ৰাণী চন্দা
ৰাণী চন্দা | |
---|---|
জন্ম | ৰাণী দে জুলাই ১৯১২ মেদিনীপুৰ, ব্ৰিটিছ ,ভাৰত |
মৃত্যু | ১৯ জুন ১৯৯৭ শান্তিনিকেতন , পশ্চিম বংগ , ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | লিখক, শিল্পী |
ৰাণী চন্দা (জুলাই ১৯১২ – ১৯ জুন,১৯৯৭ ) এগৰাকী ভাৰতীয় শিল্পী আৰু সাহিত্যিক।ইংৰাজী: Rani Chanda[1]
শৈশৱ
[সম্পাদনা কৰক]পূৰ্ণাশাশী দেৱী আৰু কুলা চন্দ্ৰ দেৰ পাঁচটা সন্তানৰ ভিতৰত ৰাণী চন্দা অন্যতম।[2]তেওঁৰ পিতৃ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ এগৰাকী প্ৰিয় বন্ধু। ৰাণী চন্দা বিশ্ব ভাৰতীৰ সংগীত, নৃত্য আৰু কলাৰ প্ৰশিক্ষণ লাভ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্য নাটক আবৃত্তিৰ নিয়মীয়া সদস্য আছিল। তেওঁৰ ডাঙৰ ভাতৃ মুকুল চন্দা ভাৰতীয় ড্ৰাইপইণ্ট-এচিঙৰ (drypoint-etching in India) পথ প্ৰদৰ্শক আছিল।[3]
কৰ্ম জীৱন
[সম্পাদনা কৰক]ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমে ৰাণী চন্দাক লিখিবলৈ পৰামৰ্শ দিছিল। কিন্তু বিষয়টোৰ ওপৰত তেওঁ কোনো সিদ্ধান্ত ল’ব পৰা নাছিল। অবনীন্দ্ৰনাথ ঠাকুৰে ৰবীন্দ্ৰনাথৰ কাহিনী কওঁতে লোৱা টোকাবোৰ এবাৰ ৰবীন্দ্ৰনাথক দেখুৱাই দিলে। কবিয়ে সেইবোৰ ভাল পাই তাইক পুনৰ অবনীন্দ্ৰনাথলৈ গৈ এনেধৰণৰ কাহিনী আৰু অধিক সংগ্ৰহ কৰিবলৈ উৎসাহিত কৰিছিল। এই টোকাবোৰ পিছত অবনীন্দ্ৰনাথৰ ৭০ সংখ্যক জন্মদিনত ঘোৰোৱা (Ghorowa) নামেৰে প্ৰকাশ কৰে।[4]ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনৰ শেষ সময়ত যেতিয়া কবিগুৰু অসুস্থ লিখিব নোৱাৰা হৈ পৰিছিল তেতিয়া ৰাণী চন্দাই কবিৰ কথা শুনি শুনি চিঠিবোৰ লিখিছিল আৰু তাত তেওঁ চহী কৰি দিছিল।[5]এই সময়ছোৱাতে কবিয়ে দিয়া নিৰ্দেশ মতে কবিতা আৰু ৰচনাও তেওঁ লিখি থৈছিল।[1]১৯৪২ চনত ৰাণী চন্দা ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত জড়িত হোৱাৰ বাবে তেওঁক কাৰাবাস দিয়া হৈছিল। তেওঁ জেলত থকা দিনবোৰৰ বৰ্ণনা কৰি জেনানা ফাটোক নামৰ কিতাপখন লিখিছিল।[6]কৰ্ম জীৱনৰ দ্বায়িত্বৰ বাবে স্বামীৰ সতে ভ্ৰমণলৈ যোৱা অভিজ্ঞতাবোৰ পথে ঘাটে নামৰ ভ্ৰমন কাহিনী এখন লিখিছিল।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
ৰাণী চন্দাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্যক্তিগত সম্পাদক অনিল কুমাৰ চন্দাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহ প্ৰেম বিবাহ আছিল আৰু ইয়াৰ তত্বাৱধান কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই কৰিছিল। ১৯৩৪ চনত বম্বেৰ টাটা পেলেচত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত সৰোজিনী নাইডু, আৰ ৰাজগোপালাচাৰী আৰু এছ ৰাধাকৃষ্ণনৰ দৰে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ঠাকুৰৰ মৃত্যুৰ পিছত তেওঁ স্বামীৰ সৈতে দিল্লীলৈ যায় আৰু তাতেই জীৱনৰ ২০ বছৰ অতিবাহিত কৰে ।[8]১৯৫৫ চনত সাংস্কৃতিক দলৰ সদস্য হিচাপে তেওঁ স্বামীৰ সৈতে পূব ইউৰোপ আৰু তেতিয়াৰ ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰে। [1]১৯৭২ চনত শান্তিনিকেতনলৈ উভতি আহি মৃত্যুৰ আগলৈকে শ্যাম্বাতিৰ নিজৰ ঘৰ জিতভুমত থাকে।[8]
পুৰস্কাৰ
[সম্পাদনা কৰক]১৯৫৪ চনত ৰাণী চন্দাই তেওঁৰ ভ্ৰমণ কাহিনী পূৰ্ণকুম্ভৰ বাবে ৰবীন্দ্ৰ পুৰাস্কাৰ লাভ কৰে।কলকাতা বিশ্ববিদ্যালয়য়ে তেওঁক ভূৱন মোহিনী স্বৰ্ণ পদকেৰে সন্মানিত কৰে আৰু সাহিত্যৰ বাবে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি.লিট উপাধি লাভ কৰে।[1]
উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Sengupta, Subodh Chandra. সংসদ বাঙালি চৰিতাভিধান – দ্বিতীয় খণ্ড. সাহিত্য সংসদ.
- ↑ George Allen & Unwin (1943). The International Who's Who 1943–44 (8th সম্পাদনা). প্ৰকাশক London. পৃষ্ঠা. 197.
- ↑ Sarkar, Sebanti. "Print the legends". The Hindu. https://www.thehindubusinessline.com/blink/watch/print-the-legends/article9727808.ece। আহৰণ কৰা হৈছে: 8 March 2019.
- ↑ Rani Chanda, Abanindranath Tagore. Ghorowa. Bhishva Bharati.
- ↑ Bagchi, Suvojit (11 August 2018). "Decoding Tagore through letters". The Hindu. https://www.thehindu.com/news/cities/kolkata/decoding-tagore-through-letters/article24666684.ece। আহৰণ কৰা হৈছে: 11 March 2019.
- ↑ Chanda, Rani. Jenana Fatok. প্ৰকাশক Kolkata: Prakash Bhavan.
- ↑ Chanda, Rani (2014). Pathe-ghāṭe (2. saṃskaraṇa সম্পাদনা). Ananda. ISBN 978-9350404263.
- ↑ 8.0 8.1 Mukhopadhay, Abir (12 November 2016). "শূন্য নীড়". Ananda Bazar Patrika. ABP. https://www.anandabazar.com/supplementary/patrika/the-dilapidated-house-which-depicts-memories-1.512135। আহৰণ কৰা হৈছে: 8 March 2019.