ৰাণী অনুলা
অনুৰাধাপুৰাৰ ৰাণী অনুলা (মৃত্যু খ্ৰীষ্টপূৰ্ব ৪৪) আছিল শ্ৰীলংকাৰ ইতিহাসত (খ্ৰীষ্টপূৰ্ব ৪৮ – খ্ৰীষ্টপূৰ্ব ৪৪) প্ৰথম ৰাজত্ব কৰা ৰাণী। অনুৰাধাপুৰাৰ ৰজা ৱালাগবাহুৰ পুত্ৰ ৰজা চোৰা নাগা (কৰানাগা আৰু মহানাগা বুলিও জনা যায়)ৰ পত্নী হিচাপে অনুলা প্ৰথম অৱস্থাত ক্ষমতালৈ আহে। কিন্তু পাঁচবছৰীয়া ৰাজত্বকালত তেওঁ আন কমেও চাৰিজন স্বামী আৰু পত্নীক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই নিষ্কণ্টক হৈ আৰু শেষত তেওঁ নিজাববীয়াকৈ ৰাজাৰাত শাসন কৰিছিল।[1][2]
অনুৰাধাপুৰাৰ ৰাণী অনুলা শ্ৰীলংকাৰ ইতিহাসৰ আন এগৰাকী বিখ্যাত ব্যক্তিৰপৰা পৃথক, যাৰ নামো অনুলা। তেওঁ ৰজা দেৱানম্পিয়াতিছাৰ ভনীয়েক, শ্ৰীলংকাত ভিক্ষুনী হিচাপে অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হোৱাৰ বাবে তেওঁৰ ব্যক্তিত্ব বেলেগ। অনুলাৰ ৰাজত্বকালৰ প্ৰধান উৎস হৈছে মহাবংশ, অধ্যায় ৩৪ আৰু ৩৫।
জীৱন
[সম্পাদনা কৰক]ৰাণী অনুলা খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ সময়ছোৱাত বাস কৰা বুলি জনা যায়। এই যুগত শ্ৰীলংকা যুদ্ধত থকাৰ বাবে অস্থিৰ অৱস্থাত আছিল। এই পৰিস্থিতিৰ বাবেই বহুতো প্ৰতাৰণা আৰু বিবাদৰ সৃষ্টি হৈছিল, যাৰ ফলত বহু শাসকক উৎখাত কৰা হৈছিল। এইটোও স্পষ্ট যে মানুহ ক্ষমতাৰ বাবে ভোকত আছিল – তেওঁলোকে ঠাইখনৰ ওপৰত উল্লেখযোগ্য নিয়ন্ত্ৰণ লাভ কৰিবলৈ যিকোনো কাম কৰিছিল।
খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ আশে-পাশে খ্ৰীষ্টীয় দশম শতিকালৈকে প্ৰতিষ্ঠা হোৱা অনুৰাধাপুৰা ৰাজ্যৰদ্বাৰাও শ্ৰীলংকা পৰিচালিত হৈছিল। অনুৰাধাপুৰা আছিল শ্ৰীলংকাৰ উত্তৰ মধ্য প্ৰদেশত অৱস্থিত এখন চহৰ। এই ৰাজধানী কলম্বোৰপৰা প্ৰায় ১২৭ মাইল উত্তৰত অৱস্থিত আছিল, যিটো দ্বীপটোৰ বৰ্তমানৰ ৰাজধানী। বৰ্তমান এই চহৰখন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত।
খ্ৰীষ্টপূৰ্ব ১ম শতিকাত মহানাগ নামেৰে জনাজাত বিজয়াৰ বংশধৰ চোৰা নগা নামৰ ব্যক্তি এজনে অনুৰাধাপুৰা ৰাজ্য পৰিচালনা কৰিছিল। মহাবংশৰ মতে বট্টগমনি অভয়াৰ পুত্ৰ চোৰা নাগাক পিতৃৰ উত্তৰাধিকাৰী – মহাকুলিয়ে শাসন কৰা সময়ত বিৰোধী ব্যক্তি হিচাপে ধৰা হৈছিল। মহাকুলি মহত্স্যাৰ মৃত্যুত চোৰা নাগাই তেওঁৰ পদ গ্ৰহণ কৰি অনুৰাধাপুৰাৰ নতুন ৰজা হয়। তেওঁ প্ৰায় ১২ বছৰ ধৰি ৰাজ্যখন শাসন কৰা বুলি জনা গৈছিল।[3][4]
চোৰা নাগাই মহাবংশত কোৱাৰ দৰে “আঠাইশটা বিহাৰ (বৌদ্ধ মঠ)” ধ্বংস কৰিছিল, যি সময়ত তেওঁ বিদ্ৰোহৰ যুগত আশ্ৰয় বা সুৰক্ষা বিচাৰি নাপালে। এই পৰিঘটনাৰ বাবেই মহাবংশই তেওঁক “মূৰ্খ” বুলি দাবী কৰিছে।
ৰাজত্ব
[সম্পাদনা কৰক]১২ বছৰ ধৰি ৰাজ্যখন শাসন কৰাৰ পাছত চোৰা নাগাৰ তেওঁৰ পত্নীয়ে দিয়া বিষাক্ত খাদ্য গ্ৰহণ কৰি মৃত্যু হয়, যাৰ বাবে তেওঁৰ পত্নী ৰাণীক "কুখ্যাত অনুলা" বুলি জনা যায়।[3] অনুলাই স্বামীক হত্যা কৰাৰ কাৰণ স্পষ্ট নহয়। কিন্তু চোৰা নাগাৰ সৈতে বিবাহৰ সময়ত মহাকুলি মহত্স্যাৰ পুত্ৰ কুদা তিছা নামৰ ৰাজপ্ৰাসাদৰ ৰক্ষকজনে তেওঁক আকৰ্ষিত কৰিছিল বুলি জনা যায়।
ৰাণী অনুলাৰ যি ক্ষমতা আছিল, তাৰ বাবে কুদা তিছাক বিয়া কৰাই তেওঁক ক্ষমতালৈ আনিছিল, যাৰ ফলত তেওঁ অনুৰাধাপুৰাৰ নতুন ৰজা হৈছিল।[5]
কুদা নামটোৰ অৰ্থও কম। গতিকে সম্ভৱ যে নতুন ৰজাজন মাত্ৰ শিশু আছিল আৰু ফলপ্ৰসূভাৱে অনুলাৰ নিয়ন্ত্ৰণত আছিল। মৃত্যুৰ পূৰ্বে প্ৰায় তিনি বছৰ শাসন কৰিছিল।
মহাবংশত উল্লেখ আছে, “আৰু এই একেজন ৰাজপ্ৰাসাদ-ৰক্ষীৰ প্ৰেমৰ বাবে অনুলাই এতিয়া তিছাকো বিষেৰে হত্যা কৰি চৰকাৰক সেই আনজনৰ হাতত তুলি দিলে।” ইয়াৰপৰা বুজা যায় যে অনুলা ছিভিয়া নামৰ বেলেগ ৰাজপ্ৰাসাদৰ ৰক্ষী এজনৰ প্ৰতি আকৰ্ষিত হৈছিল, যিজনে ক্ষমতা লাভ কৰি নতুন ৰজা হৈছিল। এই চক্ৰটো পুনৰাবৃত্তি হয় কাৰণ ছিভিয়াকো তাৰ পিছত ৰাজ্যখন শাসন কৰাৰ মাত্ৰ প্ৰায় এবছৰ দুমাহৰ পিছত অনুলাই বিষৰ জৰিয়তে হত্যা কৰে।
ৰাণী অনুলা নিম্ন শ্ৰেণীৰ লোকক বিয়া কৰাবলৈ জনা যায়, যেনে- দাৰুবাথিকা তিছা নামেৰে জনাজাত কাঠবাহী বাটুকা নামৰ কাঠমিস্ত্ৰী এজন আৰু উচ্চ শ্ৰেণীৰ এজন, যিজন আছিল নীলিয়া নামৰ ৰাজপ্ৰাসাদৰ পুৰোহিত। এই সকলো স্বামীৰ সৈতে তেওঁ বিষাক্ত দ্ৰব্য খুৱাই হত্যা কৰি নিজে ক্ষমতা লাভ কৰি অৱশেষত অনুৰাধাপুৰা ৰাজ্যত শাসন কৰিব।
এই কথা মহাবংশত কোৱাৰ দৰে কোৱা হৈছে: “যেতিয়া ৰাজকুমাৰী অনুলাই (যিগৰাকীয়ে ৰাজপ্ৰাসাদ-ৰক্ষীৰ বত্ৰিছজনৰ সৈতে তালিকাভুক্ত হোৱাৰ সময়তো নিজৰ আনন্দ ল’বলৈ ইচ্ছা কৰিছিল) নিলিয়াকো বিষেৰে হত্যা কৰিছিল, তেতিয়া ৰাণী অনুলা নিজেই চাৰি মাহ ৰাজত্ব কৰিছিল।”
মৃত্যু
[সম্পাদনা কৰক]মহাকুলিৰ দ্বিতীয় পুত্ৰ কুটকন্ন্না তিছাই অনুলাৰ ভয়ত সেই ঠাই এৰি পলায়ন কৰি পুনৰ অনুৰাধাপুৰাত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যখনৰ ওপৰত তেওঁৰ ক্ষমতা কমি যায়। ৰাজ্যৰপৰা পলায়ন কৰা সময়ছোৱাত কুটাকনাই বহু ব্যক্তিৰ সৈতে মিত্ৰতা কৰি ৰাণী অনুলাৰ বিৰুদ্ধে যুঁজিবলৈ এটা সেনাবাহিনী সৃষ্টি কৰে। তাৰ পিছত তেওঁ “ৰাজপ্ৰাসাদৰ অত্যাচাৰী অনুলাক” (মহাবংস)ক তেওঁৰ সেনাই ৰাজপ্ৰাসাদত পোৱাৰ পিছত অগ্নিত জ্বলাই দিলে।[3][4]
তাৰ পিছত কুটাকন্না তিছাই অনুৰাধাপুৰাৰ নতুন শাসক হৈ ৩২ বছৰ ৰাজ্য শাসন কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Holt, John (2004-12-29), "The Buddhist Visnu: Religious Transformation, Politics, and Culture" (en ভাষাত), The Buddhist Visnu (Columbia University Press), doi:10.7312/holt13322, ISBN 978-0-231-50814-8, https://www.degruyter.com/document/doi/10.7312/holt13322/html, আহৰণ কৰা হৈছে: 2024-01-20
- ↑ Devadas, Udaya Mohan; Silva, Ariyamuni Priyanthi (2017), Cho, Yonjoo; Ghosh, Rajashi; Sun, Judy Y. et al., eds., "Underrepresentation of Women in Leadership in Sri Lanka" (en ভাষাত), Current Perspectives on Asian Women in Leadership: A Cross-Cultural Analysis, Current Perspectives on Asian Women in Leadership (Cham: Springer International Publishing): pp. 139–159, doi:10.1007/978-3-319-54996-5_9, ISBN 978-3-319-54996-5, https://doi.org/10.1007/978-3-319-54996-5_9, আহৰণ কৰা হৈছে: 2024-01-20
- 1 2 3 "Mahavamsa - 33". www.budsas.org. http://www.budsas.org/ebud/mahavamsa/chap033.html। আহৰণ কৰা হৈছে: 2017-08-30.
- 1 2 "Mahavamsa - 34". www.budsas.org. http://www.budsas.org/ebud/mahavamsa/chap034.html। আহৰণ কৰা হৈছে: 2017-08-30.
- ↑ Blaze, L. E. (2004) (en ভাষাত). History of Ceylon. Asian Educational Services. ISBN 978-81-206-1841-1. https://books.google.com/books?id=RFxCJ9__KBMC&dq=Anula+Anuradhapura+poison&pg=PP13.