈছে চ’ল সংগীতৰ প্ৰতি এক প্ৰকাশভংগীপূৰ্ণ শ্ৰদ্ধাঞ্জলি।[3] ২০১৪ চনৰ বাণীবদ্ধ কৰা এলবাম আত্তাৰ বুলেভাৰ্ড-ৰ বাবে তেওঁ নিউয়ৰ্কৰ ড্ৰমত এখন ডাঙৰ এলবাম মুক্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।[4]
দৃশ্যকলা
[সম্পাদনা কৰক]ফাৰহানে গিল্ডিং অৰ্থাৎ সোণালী পাতৰ কাম আৰু মিনিয়েচাৰ পেইণ্টিঙো কৰে। তেওঁ এই দুয়োবিধ কাৰ্যতে অতি পৰম্পৰাগত শৈলী ব্যৱহাৰ কৰাৰ লগতে এই কৌশলসমূহ ব্যৱহাৰ কৰি বিমূৰ্ত ৰচনা (এবষ্ট্ৰেক্ট কম্পোজিশ্যন) সৃষ্টি কৰে।[5] [6]
উপস্থিতি
[সম্পাদনা কৰক]ৰাণাক বিবিচি পাৰ্চিয়ান, মানোটো, ভয়েচ অৱ আমেৰিকা, লছ এঞ্জেলছৰ কিৰ্ণ ৬৭০ এএমত সুজি খাতামীৰ "লাইভ ফ্ৰম হলিউড", শাহৰাম আহাদীৰ সৈতে জাৰ্মান ৰেডিঅ' ডিডব্লিউ-ৱৰ্ল্ড°ডিই, ফৰিদ ৱাহাবীৰ সৈতে আৰএফআই ৰেডিঅ' ফ্ৰান্স ইণ্টাৰনেশ্যনেলৰ "তাৰানেয়েহ নাচোৰুদেহ", ভয়েচ অৱ আমেৰিকা ৰেডিঅ' ফাৰ্দা, লছ এঞ্জেলছৰ ৬৭০এএমত হোমা চাৰ্ছাৰৰ "খানেহ-য়ে দুস্ত", বিবিচি পাৰ্চিয়ানৰ বাবে বেহজাদ বলুৰৰ সৈতে কুক মনোৰঞ্জনমূলক অনুষ্ঠান, অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰপৰা শ্বোলেহ চদৰ এছবিএছ ৰেডিঅ', কানচাচ চিটি ৰেডিঅ'ৰ ৯০.১ এফএম কেকেএফআইত "চাবা: ৱিণ্ড অৱ লাভ", ফেয়াৰফিল্ড চিটিৰ ডব্লিউভিঅ’এফ ৮৮.৫ এফএমত "দ্য আপাৰ ৰুম ৱিথ জো কেলী", ৱাশিংটনৰ স্পোকেনত শাহৰুখ নিকফাৰৰ সৈতে কিআৰএছ ৯২.৩ এফএমত "পাৰ্চিয়ান আৱাৰ", আৰু আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰছৰ "গুডটাইম ব্লুজ শ্বো"-ত প্ৰদৰ্শিত কৰা হৈছে।[7]
ইয়াৰ উপৰি তেওঁ লছ এঞ্জেলছৰ মেলিসা শশাহীৰ সৈতে বেবিন টিভি আৰু ভয়েচ অৱ আমেৰিকা বা পাৰ্চিয়ান টিভিৰ শ্বাবাহাং অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে।
সংগীতপঞ্জী
[সম্পাদনা কৰক]- ২০০৭ : আই ৰিটাৰ্ন
- ২০০৯ : ইউৰ ৱিশ্ব
- ২০১১ : মুন এণ্ড ষ্টোন
- २०१৪ : আত্তাৰ বুলেভাৰ্ড
- ২০১৮ : টকীন অবাউট লাভ [8]
- ২০২৫ : পাৰ্চিয়ান চ’ল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Curiel, Jonathan (September 24, 2013). "Rana Farhan Sings the 'Persian Blues'". KQED Arts. https://ww2.kqed.org/arts/2013/09/24/rana_farhan_sings_the_persian_blues/.
- ↑ Naseri, M. (2008). "مصاحبهٔ رادیو زمانه با رعنا فرحان". Radio Zamaneh.com. http://radiozamaaneh.com/cafe/2008/03/post_77.html। আহৰণ কৰা হৈছে: 7 Mar 2015.
- ↑ Smith, Emily Esfahani (August 30, 2011). "Music: Persian Poetry Gets the Blues". Wall Street Journal. সাঁচ:ProQuest.
- ↑ "Rana Farhan Album Release Concert". DROMNYC.com. 2008. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402102050/http://www.dromnyc.com/events/3400/rana-farhan-album-release-concert#.VPuTv8ZwOtd। আহৰণ কৰা হৈছে: 7 Mar 2015.
- ↑ "Rana Farhan Bio". Ranafarhan.com. Archived from the original on 2011-07-16. https://web.archive.org/web/20110716051831/http://www.ranafarhan.com/bio.html। আহৰণ কৰা হৈছে: 2015-07-03.
- ↑ "Rana Farhan Frame the colors of wood and stone رعنا فرحان و قاب هایی از رنگ و سنگ". Zanan TVZanantv.net. Archived from the original on 26 February 2015. https://web.archive.org/web/20150226192214/https://zanantv.net/blog/2014/12/12/%d8%b1%d8%b9%d9%86%d8%a7-%d9%81%d8%b1%d8%ad%d8%a7%d9%86-%d9%88-%d9%82%d8%a7%d8%a8-%d9%87%d8%a7%db%8c%db%8c-%d8%a7%d8%b2-%d8%b1%d9%86%da%af-%d9%88-%d8%b3%d9%86%da%af/। আহৰণ কৰা হৈছে: 7 Mar 2015.
- ↑ "Goodtime Blues Show" in Argentina". https://www.allaboutjazz.com/musicians/rana-farhan/.
- ↑ "Talking 'bout Love - گفتگوی عشق". Ranafarhanmusic.com. https://ranafarhanmusic.com/home। আহৰণ কৰা হৈছে: 5 November 2020.