ৰাণা হাম্মীৰ সিংহ
| ৰাণা হাম্মীৰ সিংহ | |
|---|---|
| মেৱাৰৰ মহাৰাণা
| |
মেৱাৰৰ মহাৰাণা
| |
| ৰাজত্ব | ১৩২৬-১৩৬৪ |
| পূৰ্বসূৰী | অৰি সিংহ |
| উত্তৰাধিকাৰী | ৰাণা ক্ষেত্ৰ সিংহ |
| দাম্পত্য সঙ্গী | জালোৰৰ সংগাৰী দেৱী |
| সন্তান | |
| ৰাণা ক্ষেত্ৰ সিংহ লুণা খংগৰ বৰিসাল[1] | |
| মাতৃ | উৰ্মিলা |
| পিতৃ | অৰি সিংহ |
| ধৰ্ম | হিন্দু |
মহাৰাণা হাম্মীৰ সিংহ (১৩০২–১৩৬৪),[2] বা হাম্মিৰা, ভাৰতৰ বৰ্তমানৰ ৰাজস্থানৰ মেৱাৰৰ চতুৰ্দশ শতিকাৰ শাসক।[3] হাম্মীৰ সিংহ, গুহিলা বংশৰ পৰা সৃষ্ট ৰাণা শাখাৰ বংশধৰ আছিল, যিয়ে অঞ্চলটোৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিছিল, তুঘলক বংশক পৰাস্ত কৰি পুনৰ বংশটো প্ৰতিষ্ঠা কৰিছিল, আৰু দিল্লীৰ মুছলমান বাহিনীৰ পৰা বৰ্তমানৰ ৰাজস্থান দখল কৰিছিল আৰু ‘ৰাণা’ শাখাৰ প্ৰথমজন মহাৰাণা উপাধিৰে মেৱাৰৰ ৰজা হৈছিল। হাম্মীৰ গুহিলা বংশৰ এটা শাখা ছিছোদিয়া বংশৰ পূৰ্বপুৰুষো হৈছিল, যাৰ অন্তৰ্গত আছিল মেৱাৰৰ পৰৱৰ্তী প্ৰতিজন মহাৰাণা।
ৰাণা হাম্মীৰৰ ৰাজত্বকালত মেৱাৰ, তুৰ্কীৰ আক্ৰমণ সহ্য কৰা কেইখনমান হিন্দু ৰাষ্ট্ৰৰ ভিতৰত অন্যতম আছিল। জন ডাৰউইনৰ মতে "কেৱল মেৱাৰ আৰু বিজয়নগৰতহে হিন্দু ৰাষ্ট্ৰই প্লাৱন ৰোধ কৰিব পাৰিছিল"।[4]
মহাবীৰ প্ৰসাদ প্ৰশস্তিয়ে হাম্মীৰক তুৰুষ্কবাহিনীৰ বিজয়ী বুলি চিনাক্ত কৰে।[5] চিত্তোৰ পুনৰ লাভ কৰাৰ পিছত তেওঁ চিত্তোৰগড়ত আই বীৰবাড়ীক উৎসৰ্গিত কৰি অন্নপূৰ্ণা (দেৱী) মাতা মন্দিৰ নিৰ্মাণ কৰে।[6] তেওঁ সেৱন্ত্ৰীত ৰূপনাৰায়ণ জীৰ পুৰণি মন্দিৰটোও নিৰ্মাণ কৰিছিল।[7]
ৰাৱাল শাখাৰ সৈতে সম্পৰ্ক
[সম্পাদনা কৰক]চিত্তোৰৰ গুহিলা ৰাৱাল শাখাৰ সৈতে সংযোগ হোৱা হাম্মীৰ সিংহৰ পূৰ্বপুৰুষসকল হ’ল:[8]
ৰাণাসিংহ
ৰহাপা
নৰপতি
দিনাকৰ
যশকৰ্ণ
নাগপাল
কৰ্ণপাল
পৃথ্বীপাল
ভুৱনসিংহ
ভীমসিংহ
জয়সিংহ
লখনসিংহ
অৰিসিংহ (আৰচী)
হাম্মিৰা (হাম্মিৰ সিংহ)
প্ৰথম বছৰবোৰ
[সম্পাদনা কৰক]ছিছোদাৰ ৰাণা লক্ষৰ নজন পুত্ৰ আছিল, তাৰ ভিতৰত ডাঙৰজন আছিল অৰি সিং, তেওঁ কেলৱাৰাৰ ওচৰৰ উন্নাভা গাঁৱৰ এগৰাকী চন্দানা চৌহান ৰাজপুত ভদ্ৰমহিলা উৰ্মিলাক বিয়া কৰাইছিল।[9] এই দম্পতীৰ একমাত্ৰ সন্তান আছিল ৰাণা হাম্মীৰ।
ত্ৰয়োদশ শতিকাৰ শেষফালে আলাউদ্দিন খিলজীয়ে চিত্তোৰগড়ক আক্ৰমণ কৰে, ৰাণা লক্ষ আৰু তেওঁৰ পুত্ৰসকলে আগ্ৰাসী সেনাৰ বিৰুদ্ধে চিত্তোৰগড়ত সৈন্যবাহিনীত যোগদান কৰে। চিত্তোৰগড় ঘেৰাওৰ শেষত সাত পুত্ৰৰ সৈতে সাকা (আমৃত্যু যুঁজ) কৰি ৰাণা লক্ষৰ মৃত্যু হয়। চিত্তোৰগড়ৰ শাসকীয় ৰাৱাল শাখাৰ অস্তিত্ব শেষ হৈ গ’ল, কিয়নো তেওঁলোক সকলোৱে সাকা কৰি মৃত্যুবৰণ কৰে। অজয় সিঙক (লক্ষ্মণ সিঙৰ পুত্ৰ) আহত অৱস্থাত বংশ ৰক্ষাৰ বাবে চিত্তোৰগড়ৰ পৰা চোৰাংভাৱে উলিয়াই অনা হয়। কেলৱাৰা পাই তাতেই ঘাঁবোৰ সুস্থ হৈ উঠে। তাতে হাম্মীৰৰ কথা গম পালে আৰু উন্নাভাৰ পৰা মাতি আনিলে। ৰাণা হাম্মীৰে ওচৰৰ অঞ্চলত বিশৃংখলতাৰ সৃষ্টি কৰা গোডৱাৰৰ ভিল জনগোষ্ঠীৰ মুৰব্বী মুঞ্জা বালেচা[10]ক হত্যা কৰে। এই পৰিঘটনাই তেওঁৰ খুৰাক আনন্দিত কৰিছিল আৰু হাম্মিৰক সিংহাসনৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল।[11]
লক্ষ্মণ সিং আছিল ছিছোদা গাঁৱৰ ঠাকুৰ। তেওঁৰ সাতজন পুত্ৰৰ সৈতে সাকা (আমৃত্যু যুঁজ) কৰি মৃত্যু হয়, আনহাতে তেওঁলোকৰ মহিলাসকলে জৌহৰ (শত্ৰুৰ বন্দী হোৱাতকৈ আত্মদহন) কৰিছিল। লক্ষ বাপ্পা ৰাৱালৰ ফালৰ পৰা প্ৰত্যক্ষ পিতৃ বংশৰ বংশধৰ আছিল আৰু সেয়েহে তেওঁ গেহলট (গুহিলোট) বংশৰ অন্তৰ্গত আছিল। লক্ষ নাথদ্বাৰা নগৰৰ সমীপৰ ছিছোদা গাঁৱৰ পৰা আহিছিল আৰু সেয়ে তেওঁৰ সন্তানসকল ছিছোদিয়া নামেৰে জনাজাত হ’ল।
চিত্তোৰগড় উদ্ধাৰ
[সম্পাদনা কৰক]খিলজিয়ে চিত্তোৰগড়ৰ প্ৰশাসন নিকটৱৰ্তী ৰাজ্য জালোৰ ৰাজ্যৰ শাসক সোণাগৰা মালদেৱক আবণ্টন দিছিল। ছিছোদাৰ ৰাণা হোৱাৰ পিছত হাম্মীৰে মেৱাৰ উদ্ধাৰৰ আগ্ৰাসী আঁচনি গ্ৰহণ কৰে।
তেওঁ চিত্তোৰক কব্জা কৰাৰ কেইবাবাৰো চেষ্টা কৰিছিল যদিও বিফল হৈছিল, যাৰ বাবে তেওঁৰ সম্পদ কমি আহিছিল আৰু তেওঁৰ বহু অনুগামী গুচি গৈছিল। নিজৰ মানুহবোৰক জিৰণি দি পুনৰ গোট খোৱাৰ ইচ্ছাত হাম্মীৰে আক্ৰমণ বন্ধ কৰি বাকী থকা লোকসকলৰ সৈতে দ্বাৰকালৈ তীৰ্থযাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে। বাটত তেওঁ গুজৰাটৰ খোদ গাঁৱত শিবিৰ পাতিছিল, য’ত হিংলাজৰ অৱতাৰ হিচাপে গণ্য কৰা এগৰাকী পৰিচিত ৰহস্যবাদী চাৰণ ভদ্ৰমহিলা আই বীৰৱাড়ী বাস কৰিছিল। হাম্মীৰে তেওঁক শ্ৰদ্ধা জনায় আৰু তেওঁৰ বিপৰ্যয়ৰ কথা কয়, য’ত তেওঁক মেৱাৰলৈ উভতি আহি আন এক আক্ৰমণৰ প্ৰস্তুতি চলাবলৈ পৰামৰ্শ দিয়া হয়। হাম্মীৰে উত্তৰত কয় যে তেওঁৰ হাতত আৰু পুনৰ আক্ৰমণ চলাব পৰাকৈ জনশক্তি আৰু ক্ষমতা নাই। ৰহস্যবাদী বীৰৱাড়ী মাতাই তেওঁক আশ্বাস দিলে যে তেওঁৰ পুত্ৰ বাৰুজী চাৰণ আৰু তেওঁৰ বংশৰ লোকসকলে তেওঁৰ সৈতে মেৱাৰত যোগদান কৰিব।[6]
কেইদিনমানৰ ভিতৰতে ঘোঁৰাৰ ধনী ব্যৱসায়ী বাৰুজীয়ে ৫০০ ঘোঁৰাৰ এটা বৃহৎ বাহিনী লৈ হাম্মীৰে শিবিৰ পাতি থকা খেৰৱাৰাত উপস্থিত হ'ল।[6][12]
নিজৰ শাসন সমস্যা নিষ্পত্তি কৰাৰ প্ৰয়োজনত মালদেৱে ৰাণা হাম্মীৰৰ লগত কন্যা সোণগাৰীৰ বিয়াৰ ব্যৱস্থা কৰিলে। খিলজি এই বৈবাহিক মিত্ৰতা ভাল নাপালে আৰু তেওঁলোকে মালদেৱৰ পৰা চিত্তোৰগড় ঘূৰাই লৈ পৰিৱৰ্তে মেৰতা দিলে। ইয়াৰ ফলত হাম্মীৰে খিলজীৰ সৈন্যক মেৱাৰৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰিবলৈ বাধ্য হয়। বাৰুজী সৌদাৰ নেতৃত্বত হাম্মীৰ আৰু তেওঁৰ চাৰণ মিত্ৰসকলে আক্ৰমণ চলায় আৰু মহম্মদ বিন টোঘলক সিংহাসনত অহাৰ পিছত চিত্তৰগড় লাভ কৰিবলৈ সক্ষম হয়।[13][14][15]
টোঘলক বংশৰ বিৰুদ্ধে সংঘাত
[সম্পাদনা কৰক]
নেইন্সিৰ নৈন্সি ৰি খ্যাত (১৭ শতিকা) আদি ৰাজপুত বৰদিক বুৰঞ্জীত দাবী কৰা হৈছে যে দিল্লীত খিলজী বংশৰ অন্ত পৰাৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে হাম্মীৰ সিংহই মেৱাৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। তেওঁ দিল্লী চুলতানীৰ চৌহান অধীনস্থ মালদেৱৰ পুত্ৰ জয়জাক মেৱাৰৰ পৰা উচ্ছেদ কৰে। জয়জা দিল্লীলৈ পলায়ন কৰে, যাৰ ফলত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলক হাম্মীৰ সিংহৰ বিৰুদ্ধে সমদল উলিয়ায়। মুহনোট নেইন্সিৰ মতে, হাম্মীৰ সিঙে চিংগোলি গাঁৱৰ ওচৰৰ টোঘলকক পৰাস্ত কৰি, চিংগোলী যুদ্ধত চুলতানক কাৰাগাৰত ভৰাই থৈছিল। তাৰ পিছত ছমাহৰ পিছত চুলতানেতে তেওঁক আজমেৰ, ৰনথাম্বৰ, নগৌৰ আৰু ছুছপুৰক গতাই দিয়াৰ পিছত চুলতানক মুকলি কৰি দিয়ে আৰু মুক্তিপণ হিচাপে ৫০ লাখ টকা আৰু ১০০ হাতী দিয়ে।[17] কিন্তু এই দাবীবোৰৰ সমৰ্থনকাৰী প্ৰমাণৰ অভাৱ। দিল্লী সেনাৰ নেতৃত্বত আছিল আন এজন সেনাপতি, কিন্তু মহম্মদ নিজে নহয়। গতিকে ছিছোদিয়াই চিংগোলিত দিল্লী চুলতানীক পৰাস্ত কৰা সংঘাতক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি গণ্য কৰিব নোৱাৰি, কিন্তু মহম্মদ বিন টোঘলকৰ পৰাজয় আৰু তেওঁৰ কাৰাগাৰত বন্দী হোৱাৰ সংস্কৰণটো সঁচা বুলি সিদ্ধান্ত ল'ব নোৱাৰি।[18]
১৪৩৮ চনৰ জৈন মন্দিৰৰ এটা শিলালিপিত ৰাণা হাম্মীৰ সিংহ বাহিনীয়ে মুছলমান সৈন্যবাহিনীক পৰাস্ত কৰা বুলি প্ৰমাণিত হৈছে; এই সেনাবাহিনীৰ নেতৃত্ব হয়তো মহম্মদ বিন টোগলকৰ এজন সেনাপতি আছিল। সম্ভৱ যে পৰৱৰ্তী সময়ত মহম্মদ বিন টোঘলক আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে বৰ্তমানৰ ৰাজস্থানত নিজৰ কৰ্তৃত্ব প্ৰমাণ কৰা নাছিল আৰু হাম্মীৰ সিংহৰ কৰ্তৃত্বক আন ৰাজপুত মুখীয়ালসকলে স্বীকৃতি দিছিল, যাৰ ফলত মেৱাৰক দিল্লী চুলতানীৰ পৰা কাৰ্যতঃ স্বাধীন কৰি তুলিছিল।[17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ History of Rajputana, G.H. Ojha, pp. 555
- ↑ Ram Vallabh Somani 1976, পৃষ্ঠা. 109.
- ↑ Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. পৃষ্ঠা. 116–117. ISBN 978-9-38060-734-4.
- ↑ After Tamerlane: The Rise and Fall of Global Empires, 1400-2000 By John Darwin
- ↑ Ram Vallabh Somani 1976, পৃষ্ঠা. 107.
- ↑ 6.0 6.1 6.2 Bahadur), Har Bilas Sarda (Diwan (1935) (en ভাষাত). Speeches and Writings. Vedic Yantralaya. https://books.google.com/books?id=oXF5JmmpqeEC.
- ↑ Ram Vallabh Somani 1976, পৃষ্ঠা. 108.
- ↑ D. C. Ganguly 1957, পৃষ্ঠা. 91.
- ↑ Shayamldas, Vir Vinod, Part 1, pp290
- ↑ Singh, Dr Dhrubendra (hi ভাষাত). Yadavendea Sharma Chandra Ke Natakon Ka Rangamanchiya Mulyankan. Rudra Publications. ISBN 978-81-960472-1-4. https://books.google.com/books?id=Ty_LEAAAQBAJ&dq=%E0%A4%AE%E0%A5%81%E0%A4%82%E0%A4%9C+%E0%A4%AC%E0%A4%B2%E0%A5%87%E0%A4%9A%E0%A4%BE+%E0%A4%AD%E0%A5%80%E0%A4%B2&pg=PA55.
- ↑ Ram Vallabh Somani 1976, পৃষ্ঠা. 105.
- ↑ Gadhvi, Priyvrat (2020-05-26). "HISTORICAL REFERENCES TO THE HORSE IN INDIA". ResearchGate. https://www.researchgate.net/publication/341655308. ""Influx of the Kathiawari into Mewar was historically older, and apart from Charan traders regularly trading horses (a sub-class of Charans are known as ‘sauda’ barhats, such as those from Soniyana village in Mewar), a big example of the coming of Kathiawari horses into Mewar and beyond is the episode of the help provided by the Charan devi Aai Varvadi to Rana Hammir singh of the Sisodia clan when he reclaimed Chittor from Maldev of Jalore (under whom it was placed by Alauddin Khilji after sack of Chittor), by sending an army of 500 Kathiawari cavalry under her son Baruji to assist Hammir Singh in retaking Chittor. This was in early 14th century."".
- ↑ Ram Vallabh Somani 1976, পৃষ্ঠা. 106.
- ↑ Jain, Pratibha; Śarmā, Saṅgītā (2004) (en ভাষাত). Honour, Status & Polity. Rawat Publications. ISBN 978-81-7033-859-8. https://books.google.com/books?id=dufZAAAAMAAJ. ""The Charans who occupied significant positions in the courts of the rulers were known as Barhats. In Mewar, the descendants of Baru Charan, who came to be known as Sauda Barhats, acquired prominence on account of Baru's timely military assistance to Hammir in regaining his lost throne.""
- ↑ Kishori Saran Lal (1950). History of the Khaljis (1290-1320). প্ৰকাশক Allahabad: The Indian Press. পৃষ্ঠা. 131. OCLC 685167335. https://books.google.com/books?id=2XXqAQAACAAJ. "Maldeva's greatest enemy was Hammir, Rānã of Sesoda, whose grandfather Lakshman Singh had died with his seven sons including Arsi Singh, father of Hamrair, fighting in the battle of Chittor. Hammīr who had survived the memorable battle, Hammir became the Rana of Sesoda estate and constantly waged war to obtain Chittor Maldeva tried to conciliate him. He married his daughter to Hammīr and ceded certain parts of Chittor to him, but the brave Ränā was determined to regain the whole of Chittor. At last his efforts were crowned with success and after the death of Maldeva in about 1321 A.D. Hammir became master of the whole of Mewar, and assumed the title of Mahãrānā. In an inscription of Mahārānā Kumbhā's time,dated 1438 A.D.;Hammīr is said to have killed a large number of Musalmans. Hammir's descendants have ruled Mewar to the present day"
- ↑ Majumdar, Ramesh Chandra (1960) (en ভাষাত). The History and Culture of the Indian People. Bharatiya Vidya Bhavan. পৃষ্ঠা. 70. https://books.google.com/books?id=XKVFAQAAMAAJ. "The story of Hammira's success against the Muslims cannot, therefore, be regarded as altogether baseless. We may accept the conclusion of Ojha that not only Mewar but nearly the whole of Rajputana became practically independent of Delhi Sultanate."
- ↑ 17.0 17.1 R. C. Majumdar, ed (1960). The History and Culture of the Indian People: The Delhi Sultanate (2nd সম্পাদনা). Bharatiya Vidya Bhavan. পৃষ্ঠা. 70. https://books.google.com/books?id=XKVFAQAAMAAJ.
- ↑ Hooja, Rima (2006) (en ভাষাত). A History of Rajasthan. Rupa & Company. পৃষ্ঠা. 330-333. ISBN 978-81-291-0890-6. https://books.google.com/books?id=tosMAQAAMAAJ&q=singoli.