সমললৈ যাওক

ৰাণী কৰ্ণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাণী কৰ্ণা
জন্ম ১৯৩৯
হায়দৰাবাদ, সিন্ধ, ব্ৰিটিছ ভাৰত
মৃত্যু ৭ মে’ ২০১৮
কলকাতা
পেচা কথক নৃত্যশিল্পী
দাম্পত্যসঙ্গী নায়ক
পিতৃ-মাতৃ আছানদাস কৰ্ণা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
সংগীত নাটক একাডেমী বঁটা
সংগীত বাৰিধি


ৰাণী কৰ্ণা (ইংৰাজী: Rani Karnaa )এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শাস্ত্ৰীয় নৃত্য কথকত তেওঁৰ দক্ষতাৰ বাবে পৰিচিত আৰু বহুতে তেওঁক এই কলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।[1] নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।[2]

১৯৩৯ চনত ব্ৰিটিছ ভাৰতৰ, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত হায়দৰাবাদৰ[3] এটা আমীৰ সিন্ধী পৰিয়ালত[4], ৰাণী কৰ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছানদাস কৰ্ণা মূলতঃ লাৰকানা অঞ্চলৰ কৰ্ণমালানী পৰিয়ালৰ আছিল। কৰ্ণমালানীৰ পৰিয়ালৰ নামটো সময়ৰ লগেলগে সংক্ষিপ্তভাৱে কৰণানী আৰু শেষত কৰ্ণা হয়। প্ৰাথমিক স্কুলীয়া শিক্ষা দিল্লীত হৈছিল আৰু দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ উদ্ভিদ বিজ্ঞানতো অনাৰ্ছ ডিগ্ৰী লাভ কৰে যদিও নৃত্য কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া এৰি দিয়ে।[4]

১৯৪২ চনত ৰাণীৰ তিনি বছৰ বয়সত তেওঁৰ পৰিয়াল দিল্লীলৈ গুচি যায়। আৰু কনাটপ্লেচত বসতি স্থাপন কৰে। ওচৰ-চুবুৰীয়াক নৃত্য কৰা দেখি অতি সোনকালেই তেওঁৰো নৃত্যৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়।[5] চাৰি বছৰ বয়সৰ পৰাই নৃত্য শিকিবলৈ আৰম্ভ কৰে।[6] তেওঁ কথক, ওডিচি, ভাৰতনাট্যম আৰু মণিপুৰী শিকিছিল। আৰম্ভণিতে নৃত্যচাৰ্য নাৰায়ণ প্ৰসাদ আৰু সুন্দৰ প্ৰসাদে নৃত্যৰ শিক্ষা দিয়ে। গুৰু হীৰালালৰ অধীনত জয়পুৰ ঘৰানা শৈলী আৰু পণ্ডিত বীৰজু মহাৰাজৰ পৰা লক্ষ্ণৌ ঘৰানাৰ বিশেষত্ব আয়ত্ত কৰিবলৈ তেওঁ অধ্যয়ন অব্যাহত ৰাখে।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padma Awards Announced". Circular. Press Information Bureau, Government of India. 25 January 2014. http://www.pib.nic.in/newsite/PrintRelease.aspx?relid=102735। আহৰণ কৰা হৈছে: 23 August 2014. 
  2. "PAD MA". PAD MA. 12 June 2013. http://pad.ma/DEO/info। আহৰণ কৰা হৈছে: 25 September 2014. 
  3. "Seher Now". Seher Now. 7 October 2012. http://sehernow.in/ananya2012htmls/oct7.html। আহৰণ কৰা হৈছে: 25 September 2014. 
  4. 4.0 4.1 "Sindhistan". Sindhistan. 2012. http://www.sindhishaan.com/article/music/musi_01_02b.html। আহৰণ কৰা হৈছে: 25 September 2014. 
  5. "Kathak guru Rani Karnaa's journey of life and dance". Narthaki.com. 3 July 2011. http://www.narthaki.com/info/intervw/intrv129.html। আহৰণ কৰা হৈছে: 25 September 2014. 
  6. Kothari, Sunil (2018-05-11). "Rani Karnaa, an erudite ambassador of Kathak" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/an-erudite-ambassador-of-kathak/article23840121.ece. 
  7. "Rani Karnaa bio". Rani Karnaa.net. 2012. http://www.ranikathak.net/about1.htm। আহৰণ কৰা হৈছে: 25 September 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]